ETV Bharat / bharat

শিশুৰ ক্ষেত্ৰত কৰ'ণাৰ প্ৰভাৱ কম: ইণ্ডিয়ান একাডেমী অব পেডিয়াট্ৰিক্স - no children with covid in tripura

ত্ৰিপুৰাৰ ইণ্ডিয়ান একাডেমী অৱ পেডিয়াট্ৰিক্স আৰু ক'ভিড মেনেজমেণ্ট টাস্ক ফ'ৰ্চৰ মতে কৰ'ণাত আক্ৰান্ত হোৱা শিশুসকলক লৈ কৰা এক অধ্যয়ন অনুসৰি ভাইৰাছবিধ শিশুৰ ক্ষেত্ৰত কম মাৰাত্মক ।

Tripura Covid Children
শিশুৰ ক্ষেত্ৰত কৰ'ণাৰ প্ৰভাৱ কম
author img

By

Published : Jun 1, 2021, 1:10 PM IST

আগৰতলা,১ জুন: ত্ৰিপুৰাৰ ইণ্ডিয়ান একাডেমী অব পেডিয়াট্ৰিক্স আৰু ক'ভিড মেনেজমেণ্ট টাস্ক ফ'ৰ্চৰ বিশেষ আহ্বান ৰাজ্যবাসীলৈ । শিশুসকলৰ দেহত ক'ভিড সংক্ৰমণৰ ক্ষেত্ৰত আতংকিত নহ'বলৈ আহ্বান ৰাজ্যবাসীক । কিয়নো কৰ'ণাত আক্ৰান্ত হোৱা শিশুসকলক লৈ কৰা এক অধ্যয়ন অনুসৰি ভাইৰাছবিধ শিশুৰ ক্ষেত্ৰত কম মাৰাত্মক হিচাপে পৰিচিত হৈছে ৷

টাস্ক ফ'ৰ্চৰ অন্যতম সদস্য ড৹ সঞ্জীৱ কুমাৰ দেৱবৰ্মাই কয় যে তেওঁলোকে অধিক বিপদৰ আশংকাত থকা বুলি সন্দেহ কৰা শিশুসকলক লৈ পৰীক্ষা কৰি আছে । কোনো এটা পৰিয়ালৰ অভিভাৱক যদি আক্ৰান্ত হয় সেই পৰিয়ালবোৰৰ সন্তানক সৰ্বাধিক অগ্ৰাধিকাৰ দি পৰীক্ষা কৰা হৈছে । আক্ৰান্ত বুলি ধৰা পৰাৰ পিছত শিশুসকলক তেওঁলোকৰ পিতৃ-মাতৃৰ সৈতে ঘৰত কোৱাৰেণ্টাইনত ৰখা হয় ।

তেওঁ সকলোকে উদ্দেশ্যি কয় যে, শিশুৰ স্বাস্থ্যৰ ওপৰত ক'ভিডৰ প্ৰভাৱ অতি কম পোৱা যায় । হাঁওফাঁওত ভাইৰাছ বিয়পাৰ অন্যতম কাৰক ৰিচেপ্টৰবোৰ শিশুৰ শৰীৰত অনুন্নত । সেয়েহে বেছিভাগ ক্ষেত্ৰত ভাইৰাছৰ প্ৰভাৱ ট্ৰেকিয়াৰ ওপৰৰ ফালে সীমাবদ্ধ থাকে । তাৰ মাজত কিছুমান ব্যতিক্ৰমী ঘটনা আছে য'ত কিছু কোমৰ্বিডিটিৰ বাবে ৰোগীৰ স্বাস্থ্যৰ অৱস্থা ইমিউনো কম্প্ৰমিছ কৰা হয় আৰু তাৰ পিছত ভাইৰাছৰ প্ৰভাৱ গুৰুতৰ হ'ব পাৰে । ড৹ দেৱবৰ্মনে লগতে কয় যে সমগ্ৰ দেশৰ শিশুৰ মাজত কেৱল ১ ৰ পৰা ৩ শতাংশ ঘটনা পোহৰলৈ আহিছে ।

শিশুসকলৰ মাজত সংক্ৰমণৰ মোকাবিলা কৰাৰ বাবে কোনো বিশেষ ৰণনীতি গ্ৰহণ কৰা হ'ব নেকি বুলি সোধাত তেওঁ কয় যে শিশুকে ধৰি আন ৰোগী ভৰ্তি হোৱাৰ আগতে ৰেপিড এণ্টিজেন পৰীক্ষা বাধ্যতামূলক কৰা হৈছে । শিশুৰ পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰি বিশেষ যত্নৰ ব্যৱস্থা কৰা হ'ব । লগতে তেওঁ কয় যে ত্ৰিপুৰাত এতিয়ালৈ ক'ভিডত কোনো শিশুৰ মৃত্যু হোৱা নাই যাৰ বাবে এয়া ৰাজ্যখনৰ বাবে ভাল লক্ষণ ।

লগতে পঢ়ক: ৪৫-৬০ বছৰীয়া লোকৰ টীকাকৰণঃ দেশৰ ভিতৰতে শীৰ্ষত আছে ত্ৰিপুৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.