ETV Bharat / bharat

নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ টীকাকৰণৰ বাবে বিশেষ পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে - আগৰতলা ক্লাব ফ'ৰাম

ক'ভিডৰ দ্বিতীয় পালি প্ৰতিষেধক নিৰ্দিষ্ট সময়ৰ ভিতৰত সকলো লোককে প্ৰদান কৰাৰ উদ্দেশ্যে কেইবাটাও পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে । টীকাকৰণ প্ৰক্ৰিয়াত ৰাজ্য চৰকাৰক সহযোগ কৰিছে বিভিন্ন ক্লাবসমূহে । ক্লাবসমূহৰ এনে পদক্ষেপক প্ৰশংসা মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱৰ ।

Vaccination
নিৰ্দিষ্ট সময়ত সম্পূৰ্ণ টীকাকৰণৰ বাবে বিশেষ পদক্ষেপ লৈছে ত্ৰিপুৰা চৰকাৰে
author img

By

Published : Nov 9, 2021, 2:23 PM IST

আগৰতলা, ৯ নৱেম্বৰ : দেশত ক'ভিড 19 ৰ (Covid 19) সংক্ৰমণ অব্যাহত আছে । ইয়াৰ মাজতে বিভিন্ন ৰাজ্যই টীকাকৰণ অভিযান দ্ৰুতগতিত চলাই গৈছে । ত্ৰিপুৰা চৰকাৰে টীকাকৰণৰ ক্ষেত্ৰত অধিক তৎপৰতা গ্ৰহণ কৰিছে । ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে (Chief Minister Biplab Kumar Deb) ঘোষণা কৰা মতে, প্ৰতিষেধকৰ প্ৰথম পালিৰ (first dose) দৰে দ্বিতীয় পালি (Second dose) সফলতাৰে সম্পূৰ্ণ কৰাৰ বাবে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে আগৰতলা ক্লাব ফ'ৰামৰ সহযোগত ৰামনগৰ স্প’ৰ্টিং ক্লাবত আয়োজিত এক বিশেষ ক'ভিড টীকাকৰণ কাৰ্যসূচীত উপস্থিত থাকি ৰাজ্যখনৰ টীকাকৰণ অভিযানৰ বিষয়ে উল্লেখ কৰে ৷ ইফালে টীকাকৰণ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আগৰতলা ক্লাব ফ'ৰামকো প্ৰশংসা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰতিগৰাকী নাগৰিকৰ স্বাস্থ্য সুৰক্ষা চৰকাৰৰ প্ৰধান কৰ্তব্য ।

সেই উদ্দেশ্য আগত ৰাখিয়ে ক'ভিড প্ৰতিষেধকৰ (Covid Vaccine) দ্বিতীয় পালি সকলোৰে বাবে উপলব্ধ কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে চৰকাৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে জনোৱা মতে ইতিমধ্যে বিভিন্ন ক্লাববোৰে টীকাকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সহায়ৰ হাত আগবঢ়াইছে ।

মুখ্যমন্ত্ৰীয়ে লগতে কয় যে, যদিও ৰাজ্যখনত ক'ভিডৰ সংক্ৰমণৰ হাৰ নিয়ন্ত্ৰণত আছে তথাপিও কাষৰীয়া কেইবাখনো ৰাজ্যকে ধৰি বিভিন্ন স্থানত ক'ভিড সংক্ৰমণ অব্যাহত আছে । তেওঁ সকলোকে আহ্বান জনাই কয় যে সকলোৱে সঠিক সময়ত টীকাকৰণ কৰাব লাগিব আৰু ক'ভিড বিধি মানি চলিব লাগিব ।

লগতে পঢ়ক : ত্ৰিপুৰাৰ পৌৰ নিগমৰ নিৰ্বাচন : বিজেপি-চিপিআই(এম)ৰ মাজত তীব্ৰ সংঘাত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.