আগৰতলা,30 মাৰ্চ: ত্ৰিপুৰা সংসদীয় সমষ্টিৰ সাংসদ ৰেবাটিয়ে সোমবাৰে চিআৰপিএফ জোৱান মংগৰাম দেৱবৰ্মাৰ শোকসন্তপ্ত পৰিয়ালক ৫ লাখ টকাৰ এখন চেক প্ৰদান কৰে ৷ দেৱবাৰ্মাই কাশ্মীৰৰ বাৰামুলা অঞ্চলত সন্ত্ৰাসবাদীক সাহসেৰে যোগ্য় প্ৰত্যুত্তৰ দি শ্বহীদ হৈছিল ৷
গোমতীৰ জিলা দণ্ডাধীশৰ সৈতে সাংসদগৰাকী অমৰপুৰৰ তাৱীডুত অৱস্থিত শ্বহীদ গৰাকীৰ বাসগৃহ পৰিদৰ্শন কৰে ৷ সংবাদ মাধ্যমৰ সৈতে কথা পাতি তেওঁ কয় যে, মংগৰাম দেৱবৰ্মাৰ ত্যাগত দেশবাসী গৌৰৱান্বিত । দেশবাসীয়ে তেওঁৰ অৱদান কেতিয়াও পাহৰিব নোৱাৰে ৷
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণক লৈ সস্তম অসম আৰক্ষী