ETV Bharat / bharat

ৰাজনৈতিক হিংসাৰ জুয়ে দহিছে ত্ৰিপুৰাক - Manik Sarkar

ত্ৰিপুৰা(Tripura)ত ৰাজনৈতিক দলৰ কৰ্মকৰ্তাৰ গুণ্ডাগিৰি । ৰাজ্যখনত চিপিআইএম(CPIM)ৰ মুখ্য কাৰ্যালয় লণ্ড-ভণ্ড কৰিলে একাংশ উদণ্ড লোকে । স্থানীয় সংবাদ গোষ্ঠীৰ কাৰ্যালয়ত প্ৰৱেশ কৰি উদ্ভণ্ডালি কৰে দলটোৱে । এই সমগ্ৰ ঘটনাৰ বাবে চিপিআইএমে জগৰীয়া কৰিছে ভাৰতীয় জনতা পাৰ্টী(BJP)ক ।

Tripura violence
ত্ৰিপুৰাত ৰাজনৈতিক দলৰ কৰ্মকৰ্তাৰ গুণ্ডাগিৰি
author img

By

Published : Sep 9, 2021, 11:41 AM IST

নেশ্যনেল ডেস্ক, ৯ ছেপ্তেম্বৰ : ত্ৰিপুৰা(Tripura)ৰ ৰাজনৈতিক দলবোৰৰ বাবে এতিয়া যেন ৰাজনীতিৰ আন এটা নাম হিংসা । ৰাজনৈতিক দলৰ মাজৰ মতভেদে শান্তি বিঘ্নিত কৰিছে ৰাজ্যখনৰ । ৰাজনৈতিক দলবোৰৰ মাজত বৰ্তমান বিবাদত লিপ্ত হোৱাৰ পৰণতি বাকযুদ্ধতে সীমাৱদ্ধ হৈ থকা নাই । এটা দলৰ কৰ্মীয়ে আনটো দলৰ কৰ্মীক আক্ৰমণ কৰিবলৈও কুণ্ঠাবোধ কৰা নাই ।

Tripura violence
ৰাজনৈতিক হিংসাৰ জুয়ে দহিছে ত্ৰিপুৰাক

সোমবাৰে চেপাহিজালা জিলাৰ অন্তৰ্গত ধনপুৰ বিধানসভা সমষ্টিত চিপিআইএম(CPIM) আৰু বিজেপি(BJP) সমৰ্থকৰ মাজত সৃষ্টি হোৱা সংঘাতত ১২ জনকৈ বিজেপি কৰ্মী আহত হোৱাৰ পাছত বুধবাৰে চিপিআইএমৰ ত্ৰিপুৰাস্থিত মুখ্য কাৰ্যালয় লণ্ড-ভণ্ড কৰে একাংশ লোকে । চিপিআইএমৰ এই ঘটনাৰ বাবে বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ।

কিয়নো, সোমবাৰে ধনপুৰত চিপিআইএমৰ কৰ্মীয়ে বিজেপিৰ কৰ্মীক আক্ৰমণ কৰা ঘটনাৰ গৰিহণা দি বুধবাৰে বিজেপিয়ে "ধিক্কাৰ"(Dhikkar) শীৰ্ষক সমদল উলিয়াইছিল ৷ সেই সময়চোৱাতে বিজেপি সমৰ্থকসকলে কেইবাখনো বাহন জ্বলাই দিয়ে । চিপিআইএমৰ সূত্ৰই উত্থাপন কৰা অভিযোগ অনুসৰি, বিজেপিৰ সমদল মেলাৰমথত উপস্থিত হোৱাৰ পিছতে বিজেপি সমৰ্থকৰ এটা দলে চিপিআইএমৰ মুখ্য কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয় লণ্ড-ভণ্ড কৰে ।

Tripura violence
ৰাজনৈতিক হিংসাৰ জুয়ে দহিছে ত্ৰিপুৰাক

বিজেপি সমৰ্থকসকলে কেইবাখনো চাৰিচকীয়া বাহন আৰু বাইকত অগ্নিসংযোগ কৰে । কেৱল এয়াই নহয়, দলটোৱে চিপিআইএমদলৰ জিলা কাৰ্যালয়ৰ কাষতে থকা স্থানীয় সংবাদ গোষ্ঠীৰ কাৰ্যালয়ত প্ৰৱেশ কৰি কাৰ্যালয়টো তচনচ কৰে ।

দীঘলীয়া সময়ৰ পিছত ত্ৰিপুৰাবাসীয়ে এনে হিংসাত্মক পৰিস্থিতিৰ সাক্ষী হৈছে । ধনপুৰত চিপিআইএমৰ কৰ্মীয়ে সংঘটিত কৰা ঘটনাৰ বিৰোধিতা কৰি আয়োজিত সভাত বিজেপিৰ উপ-সভাপতি ৰাজীৱ ভট্টাচাৰ্যই কয় যে, চিপিআইএমে বিজেপিৰ ৰাজনৈতিক ভাৱমূৰ্তি কলুষিত কৰিবলৈ হিংসাৰ আশ্ৰয় লৈছে । ধনপুৰৰ ঘটনা ত্ৰিপুৰাত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰাৰ বাবে ৰচনা কৰা ষড়যন্ত্ৰৰ এটা অংশ ৷ তেওঁ কয় যে, বিজেপিয়ে বাওঁপন্থী দলটোৰ ষড়যন্ত্ৰ সফল হ'বলৈ নিদিয়ে । বুধবাৰে "ধিক্কাৰ" শীৰ্ষক সমদলত ৰাজীৱ ভট্টাচাৰ্যৰ উপৰিও পপিয়া দত্ত, টংকু ৰয় আৰু কল্যাণী ৰয়কে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতাই অংশ লয় ।

Tripura violence
ৰাজনৈতিক হিংসাৰ জুয়ে দহিছে ত্ৰিপুৰাক

আনহাতে, সংবাদ গোষ্ঠীৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ পাছতে জ্যেষ্ঠ সাংবাদিকসকলে স্থানীয় আৰক্ষী থানাত একত্ৰিত হৈ স্পষ্টীকৰণ বিচাৰে । ইয়াৰ পাছতে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিক আৰু তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰী সংবাদ গোষ্ঠীৰ কাৰ্যালয়ত উপস্থিত হৈ সহায় আগবঢ়োৱাৰ আশ্বাস দিয়ে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ ঘটনাক এক ষড়যন্ত্ৰ আখ্যা দি এই ঘটনাৰ বাবে চিপিআইএমক দোষাৰোপ কৰে ।

আনহাতে, বিৰোধী দলৰ নেতা মাণিক সৰকাৰে(Manik Sarkar) এই ঘটনা সন্দৰ্ভত বিজেপিক তীব্ৰ সমালোচনা কৰি কয় যে, বিজেপি দলৰ কৰ্মকৰ্তাৰ কাণ্ডই প্ৰমাণ কৰিছে যে, শাসকীয় দলটো এতিয়া কিমান হতাশাত ভূগিছে । ৰাজ্যখনৰ কেইবাটাও স্থানত হিংসাত্মক ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে । বুধবাৰে সন্ধিয়া ত্ৰিপুৰাৰ জ্যেষ্ঠ সাংবাদিকৰ এটা প্ৰতিনিধি দলে পশ্চিম আগৰতলা আৰক্ষী থানাত একত্ৰিত হয় ৷ ১২ ঘণ্টাৰ ভিতৰত দোষীক কৰায়ত্ত কৰি কঠোৰ শাস্তিৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক: ত্ৰিপুৰাত CPIM-BJPৰ সমৰ্থকৰ সংঘৰ্ষত ১২জন বিজেপি কৰ্মী আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.