ETV Bharat / bharat

অনলাইন ঋণ এপৰ লুণ্ঠন : হায়দৰাবাদত গ্ৰেপ্তাৰ চীনা লোক - চাইবাৰ

দেশৰ ভিন্ন প্ৰান্তত অব্য়াহত আছে একাংশ ঋণ দিয়া এপলিকেচনৰ লুণ্ঠন । আৰক্ষীৰ চাইবাৰ ক্ৰাইম শাখাই ৰুজু কৰিছে ২৭ টা গোচৰ ।

অনলাইন ঋণ এপৰ লুণ্ঠন : হায়দৰাবাদত গ্ৰেপ্তাৰ চীনা লোক

author img

By

Published : Dec 31, 2020, 5:33 PM IST

নেশ্য়নেল ডেস্ক , ৩১ ডিচেম্বৰ : দেশৰ ভিন্ন প্ৰান্তত অব্য়াহত আছে একাংশ ঋণ দিয়া এপলিকেচনৰ লুণ্ঠন । ভিন্ন প্ৰান্তত ৰুজু হৈছে বহু গোচৰ । হায়দৰাবাদ আৰক্ষীয়ে বুধবাৰে এজন চীনা নাগৰিকৰ সৈতে আন দুজন লোকক গ্ৰেপ্তাৰ কৰা হয় । ২৭ বছৰীয়া এজন চীনা লোকে দেশ এৰি যাবলৈ চেষ্টা চলাওতে দিল্লী বিমান বন্দৰত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । বিভিন্ন লোকক হাৰাশাস্তি কৰা ৪ টাকৈ ঋণ এপ তেওঁৰ তত্বাৱধানতে চলিছিল বুলি আৰক্ষী সূত্ৰই জনাইছে । ইয়াৰ লগে লগে হায়দৰাবাদ আৰক্ষীয়ে ইনষ্টা এপৰ জৰিয়তে লোকক ধাৰ পৰিশোধৰ নামত হাৰাশাস্তি কৰাৰ অভিযোগত ২৭ টা গোচৰত ১৬ জনক গ্ৰেপ্তাৰ কৰে । হায়দৰাবাদ আৰক্ষীয়ে জনোৱা মতে বিত্তীয় লেনদেনৰ প্ৰাৰম্ভিক তদন্তত প্ৰায় ২১,০০০ কোটি টকাৰ ১.৪ কোটি লেনদেনৰ কথা পোহৰলৈ আহিছে ।

আৰক্ষীয়ে জনোৱা মতে ঋণ ল'বলৈ জোৰ দিয়া আৰু ধমক দিবলৈ ব্য়ৱহাৰ কৰা হায়দৰাবাদ, গুৰগাঁও আৰু হাৰিয়ানাৰ কল চেন্টাৰৰ পৰা ২২ ডিচেম্বৰত প্ৰায় ১১ জন লোকক গ্ৰেপ্তাৰ কৰিছে । জানিব পৰা মতে ৪ টা কোম্পানীয়ে এই কল চেন্টাৰসমূহ চলাই আছিল । অন্ধ্ৰপ্ৰদেশৰ কুৰনুল জিলাৰ পৰাও এজন ব্য়ক্তিক গ্ৰেপ্তাৰ কৰা হয় যিজনে কল চেন্টাৰ সমূহ চলাইছিল । বিট কোইনচৰ জৰিয়তে বহু ধনৰ আন্তঃৰাষ্ট্ৰীয় লেনদেনৰ কথাও পোহৰলৈ আহিছে আৰক্ষীৰ তদন্তত ।

আৰক্ষীয়ে জনোৱা মতে যোৱা ৬ মাহত বহুত পৰিমাণৰ ধনৰ লেনদেন হৈছে এই এপ সমূহৰ জৰিয়তে । আৰক্ষীৰ তথ্য়ত পোহৰলৈ আহিছে যে আন এগৰাকী চীনা নাগৰিকো এই অপৰাধৰ লগত জড়িত হৈ আছে যিগৰাকী সম্প্ৰতি বিদেশত আছে ।

শেহতীয়াকৈ তেলেংগানা ৰাজ্য়ত ইনষ্টা এপৰ জৰিয়তে ঋণৰ লেনদেন সম্পৰ্কীয় ঘটনাত ৩ গৰাকীৰ আত্মহত্য়াৰ ঘটনা পোহৰলৈ অহাৰ পিছতে ঋণ দিয়া কোম্পনীসমূহৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে ।

লগতে পঢ়ক : পঞ্জাৱত ম'বাইল টাৱাৰ ধ্বংসক লৈ কঠোৰ ৰাজ্য়পাল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.