ETV Bharat / bharat

অৱশেষত নিলম্বন কৰা হ'ল পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ যাদৱক

author img

By

Published : May 3, 2021, 10:55 AM IST

কৰ'ণাৰ নীতি-নিয়ম ধূলিসাৎ কৰাৰ বাবে দৰা কইনাৰ গাত হাত দিয়া পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ যাদৱক পদৰ পৰা নিলম্বন । তেওঁৰ এই আচৰণৰ বাবে তদন্তৰ কৰিবলৈ যাদৱে খোদ নিলম্বন বিচাৰি ৰাজ্যখনৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল । যাদৱে মুখ্য সচিবলৈ প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত চৰকাৰে তেওঁৰ পত্ৰক অনুমোদন জনায় ৰাজ্য চৰকাৰে ।

Tripura_DM
অৱশেষত নিলম্বন পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ যাদৱক

আগৰতলা, ৩ মে': দেশজুৰি কৰ'ণাৰ ভয়ংকৰ সংক্ৰমণৰ মাজতে ত্ৰিপুৰাত এখন বিয়াত দৰা কইনাৰ গাত হাত দিয়া ঘটনাক লৈ সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল । পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেশ যাদৱে বিবাহ অনুষ্ঠানত গৈ কৰ'ণাৰ নীতি-নিয়ম ধূলিসাৎ কৰাৰ বাবে দৰা কইনাৰ গাতো হাত দিছিল আৰু ইয়াৰ পাচতেই শৈলেশ যাদৱক তেওঁৰ পদৰ পৰা অব্যাহতি দিয়া হৈছিল । তাৰ পিছত তেওঁৰ এই আচৰণৰ বাবে তদন্তৰ কৰিবলৈ যাদৱে খোদ নিলম্বন বিচাৰি ৰাজ্যখনৰ মুখ্য সচিবলৈ পত্ৰ প্ৰেৰণ কৰিছিল ।

সোমবাৰে যাদৱে ত্ৰিপুৰাৰ মুখ্য সচিব মনোজ কুমাৰক পত্ৰযোগে দুজনীয়া সদস্য সমিতিৰ দ্বাৰা আৰম্ভ কৰা তদন্তৰ নিৰপেক্ষতা অটুট ৰাখিবলৈ পশ্চিম ত্ৰিপুৰা জিলা দণ্ডাধীশৰ দায়িত্বৰ পৰা তেওঁক অব্যাহতি দিবলৈ কয় ।

বিষয় সন্দৰ্ভত আইন মন্ত্ৰী ৰতন লাল নাথে কয় যে যাদৱে মুখ্য সচিবলৈ প্ৰেৰণ কৰা পত্ৰৰ ভিত্তিত চৰকাৰে তেওঁৰ পত্ৰখন বিবেচনা কৰি তেওঁক সাময়িকভাৱে পদৰ পৰা নিলম্বন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । সম্প্ৰতি উদ্যোগ আৰু বাণিজ্য বিভাগৰ সঞ্চালক ৰভেল হেমেন্দ্ৰ কুমাৰক যাদৱৰ পদত নিযুক্তি দিয়া হৈছে । জিলা দণ্ডাধীশ শৈলেশ যাদৱৰ বিৰুদ্ধে প্ৰতিবাদ কৰা বিজেপি বিধায়ক আশীষ দাসে ত্ৰিপুৰা চৰকাৰৰ এই সিদ্ধান্তৰ পাচত প্ৰতিবাদ প্ৰত্যাহাৰ কৰে আৰু ত্ৰিপুৰা চৰকাৰক ধন্যবাদ জনায় ।

উল্লেখযোগ্য যে, যোৱা ২৬ এপ্ৰিলত সংঘটিত উক্ত ঘটনাটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল । এই ঘটনাৰ পাচতে জিলা দণ্ডাধীশগৰাকীক তেওঁৰ পদৰ পৰা নিলম্বন কৰিবলৈ দাবী জনোৱা হৈছিল । পৰৱৰ্তী সময়ত দণ্ডাধীশগৰাকীয়ে ৰাজ্য চৰকাৰৰ পৰা খোদ নিলম্বন বিচাৰি পত্ৰ প্ৰেৰণ কৰিছিল আৰু তেওঁৰ পত্ৰক অনুমোদন জনায় ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক: ত্ৰিপুৰাৰ নগৰ অঞ্চলত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.