ETV Bharat / bharat

ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি সন্দৰ্ভত ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ সুদীপ ৰয় বৰ্মনৰ

author img

By

Published : Aug 19, 2022, 5:04 PM IST

কংগ্ৰেছৰ অভিযোগ অনুসৰি ত্ৰিপুৰাৰ আইন শৃংখলা পৰিস্থিতি অধিক অৱনতি ঘটিছে । যাৰ বাবে কংগ্ৰেছ নেতা সুদীপ ৰয় বৰ্মনে বৃহস্পতিবাৰে ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰে (Congress leader Sudip Roy Barman meets Tripura DGP)। সঞ্চালক প্ৰধানগৰাকীক কেইবাটাও বিষয় উত্থাপন কৰে নেতাগৰাকীয়ে ।

tripura
আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ সুদীপ ৰয় বৰ্মনৰ

আগৰতলা,১৯ আগষ্ট : ত্ৰিপুৰাত আইন শৃংখলা পৰিস্থিতিৰ (Law and order situation in Tripura) অৱনতি হোৱাৰ অভিযোগ কংগ্ৰেছ দলৰ । ইতিমধ্যে কংগ্ৰেছ দলে বিভিন্ন ধৰণৰ অভিযোগ কৰাৰ উপৰিও বৃহস্পতিবাৰে বিজেপিৰ প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ কংগ্ৰেছ বিধায়ক সুদীপ ৰয় বৰ্মনে ত্ৰিপুৰাৰ আৰক্ষী সঞ্চালক প্ৰধানক সাক্ষাৎ কৰে (Sudip Roy Barman meets DGP)। কংগ্ৰেছ নেতাগৰাকীয়ে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ৰাজ্যখনৰ আইন শৃংখলা পৰিস্থিতিৰ অৱনতি হোৱাক লৈ উদ্বেগ প্ৰকাশ কৰে । লগতে একাংশ আৰক্ষীয়ে অপৰাধীক ৰঙা দলিচা পাৰি দিয়া বুলিও সঞ্চালক প্ৰধানগৰাকীক অৱগত কৰে ।

আগৰতলাৰ ত্ৰিপুৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই অহাৰ সময়ত ৰয় বৰ্মনে কয় যে তেওঁ ১৯৯৩ চনৰ পৰা আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক ভালদৰে জানে । সেয়ে তেওঁক ব্যক্তিগতভাৱে সাক্ষাৎ কৰাৰ উদ্দেশ্যে আহিছে । অৱশ্যে এই সাক্ষাৎ অনানুষ্ঠানিক আছিল বুলি তেওঁ উল্লেখ কৰে ।

তেওঁ লগতে কয় যে যোৱা ১১ আগষ্টত বিজেপি মন্ত্ৰী সুশান্ত চৌধুৰীৰ মজলিশপুৰ বিধানসভা সমষ্টিত কংগ্ৰেছৰ এক অনুষ্ঠানত সংঘটিত হোৱা আক্ৰমণৰ বিষয়েও তেওঁ সঞ্চালক প্ৰধানগৰাকীক অৱগত কৰিছে । শেহতীয়াকৈ তেওঁক হত্যাৰ ভাবুকি দিয়া বিষয়টোও সঞ্চালক প্ৰধানগৰাকীক অৱগত কৰিছে ।

তেওঁ অভিযোগ কৰা মতে আৰক্ষী কৰ্মীৰ এটা অংশই গুণ্ডা বাহিনীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি কাম কৰি আহিছে । এই বিষয়বোৰো তেওঁ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীক অৱগত কৰা বুলি উল্লেখ কৰে । ইফালে ৰাজনৈতিক দলসমূহক ৰেলী বা অনুষ্ঠানৰ অনুমতি নিদিয়া বিষয়টোও সঞ্চালক প্ৰধানগৰাকীক অৱগত কৰে কংগ্ৰেছ নেতাগৰাকীয়ে । কংগ্ৰেছ নেতাগৰাকী আশাবাদী যে তেওঁ উত্থাপন কৰা বিষয়সমূহ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে গুৰুত্ব সহকাৰে ল'ব ।

লগতে পঢ়ক:দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াৰ বাসগৃহত চিবিআইৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.