ETV Bharat / bharat

সলনি হৈছে ত্ৰিপুৰাৰ ৰাজনৈতিক বতাহ: বিধায়ক পদৰ পৰা পদত্যাগ দুই বিজেপি বিধায়কৰ - ত্ৰিপুৰাত তৃণমূল কংগ্ৰেছৰ জনপ্ৰিয়তা

two-bjp-mlas-in-tripura-resigns-from-mlaship
সলনি হৈছে ত্ৰিপুৰাৰ ৰাজনৈতিক বতাহ: বিধায়ক পদৰ পৰা পদত্যাগ দুই বিজেপি বিধায়কৰ
author img

By

Published : Feb 7, 2022, 12:38 PM IST

Updated : Feb 7, 2022, 1:07 PM IST

12:34 February 07

ত্ৰিপুৰা বিজেপিৰ দুজন বিধায়কে বিধায়ক পদৰ পৰা পদত্যাগ কৰি বিধানসভাৰ অধ্যক্ষক প্ৰদান কৰিলে পদত্যাগ পত্ৰ (BJP MLAs in Tripura resigns from MLAship ) ৷

আগৰতলা, 7 ফেব্ৰুৱাৰী : ত্ৰিপুৰা বিজেপিৰ দুজন বিধায়ক ক্ৰমে সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই বিধায়ক পদৰ পৰা পদত্যাগ কৰি পদত্যাগ পত্ৰ প্ৰদান কৰিছে (Two BJP MLAs in Tripura resigns from MLAship )। তেওঁলোকে বিধানসভাৰ অধ্যক্ষ ৰতন চক্ৰৱৰ্তীৰ সন্মুখত এই পদত্যাগ পত্ৰ দাখিল কৰিছে ।

পদত্যাগ পত্ৰ দাখিল কৰাৰ পিছত এতিয়া বৰ্মন আৰু সাহা নতুন দিল্লী উৰামাৰিবলৈ সাজু হোৱা বুলি জানিব পৰা গৈছে । কিয় বিধায়ক দুগৰাকীয়ে এইদৰে হঠাৎ বিধায়ক পদৰ পৰা পদত্যাগ কৰিলে (BJP MLAs in Tripura resigns from MLAship ) তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই ৷ উল্লেখযোগ্য যে, অনাগত বৰ্ষত ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধান সভা নিৰ্বাচন (Tripura election 2023) ৷ এতিয়া, বিধান সভা নিৰ্বাচনৰ পূৰ্বেই বিধায়ক দুগৰাকীয়ে বিধায়ক পদ ত্যাগ কৰাৰ ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে ৷

মন কৰিব লগীয়া যে, পূৰ্বৰ মানিক সৰকাৰৰ দীঘলীয়া শাসনৰ অন্তত 2018 চনত ত্ৰিপুৰাৰ শাসনৰ মছনদত বহিবলৈ সক্ষম হৈছিল বিপ্লৱদেৱ নেৃতৃত্বাধীন বিজেপি চৰকাৰ (Biplab deb government in Tripura) ৷

পৰৱৰ্তী পৰ্যায়ত দেখা গৈছে যে, ৰাজ্যখনত লাহে লাহে জনপ্ৰিয়তা বৃদ্ধি পাইছে তৃণমূল কংগ্ৰেছৰো ৷ এতিয়া, এনে এটা সময়ত সুদীপ ৰয় বৰ্মন আৰু আশীষ কুমাৰ সাহাই বিধায়ক পদ ত্যাগ কৰা বিষয়টো নিশ্চিতভাৱে হৈ পৰিছে বিপ্লৱদেৱ নেৃতৃত্বাধীন বিজেপি চৰকাৰৰ বাবে এক মোক্ষম আঘাট ৷ অৱশ্যে, দুয়ো এইদৰে বিধায়ক পদ ত্যাগ কৰি কি পন্থা অৱলম্বন কৰে সমাগত সময়ত সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক : AITC to hold block level protest:ত্ৰিপুৰাত ব্লক পৰ্যায়ত প্ৰতিবাদ আৰম্ভ কৰিব তৃণমূল কংগ্ৰেছে

Last Updated : Feb 7, 2022, 1:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.