ETV Bharat / bharat

ত্ৰিপুৰাত দুজন এনএলএফটি উগ্ৰপন্থীৰ আত্মসমৰ্পণ

author img

By

Published : Apr 16, 2021, 10:22 PM IST

ত্ৰিপুৰাত দুজন এনএলএফটি উগ্ৰপন্থীৰ আত্মসমৰ্পণ ৷ আত্মসমৰ্পণকাৰী উগ্ৰপন্থী দুজন হৈছে কিশোৰ জামাতিয়া ওৰফে উষা পুত্ৰ আনজন হৈছে যোচেপ জামাতিয়া ৷

two  NLFT cader surrendered in Tripura
ত্ৰিপুৰাত দুজন এনএলএফটি উগ্ৰপন্থীৰ আত্মসমৰ্পণ

ত্ৰিপুৰা , 16 এপ্ৰিল : শুকুৰবাৰে ত্ৰিপুৰাত দুজন এনএলএফটি উগ্ৰপন্থীয়ে ধৰ্মনগৰস্থীত আৰক্ষী অধীক্ষকৰ ওচৰত অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদ লৈ আত্মসমৰ্পণ কৰে ৷ আৰক্ষীয়ে জনোৱা মতে, আত্মসমৰ্পণকাৰী উগ্ৰপন্থী দুজন হৈছে কিশোৰ জামাতিয়া ওৰফে উষা পুত্ৰ আনজন হৈছে যোচেপ জামাতিয়া বুলি চিনাক্ত কৰা হৈছে । কিশোৰ জামাতিয়া এনএলএফটি (বিশ্ব মোহন) গোটৰ এজন সক্ৰিয় সদস্য (লেফটেনেণ্ট) আছিল ।

তেওঁ ২০০১ চনত এনএলএফটি নামৰ সংগঠনত যোগদান কৰিছিল আৰু বাংলাদেশৰ চিটাগং পাহাৰীয়া অঞ্চলৰ হংকং শিবিৰত প্ৰশিক্ষণ লৈছিল । সংগঠনটোত কাম কৰি থকাৰ সময়ত ত্ৰিপুৰাত চিআৰপিএফৰ ওপৰত হোৱা এক আক্ৰমণত সক্ৰিয়ভাৱে জড়িত আছিল, য'ত ১৭ জন চিআৰপিএফৰ জোৱান শ্বহীদ হৈছিল ৷ চাংলাং-ত চিআৰপিএফৰ বাহনত আক্ৰমণ, কমলপুৰৰ অপহৰণৰ দৰে অপৰাধমূলক কাণ্ডত জড়িত আছিল বুলি ত্ৰিপুৰা আৰক্ষীয়ে প্ৰকাশ কৰে ৷

আনহাতে যোচেপ জামাতিয়া হৈছে সংগঠনটোৰ নাগালেণ্ডৰ ডিমাপুৰত থকা শিবিৰৰ টাউন কমাণ্ডাৰ ৷ 2017 চনৰ 17 এপ্ৰিলত জাম্পোই জালা পিএছৰ অধীনত 18 লাখ এমজি এনৰেগা পুঁজিৰ ধন লুণ্ঠনৰো এক গোচৰত জড়িত আছিল যোচেপ জামাতিয়া ৷

লগতে পঢ়ক : পুনৰ তলা ওলমিব শিৱদৌল-তলাতল ঘৰৰ প্ৰৱেশদ্বাৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.