ETV Bharat / bharat

ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন

author img

By

Published : Apr 22, 2021, 8:46 PM IST

Updated : Apr 22, 2021, 10:03 PM IST

ত্ৰিপুৰাত চৰকাৰী ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন ৷ পলাতক সকল আছিল মধ্য প্ৰদেশ, বিহাৰ, ৰাজস্থান আদিৰ পৰা ৰাজ্য়খনলৈ অহা লোক ৷

Tripura_Covid_patient escaped

আগৰতলা,22 এপ্ৰিল : ত্ৰিপুৰাত চৰকাৰী ক’ভিড কেয়াৰ কেন্দ্ৰত ভৰ্তি হোৱাৰ পৰাই 31 জন ক’ভিড আক্ৰান্ত বৃহস্পতিবাৰে পুৱতি নিশা পলায়ন কৰে । আৰক্ষীয়ে জনায় যে, পলাই যাবলৈ সফল হোৱা লোক সকল আছিল ৰাজ্যখনৰ বাহিৰৰ পৰা অহা ।

"আমি ৰে'ল ষ্টেচন, বাছ আস্থান আৰু অন্যান্য অঞ্চলসমূহক ঘটনাটোৰ বিষয়ে অৱগত কৰি তীব্ৰ সতৰ্কতা অৱলম্বন কৰিছো ", এছডিপিঅ' আমতালী অনিৰ্বাণ দাসে কয় এইদৰে ৷ পলাতক লোক সকলৰ পলায়ন সম্পৰ্কে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কয়, এই বিষয়টোৰ তদন্ত চলি আছে আৰু স্বাস্থ্য কেন্দ্ৰৰ প্ৰৱেশদ্বাৰত পৰ্যাপ্ত নিৰাপত্তা আছে কিন্তু,পলাতক লোকসকলে কেন্দ্ৰটোৰ পিছফালৰ খিৰিকী ভাঙি পলায়ন কৰে। "আমি তাত কোনো নিৰাপত্তাৰক্ষী মোতায়েন কৰা নাছিলো কিয়নো, কেন্দ্ৰটোৰ পিছৰচোৱা ইতিমধ্যে সীমাৰে আবৃত হৈ আছে। তেওঁলোকে আমাৰ নিৰাপত্তা ব্যৱস্থাক অনুসৰণ কৰি যথেষ্ট পৰিকল্পনা অনুসৰি এই কাম কৰিছে" এইদৰে কয় আৰক্ষী বিষয়া গৰাকীয়ে ।

ক’ভিড কেয়াৰ কেন্দ্ৰৰ খিৰিকী ভাঙি 31 জন ক’ভিড আক্ৰান্তৰ পলায়ন

বৃহস্পতিবাৰে সন্ধিয়াৰ পিছত, পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশ শৈলেস কুমাৰ যাদৱে নিশ্চিত কৰে যে, ক’ভিড কেয়াৰ কেন্দ্ৰৰ পৰা পলাই যোৱা সকলো লোক উত্তৰ প্ৰদেশ, বিহাৰ, ৰাজস্থান, মধ্য প্ৰদেশ আৰু বংগৰ দৰে ৰাজ্য সমূহৰ পৰা অহা লোক আছিল ৷ এইসকলে ত্ৰিপুৰা ষ্টেট ৰাইফলৰ নিযুক্তি ৰেলীত অংশগ্ৰহণ কৰিবলৈ ৰাজ্য খনলৈ গৈছিল। তেওঁৰ মতে, আৰক্ষীয়ে এই লোক সকলক বিচাৰি উলিয়াবলৈ সফল হৈছে আৰু তেওঁলোকৰ বৰ্তমানৰ অৱস্থান অনুসৰি, তেওঁলোকে ত্ৰিপুৰাৰ সীমা অতিক্ৰম কৰিছে।

আৰক্ষীৰ সূত্ৰই লগতে প্ৰকাশ কৰে যে, ঘটনাটো সংঘটিত হোৱাৰ পিছৰে পৰা আগৰতলা ৰেল ষ্টেচনৰ পৰা দুখন ৰেল ৰাওনা হৈছে আৰু তেওঁলোক সকলোৱে শিলচৰ আৰু শিয়ালদাহ অভিমুখে যোৱা যিকোনো ৰেলত উঠি পলায়ন কৰিছে।

"যোৱা ২১ এপ্ৰিলত সমাপ্ত হোৱা টিএছআৰ নিযুক্তি ৰেলীত অংশগ্ৰহণ কৰিবলৈ মধ্য প্ৰদেশ, বিহাৰ, ৰাজস্থান আদিৰ পৰা বহু লোক আহিছিল। তাত কৰা ক’ভিড পৰীক্ষাত মুঠতে ৪৬ জন লোকক ক’ভিড আক্ৰান্ত অৱস্থাত পোৱা গৈছিল। ইয়াৰ পিছত তেওঁলোকক এডি নগৰ আগৰতলাৰ পিআৰটিআই ভৱনলৈ আইচ’লেছনত প্ৰেৰণ কৰা হৈছিল। তেওঁলোকৰ ভিতৰত, 31 জন ৰোগীয়ে খিৰিকী ভাঙি চৌহদৰ পৰা পলায়ন কৰে ।অৱশেষত কেন্দ্ৰটোত নিযুক্ত বিষয়াসকলে ৰাতিপুৱাৰ আহাৰ পৰিৱেশন কৰোঁতে ঘটনাৰ উমান পায় ", জিলা দণ্ডাধীশ গৰাকীয়ে এইদৰে কয়। "আমি আমাৰ সৈতে পঞ্জীয়ন কৰা ম'বাইল নম্বৰৰ জৰিয়তে ইতিমধ্যে তেওঁলোকক বিচাৰি উলিয়াইছো । তেওঁলোক সকলোৱে ইতিমধ্যে ত্ৰিপুৰাৰ সীমা অতিক্ৰম কৰিছে। ইতিমধ্যে সংশ্লিষ্ট ৰাজ্যসমূহক এই বিষয়ে অৱগত কৰা হৈছে আৰু তেওঁলোকক তাত আইচ’লেছনত ৰখা হ'ব। স্থানীয় আৰক্ষী থানাত নিৰ্দিষ্ট গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী সময়ত আইন অনুসৰি পদক্ষেপ হাতত লোৱা হ'ব", জিলা দণ্ডাধীশ যাদৱে লগতে কয় এইদৰে ।

লগতে পঢ়ক : ক'ভিড পৰীক্ষাৰ ভয়ত শিলচৰ বিমানবন্দৰৰ পৰা পলায়ন ৩০০ যাত্ৰীৰ

Last Updated : Apr 22, 2021, 10:03 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.