ETV Bharat / bharat

ত্ৰিপুৰাত আৰম্ভ হ'ব মাটিবিহীন খেতি পদ্ধতি - Tripura_hydroponic

ত্ৰিপুৰাৰ উদ্যান তথা মাটি সংৰক্ষণ বিভাগে সমগ্ৰ ৰাজ্যতে মাটিবিহীন খেতি আৰম্ভ কৰিবলৈ আগবাঢ়িছে । খেতিৰ এই নতুন প্ৰযুক্তিক হাইড্ৰপনিক বুলি কোৱা হয় ৷ ই এক প্ৰকাৰৰ উদ্যান আৰু হাইড্ৰকালচাৰৰ এক উপসংহতি স্বৰূপ ৷

tripura-introduces-soilless-cultivation
ত্ৰিপুৰাত আৰম্ভ হ'ব মাটিবিহীন খেতি পদ্ধতি
author img

By

Published : Feb 4, 2021, 2:17 PM IST

নিউজ ডেস্ক, 4 ফেব্ৰুৱাৰী : ত্ৰিপুৰাৰ উদ্যান তথা মাটি সংৰক্ষণ বিভাগে সমগ্ৰ ৰাজ্যতে মাটিবিহীন খেতি আৰম্ভ কৰিবলৈ আগবাঢ়িছে । ত্ৰিপুৰাৰ উদ্যান তথা মাটি সংৰক্ষণ বিভাগৰ এয়া এক গুৰুত্বপূৰ্ণ বিকাশ বুলি উল্লেখ কৰিছে সকলোৱে ৷ এয়া শুনিবলৈ অযুক্তিকৰ হ‘ব পাৰে ৷ বহুতে এটা প্ৰশ্ন উত্থাপন কৰিব পাৰে যে,পানী অবিহনে কেনেকৈ খেতি সম্ভৱ,কিন্তু উদ্যান গৱেষণা কেন্দ্ৰ নাগিচেৰাত এই ক্ষেত্ৰত চলি থকা গৱেষণাৰ বিষয়ে অৱগত হ‘লে নিশ্চয় আপুনিও বুজিব পাৰিব যে এয়া সঁচাকৈয়ে সম্ভৱ ৷

tripura-introduces-soilless-cultivation
ত্ৰিপুৰাত আৰম্ভ হ'ব মাটিবিহীন খেতি পদ্ধতি

খেতিৰ এই নতুন প্ৰযুক্তিক হাইড্ৰপনিক বুলি কোৱা হয় ৷ ই এক প্ৰকাৰৰ উদ্যান আৰু হাইড্ৰকালচাৰৰ এক উপসংহতি স্বৰূপ ৷ কৃষিত সমৃদ্ধ বুলি গণ্য কৰা পাঞ্জাৱ,হাৰিয়ানাৰ দৰে ৰাজ্যবোৰে দীৰ্ঘদিন ধৰি এই প্ৰকাৰৰ খেতি কৰি আছে কিন্তু ত্ৰিপুৰাৰ ক্ষেত্ৰত এই পদ্ধতি প্ৰথমবাৰৰ বাবে প্ৰয়োগ কৰা হ‘ব ৷

ইতিমধ্যে নাগিচেৰাৰ উদ্যান গৱেষণা কেন্দ্ৰত ইয়াৰ দুটা গেজেটো স্থাপন কৰা হৈছে । হাইড্ৰপনিক খেতিৰ বাবে এক বিশেষ প্ৰকাৰৰ সঁজুলিৰ প্ৰয়োজন যি স্পষ্টতঃ পানীৰ পাইপেৰে তৈয়াৰ কৰা হয় সৰু পাইপত থকা সৰু সৰু ফুটাবোৰ হৈছে গছপুলি ৰোপণ কৰাৰ স্থান । বিষয়াসকলৰ মতে, দুটা সঁজুলিত ক্ৰমে 20 আৰু 40 টা পুলিৰ ৰোপণৰ ক্ষমতা আছে ৷

লগতে পঢ়ক : ম্যানমাৰত গণতন্ত্ৰ পুনৰুদ্ধাৰৰ বাবে ভাৰত চৰকাৰৰ হস্তক্ষেপ দাবী নেচোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.