ETV Bharat / bharat

ত্ৰিপুৰাত 'অক্সিজেন উদ্যান' নিৰ্মাণ - বিশুদ্ধ বায়ু যোগান

'অক্সিজেন', বৰ্তমান ইয়াৰ মূল্য যেন সঁচা অৰ্থত বুজিছে সমগ্ৰ বিশ্ব তথা দেশবাসীয়ে । এতিয়া মহামাৰীৰ সংকটৰ সময়ত চৌদিশে হাহাকাৰ অক্সিজেনৰ বাবে । এনে সময়তে ত্ৰিপুৰাবাসীক সতেজ বায়ু সেৱনত সহায় কৰিবলৈ এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে বন বিভাগে । ২৯.৬ হেক্টৰ ভূমিত নিৰ্মাণ কৰা হৈছে এখন বিশেষ উদ্যান । শাল গছেৰে ভৰি থকা এই উদ্যানখনত প্ৰাকৃতিকভাৱে লাভ কৰিব অক্সিজেন ।

Tripura's oxygen park
ত্ৰিপুৰাত অক্সিজেন উদ্যান নিৰ্মাণ
author img

By

Published : May 3, 2021, 11:08 AM IST

নেশ্যনেল ডেস্ক, ৩ মে': জীৱনদায়িনী অক্সিজেনৰ বাবে বৰ্তমান প্ৰতি মুহূৰ্ততে যুঁজিবলগীয়া হৈছে মানৱ জাতিয়ে । অক্সিজেনৰ অভাৱৰ বাবে মৃত্যু যন্ত্ৰনাত চটফটাইছে ক'ভিড-১৯ত আক্ৰান্ত ৰোগীয়ে । সমগ্ৰ দেশতে কৰ'ণাই অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে । এই সংকটৰ সময়ত চিকিৎসা অক্সিজেনৰ ব্যৱস্থা কৰাৰ সমান্তৰালকৈ ত্ৰিপুৰাত প্ৰাকৃতিকভাৱেও অক্সিজেন যোগানৰ প্ৰয়াস কৰা হৈছে । ত্ৰিপুৰাৰ বন বিভাগে ৰাজ্যবাসীক বিশুদ্ধ বায়ু যোগানৰ বাবে এখন উদ্যান নিৰ্মাণ কৰি আছে ।

চহৰৰ ভিৰৰ পৰা কিছু নিলগত সতেজ বায়ু গ্ৰহণ কৰি, সুন্দৰ প্ৰাকৃতিক পৰিৱেশত কিছু সময় কটাই মানসিক অৱসাদ দূৰ কৰাৰ বাবে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে । এক বিশেষ সূত্ৰই জানিবলৈ দিয়া মতে, উদ্যানখনক 'অক্সিজেন উদ্যান' নামেৰে নামকৰণ কৰা হ'ব ।

উদ্যানখনৰ প্ৰৱেশদ্বাৰখনে উদ্যানখন নিৰ্মাণৰ স্পষ্ট আভাস দিছে । কিয়নো উদ্যানৰ প্ৰৱেশদ্বাৰ দেখাত হাওঁফাওঁ দৰে আৰু ইয়াক সেউজীয়া গছেৰে নিৰ্মাণ কৰা হৈছে । উদ্যানখন আগৰতলা চহৰৰ পৰা প্ৰায় ৪ কিলোমিটাৰ দূৰত অৱস্থিত । উদ্যানখন শাল গছেৰে ভৰি আছে । ২৯.৬ হেক্টৰ ভূমিত উদ্যানখন নিৰ্মাণ কৰা হৈছে । বন বিষয়া জগত বাহাদুৰ দেৱবাৰ্মাই জনোৱা মতে, উদ্যানখনৰ নিৰ্মাণকাৰ্য প্ৰায় সমাপ্ত হৈছে ।

Tripura's oxygen park
ত্ৰিপুৰাত অক্সিজেন উদ্যান নিৰ্মাণ

আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পিছতে মানুহক প্ৰৱেশ কৰিবলৈ অনুমতি দিয়া হ'ব । উদ্যানখনৰ এফালে বহু সংখ্যক ওখ ওখ শাল গছ । লগতে আছে ত্ৰিপুৰাৰ স্থানীয় প্ৰজাতিৰ নানা ৰঙী অৰ্কিড, জোপোহা গছ, বিভিন্ন প্ৰকাৰৰ বনৌষধি, ফুল আদি । ইয়াৰ উপৰিও, বিভিন্ন প্ৰজাতিৰ চৰাই আৰু পখিলাকে ধৰি সৰু সৰু প্ৰজাতিৰ প্ৰাণী আছে উদ্যানখনত । বন বিষয়া জগত বাহাদুৰ দেৱবাৰ্মাই লগতে কয় যে, উদ্যানখনত "বন স্মাৰক" নামৰ এটা শ্বহীদ বেদী আছে ।

বন আৰু পৰিৱেশ সুৰক্ষাৰ বাবে কৰ্তব্যৰত হৈ প্ৰাণ হেৰুওৱা বন বিভাগৰ সকলো কৰ্মচাৰীৰ স্মৃতিত এই শ্বহীদ বেদী নিৰ্মাণ কৰা হৈছে । ২০২০ চনৰ ১১ ছেপ্টেম্বৰত এই স্বহীদ বেদী নিৰ্মাণ কৰা হৈছিল । উদ্যানখনত থকা এই গছবোৰৰ বিষয়ে পৰ্যটকক অৱগত কৰাৰ বাবে বন বিভাগে গছবোৰত পৃথক কিউ আৰ কোড লগাইছে । শিশুসকলৰ বাবে কিছুমান খেলৰ সামগ্ৰী আৰু যোগ প্ৰদৰ্শনৰ বাবে এক বিশেষ স্থানো আছে এই উদ্যানখনত ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰৰ বাৰামুলাত সেনা জোৱানৰ আত্মহত্যা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.