ETV Bharat / bharat

ত্ৰিপুৰাত প্ৰৱেশ নিষিদ্ধ ক'ভিড পজিটিভ ব্যক্তিৰ - ত্ৰিপুৰা স্বাস্থ্য বিভাগ

ত্ৰিপুৰাত প্ৰৱেশ কৰিবলৈ হ'লে দেখুৱাব লাগিব কৰ'ণা নিগেটিভৰ ফলাফল । ৰাজ্যখনত প্ৰৱেশ কৰাৰ ৭২ ঘন্টা পূৰ্বে কৰ'ণাৰ সকলো ৰেল ষ্টেচন, বিমানবন্দৰ, বাছ আস্থান আদিত দেখুৱাব লাগিব । তাৰ পাচতহে ৰাজ্যখনত প্ৰৱেশ কৰিব লাগিব । যদি কোনো ব্যক্তিয়ে ৭২ ঘন্টা পূৰ্বে কৰ'ণাৰ ফলাফল দেখুৱাব নোৱাৰে তেন্তে ৰাজ্য চৰকাৰৰ নিয়ম অনুসৰি, প্ৰৱেশ পথত কৰ'ণা পৰীক্ষা কৰিব লাগিব । অহা ২৪ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম ।

ক'ভিড পজিটিভ ব্যক্তিৰ ত্ৰিপুৰাত প্ৰৱেশ নিষিদ্ধ

author img

By

Published : Apr 22, 2021, 1:12 PM IST

নেশ্যনেল ডেস্ক, ২২ এপ্ৰিল : ক'ভিড-১৯ ৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ত্ৰিপুৰাত প্ৰৱেশ নিষিদ্ধ কৰিছে প্ৰশাসনে । কোনো ব্যক্তি ৰাজ্যখনত প্ৰৱেশ কৰাৰ ৭২ ঘন্টা পূৰ্বে সকলো ৰেল ষ্টেচন, বিমানবন্দৰ, বাছ আস্থান আদিত দেখুৱাব লাগিব কৰ'ণা নিগেটিভৰ ফলাফল । তাৰ পাচতহে ৰাজ্যখনত প্ৰৱেশ কৰিব লাগিব । যদি কোনো ব্যক্তিয়ে ৭২ ঘন্টা পূৰ্বে কৰ'ণাৰ ফলাফল দেখুৱাব নোৱাৰে তেন্তে ৰাজ্য চৰকাৰৰ নিয়ম অনুসৰি, প্ৰৱেশ পথত কৰ'ণা পৰীক্ষা কৰিব লাগিব । অহা ২৪ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই নিয়ম । স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ সঞ্চালক ৰাধা দেববৰ্মাই জনায় এই কথা । ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে লোৱা এই সিদ্ধান্ত সকলো ৰাজ্যলৈ এই নিৰ্দেশৰ একো একোটা পত্ৰ ইতিমধ্য প্ৰেৰণ কৰা হৈছে ।

ক'ভিড পজিটিভ ব্যক্তিৰ ত্ৰিপুৰাত প্ৰৱেশ নিষিদ্ধ
ক'ভিড পজিটিভ ব্যক্তিৰ ত্ৰিপুৰাত প্ৰৱেশ নিষিদ্ধ

ক'ভিড সম্পৰ্কত বুধবাৰে ত্ৰিপুৰাৰ চৰকাৰী স্বাস্থ্য কেন্দ্ৰ জিবিপি চিকিৎসালয়ত এখন উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত কৰা হয় । উক্ত বৈঠকত অতিমাৰীবিধক কিদৰে প্ৰতিহত কৰিব পাৰি সেই সম্পৰ্কে আলোচনা কৰা হয় । সূত্ৰ অনুসৰি, ত্ৰিপুৰাৰ বিত্ত যুটীয়া সচিব ড০ বিশাল কুমাৰে ৰাজ্যখনত অক্সিজেন চিলিণ্ডাৰ উপলব্ধ কৰাৰ বাবে পৰিকল্পনা প্ৰশিক্ষণৰ বিষয়ে আলোচনা কৰে । উক্ত চিকিৎসালয়ত বিভিন্ন সঁজুলি সংৰক্ষণৰ বাবে এটা নতুন ৱেৰহাউচ স্থাপন কৰা হ'ব আৰু শীঘ্ৰেই অক্সিজেন চিলিণ্ডাৰ অৰ্ডাৰ কৰি ইয়াত সংৰক্ষণ কৰা হ'ব ।

ইফালে, ৰাজ্যখনত উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে ক'ভিড-১৯ ত আক্ৰান্তৰ সংখ্যা । যোৱা ২৪ ঘণ্টাত মুঠ ২,৯৩২ টা স্ৱাব নমুনা পৰীক্ষা কৰা হৈছে । ইয়াৰে ভিতৰত ৯২ টা নতুন ঘটনা পোহৰলৈ আহিছে । চলিত বৰ্ষৰ আটাইতকৈ বেছি সংখ্যক লোক মংগলবাৰৰ দিনটোত ক'ভিড-১৯ ত আক্ৰান্ত হৈছে ।

লগতে পঢ়ক: ক’ভিডত প্ৰাণ হেৰুৱালে সীতাৰাম য়েচুৰীৰ পুত্ৰই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.