ETV Bharat / bharat

ক’ভিড আপডেট : ওড়িশাত JN১ ত আক্ৰান্ত দুজনকৈ লোক - ওড়িশাত JN১

JN1 detected in Odisha : ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড-১৯ ৰ চাব-ভেৰিয়েণ্ট JN১ ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ শেহতীয়া তথ্য অনুসৰি, ওড়িশাত JN১ ত আক্ৰান্ত হৈছে দুজনকৈ লোক ৷

JN1 detected in Odisha
দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱ
author img

By ANI

Published : Jan 5, 2024, 7:25 AM IST

Updated : Jan 5, 2024, 1:43 PM IST

নেশ্যনেল ডেস্ক, ৫ জানুৱাৰী : দেশত ক্ৰমাৎ বৃদ্ধি পাইছে ক’ভিড মহামাৰীৰ প্ৰাদুৰ্ভাৱ ৷ দেশৰ কেবাখনো জিলালৈ ইতিমধ্যে বিয়পিছে ক’ভিড-১৯ ৰ চাব-ভেৰিয়েণ্ট JN১ ভাইৰাছ ৷ শেহতীয়া তথ্য অনুসৰি, বৃহস্পতিবাৰে ওড়িশাত JN১ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে দুজনকৈ লোক ৷ ওড়িশাৰ এগৰাকী জ্যেষ্ঠ বিষয়াই সংবাদ সংস্থা ANI ক সদৰী কৰে এই তথ্য ৷

জ্যেষ্ঠ বিষয়াগৰাকীয়ে উল্লেখ কৰা অনুসৰি, সুন্দৰগড় আৰু ভূৱনেশ্বৰৰ দুজন লোকৰ দেহত ধৰা পৰিছে JN১ ৰ উপস্থিতি ৷ অৱশ্যে এজন ৰোগী কিছু সুস্থ হৈ উঠিছে যদিও আনজন ৰোগী চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে । স্বাস্থ্য সেৱা সঞ্চালক বিজয় কুমাৰ মহপাত্ৰই কয় উল্লেখ কৰা অনুসৰি, JN১ ত আক্ৰান্ত ওড়িশাৰ দুজন লোকৰ ভিতৰত এজন ৰোগীৰ কেৰালা ভ্ৰমণৰ ইতিহাস আছে । অৱশ্যে চিন্তাৰ কোনো কাৰণ নাই ৷ এই সন্দৰ্ভত সকলো দিশ চালি জাৰি চাই থকা হৈছে বুলি তেওঁ ANI ৰ আগত উল্লেখ কৰে ৷

ইফালে, বৃহস্পতিবাৰে লাভ কৰা তথ্য অনুসৰি, দেশত JN১ ত আক্ৰান্ত হৈ আৰু দুজন লোকৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ ক'ভিডত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ কেৰালা আৰু কৰ্ণাটকত এজনকৈ লোক আক্ৰান্ত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সদৰী কৰিছে । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ মতে, JN১ ত আক্ৰান্ত সক্ৰিয় ৰোগীৰ সংখ্যা মুঠ ৪,৪২৩ টা ।

উল্লেখ্য যে, ২০২০ চনৰ জানুৱাৰী মাহত ইয়াৰ প্ৰাদুৰ্ভাৱৰ পাচত ভাৰতত কৰণা ভাইৰাছ ৰোগীৰ মুঠ সংখ্যা ৪,৫০,১৫,৮৯৬ জন হৈছেগৈ । ভাৰতত ক’ভিড-১৯ ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫,৩৩,৩৭৩ লৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক : দেশত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা 4,423; বিগত 24 ঘণ্টাত দুজনৰ মৃত্যু

Last Updated : Jan 5, 2024, 1:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.