ETV Bharat / bharat

Jal Jeevan Mission in Tripura : ত্ৰিপুৰাত 1238 টা অঞ্চলত খোৱাপানীৰ পাইপ সংযোগ - Drinking Water through pipes in rural areas

ত্ৰিপুৰাৰ খোৱাপানী আৰু অনাময় মন্ত্ৰী সুশান্ত চৌধুৰীয়ে (Drinking Water and Sanitation minister Sushanta Chowdhury Tripura) আজি দাবী কৰে যে চৰকাৰে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ ৮,৭১০ টা অঞ্চলৰ ভিতৰত ১,২৩৮ টা অঞ্চলত পাইপৰ জৰিয়তে খোৱাপানী যোগান ধৰিছে ।

Sushanta Chowdhury
Sushanta Chowdhury
author img

By

Published : Jul 29, 2022, 1:36 PM IST

নিউজ ডেস্ক, ২৯ জুলাই : ত্ৰিপুৰাৰ খোৱাপানী আৰু অনাময় মন্ত্ৰী সুশান্ত চৌধুৰীয়ে (Drinking Water and Sanitation minister Sushanta Chowdhury Tripura) আজি দাবী কৰে যে চৰকাৰে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ ৮,৭১০ টা অঞ্চলৰ ভিতৰত ১,২৩৮ টা অঞ্চলত পাইপৰ জৰিয়তে খোৱাপানী যোগান ধৰিছে (Tripura provides drinking water connection to 1238 localities)।

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত চৌধুৰীয়ে কয় যে ডিডব্লিউএছে (DWS) অহা ডিচেম্বৰৰ ভিতৰত জল জীৱন মিছনৰ (Jal Jeevan Mission) জৰিয়তে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলত বাস কৰা প্ৰতিটো পৰিয়াললৈ পাইপৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগানৰ বাবে যুদ্ধকালীন তৎপৰতাৰে কাম কৰি আছে ।

আজি তেওঁ সংবাদমেলত ৰাজ্যখনত জল জীৱন মিছন ৰূপায়ণৰ ক্ষেত্ৰত এতিয়ালৈকে কামৰ সফলতা আৰু অগ্ৰগতিৰ বিষয়ে বিতং তথ্য প্ৰদান কৰে (information about implementation of Jal Jeevan Mission)। তেওঁ কয় যে জল জীৱন মিছন প্ৰকল্পটো ২০১৯ চনত আৰম্ভ কৰা হৈছিল (Jal Jeevan Mission project launched in 2019) । ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ মুঠ 7,41,945 টা পৰিয়ালৰ ভিতৰত এতিয়ালৈকে প্ৰকল্পটোৰ অধীনত 3,66,233 টা পৰিয়ালক পাইপৰ জৰিয়তে খোৱাপানী প্ৰদান কৰা হৈছে ।

মন্ত্ৰীজনে দাবী কৰে যে ৰাজ্যখনত জল জীৱন মিছন প্ৰকল্প আৰম্ভ হোৱাৰ আগতে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ ২৪,৫০২ টা পৰিয়ালক পাইপযোগে খোৱাপানীৰ সংযোগ প্ৰদান কৰা হৈছিল । "শতাংশৰ হিচাপত এই হাৰ ৩.৩০ শতাংশ । ৰাজ্যখনত ৫২.৬৬ শতাংশৰ সৈতে জল জীৱন মিছন প্ৰকল্প আৰম্ভ হোৱাৰ আগতে আৰু পিছত এতিয়ালৈকে মুঠ ৩,৯০,৭৩৫ টা পৰিয়ালক পাইপৰ জৰিয়তে বিশুদ্ধ খোৱাপানী যোগান ধৰা হৈছে ।" তেওঁ কয় ।

তেওঁ লগতে দাবী কৰে যে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ ৮,৭১০ টা অঞ্চলৰ ভিতৰত এতিয়ালৈকে, 1,238 টা অঞ্চলত 100 শতাংশ ঘৰক পাইপৰ জৰিয়তে খোৱাপানী প্ৰদান কৰা হৈছে (Drinking Water through pipes in rural areas) । তেওঁ কয় যে ৰাজ্যজুৰি মুঠ ১,১৭৬ খন গাঁও পঞ্চায়ত আৰু গাঁও সমিতিৰ ভিতৰত ২৯ খন গাঁও পঞ্চায়ত আৰু গাঁও সমিতিত পাইপৰ জৰিয়তে ১০০ শতাংশ খোৱাপানী উপলব্ধ হৈছে । লগতে খোৱাপানী আৰু অনাময় মন্ত্ৰীগৰাকীয়ে কয় যে বাকী গাঁও পঞ্চায়ত আৰু গাঁও সমিতিসমূহক পাইপৰ জৰিয়তে খোৱাপানীৰ সংযোগ প্ৰদানৰ কাম দ্ৰুত গতিত চলি আছে ।

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে, এতিয়ালৈকে ৰাজ্যখনৰ গ্ৰাম্য অঞ্চলৰ ৩,৪৪৭ খন বিদ্যালয় পাইপৰ জৰিয়তে খোৱাপানীৰ সৈতে সংযুক্ত হৈ আছে (3447 schools in rural areas connected to drinking water) । ইয়াৰ উপৰি এতিয়ালৈকে 4,821 টা অংগনৱাড়ী কেন্দ্ৰত খোৱাপানী প্ৰদান কৰা হৈছে ।

লগতে পঢ়ক :Tripura DGP Appointed : অমিতাভ ৰঞ্জনক ত্ৰিপুৰাৰ নতুন ডিজিপি নিযুক্তি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.