নিউজ ডেস্ক,১৮ ফেব্ৰুৱাৰী: ধন দাবী আৰু মৃত্যুৰ ভাবুকি দি ত্ৰিপুৰা আৰক্ষীৰ জালত পৰিল দুজন লোক। ত্ৰিপুৰা আৰক্ষীৰ অপৰাধ শাখাই বৃহস্পতিবাৰে বিমানবন্দৰ আৰক্ষী থানাত ৰুজু কৰা এটা গোচৰৰ ভিত্তিত ৰঞ্জন নাগ আৰু শিবু মালাকাৰ নামৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে । অতিৰিক্ত ৰাজহুৱা অধিবক্তা বিদ্যুৎ সূত্ৰধৰে বৃহস্পতিবাৰে জনোৱা মতে দুয়োজনৰ লগতে তেওঁলোকৰ কিছুমান সহযোগীৰ বিৰুদ্ধে ধন দাবী ,হত্যাৰ ভাবুকি আৰু বহুটো অপৰাধমূলক কাৰ্যত জড়িত থকাৰ অভিযোগ আছে । উৰিষ্যাৰ এটা কোম্পানীৰ কৰ্মচাৰীসকলক ধন দাবী কৰাৰ অভিযোগত তেওঁলোকৰ লগতে ২১ গৰাকী ব্যক্তিৰ বিৰুদ্ধে বিমানবন্দৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছিল । আইপিচি ধাৰা ৫০৬,৩৮৭ আৰু ৩৪ ৰ অধীনত তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে ।
গ্ৰেপ্তাৰ কৰিয়ে আৰক্ষীয়ে ৰঞ্জন নাগক আদালতত হাজিৰ কৰিছে । ৰঞ্জন নাগক পৰৱৰ্তী ২০ ফেব্ৰুৱাৰীলৈকে তিনি দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে । লগতে গোচৰটোৰ পৰৱৰ্তী শুনানি ২১ ফেব্ৰুৱাৰীত নিৰ্ধাৰণ কৰা হৈছে ।
ইফালে আৰক্ষীয়ে শিবু মালাকাৰক তেওঁৰ অসুস্থতাৰ বাবে আদালতত হাজিৰ কৰিব নোৱাৰিলে আৰু তেওঁক আগৰতলাৰ আইজিএম চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়াৰ পিছতে তেওঁক আৰক্ষীয়ে আদালতত হাজিৰ কৰিব বুলি উল্লেখ কৰে অধিবক্তা সূত্ৰধৰে ।
লগতে পঢ়ক:দিল্লীত কেইবাহাজাৰ গুলীসহ আটক ৬ জন লোক