ETV Bharat / bharat

TSR Jawan kills: সহকৰ্মীৰ গুলীত নিহত ত্ৰিপুৰা ৰাইফলছৰ দুজনকৈ জোৱান - সহকৰ্মীৰ গুলীত নিহত ত্ৰিপুৰা ৰাইফলছৰ দুজনকৈ জোৱান

ত্ৰিপুৰাত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা । সহকৰ্মীয়ে গুলীয়াই হত্যা কৰিলে ত্ৰিপুৰা ৰাজ্যিক ৰাইফলৰ দুগৰাকীকৈ শীৰ্ষ বিষয়াক (TSR jawan kills senior officials in Tripura)। মৃত জোৱানৰ পৰিয়াললৈ চৰকাৰৰ আৰ্থিক সাহায্য ঘোষণা ।

TSR Jawan kills
সহকৰ্মীৰ গুলীত নিহত ত্ৰিপুৰা ৰাইফলছৰ দুজনকৈ জোৱান
author img

By

Published : Dec 4, 2021, 7:43 PM IST

আগৰতলা,৪ ডিচেম্বৰ : ত্ৰিপুৰাত শনিবাৰে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । সহকৰ্মীৰৰ গুলীত নিহত ত্ৰিপুৰা ৰাজ্যিক ৰাইফলৰ (Tripura State Rifle) দুজনকৈ জোৱান (TSR jawan kills senior officials in Tripura)। পুৱা প্ৰায় ৯.৩০ মান বজাত চেপাহিজালা জিলাৰ মধুপুৰ আৰক্ষী থানাৰ অন্তৰ্গত কোনাবান জিচিএছ (ONGC Post)ত সংঘটিত হয় এই ঘটনা । ছুটিৰ আবেদন গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ বাবেই সুকান্ত দাস নামৰ ৰাইফলমেন জনে গুলীয়াই হত্যা কৰে জ্যেষ্ঠ টিএছআৰৰ বিষয়া দুগৰাকীক ।

মৃত জোৱান কেইজন চুবেদাৰ মাৰ্কা সিং জামাতিয়া আৰু উপ-পৰিদৰ্শক কিৰণ জামাতিয়া বুলি জানিব পৰা গৈছে । সূত্ৰৰ মতে, টিএছআৰৰ অভিযুক্ত ৰাইফলমেন সুকান্ত দাসে ছুটীৰ আবেদন জনাইছিল । কিন্তু ছুটীৰ আবেদন অস্বীকাৰ কৰাৰ পাছতে সুকান্ত দাসে গুলীবৰ্ষণ আৰম্ভ কৰে । গুলীত আঘাতপ্ৰাপ্ত চুবেদাৰ মাৰ্কা সিং জামাতিয়াৰ ঘটনাস্থলীতে মৃত্যু হয় ।

আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত উপ-পৰিদৰ্শক কিৰণ জামাতিয়াক আগৰতলাৰ ত্ৰিপুৰা চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় যদিও হাস্পতালত মৃত্যু হয় জোৱানজনৰ । জানিব পৰা মতে অভিযুক্ত ৰাইফলমেন সুকান্ত দাসৰ পত্নী মল্লিকা ৰিয়াং ত্ৰিপুৰাৰ গোমতী জিলাৰ উদয়পুৰ উপ-সংমণ্ডলৰ অন্তৰ্গত আৰ কে পুৰ আৰক্ষী থানাৰ মহিলা কনিষ্টবল ।

গুলীচালনাৰ পাছত অভিযুক্ত সুকান্ত দাসে ঘটনাস্থলীৰ পৰা পলায়ন কৰে আৰু মধুপুৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে । তেওঁক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু জেৰা অব্যাহত আছে । এই ঘটনাৰ পাছতে নিহত জোৱান কেইজনৰ ঘৰত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

এই ঘটনাক লৈ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱেও শোক প্ৰকাশ কৰিছে (Biplab Kumar Dev condoles the death of jawan)। লগতে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ফেচবুক পোষ্টৰ জৰিয়তে জনাই যে মৃত জোৱান কেইজনৰ পৰিয়ালে ডাই-ইন-হাৰনেছ আঁচনিৰ অধীনতো সুবিধা লাভ কৰিব ।

লগতে পঢ়ক :লোভেই পাপ পাপেই মৃত্যু: থানাৰ ল’কআপত কনিষ্টবল বিশ্বাস

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.