ETV Bharat / bharat

ৰাইজক বিনামূলীয়া ৰেচনৰ দাবী ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ

author img

By

Published : May 19, 2021, 1:40 PM IST

কৰ'ণা জটিল পৰিস্থিতিৰ মাজত ৰেচন কাৰ্ড নথকা দুখীয়া পৰিয়ালক খাদ্য সামগ্ৰী বিতৰণৰ আহ্বান ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ । অন্যান্য পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালবোৰ চিনাক্ত কৰি ৰাজহুৱাভাৱে খাদ্য সামগ্ৰী বিতৰণৰো আহ্বান প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তাপস দে'ৰ ।

ৰাইজক বিনামূলীয়া ৰেচনৰ দাবী ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ
ৰাইজক বিনামূলীয়া ৰেচনৰ দাবী ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ

ত্ৰিপুৰা,১৯ মে': সমগ্ৰ দেশৰ লগতে ত্ৰিপুৰাৰ ভিন্ন প্ৰান্ততো কৰ'ণা সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে । ইতিমধ্যে সমগ্ৰ ৰাজ্যতে নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে । ঠায়ে ঠায়ে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে প্ৰশাসনে । এনে জটিল পৰিস্থিতিৰ মাজতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ বিশেষ আহ্বান চৰকাৰক । ৰেচন কাৰ্ড নথকা দুখীয়া পৰিয়ালকো খাদ্য সামগ্ৰী বিতৰণৰ আহ্বান প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি তাপস দে'ৰ ।

অন্যান্য পৰিচয় পত্ৰ যেনে আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড আদিৰ জৰিয়তে দৰিদ্ৰ পৰিয়ালবোৰ চিনাক্ত কৰি ৰাজহুৱাভাৱে খাদ্য সামগ্ৰী বিতৰণৰো আহ্বান জনাই জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে । এই দাবীসমূহৰ বিষয়ে আলোচনাৰ বাবে উপ-সভাপতিগৰাকীসহ কংগ্ৰেছৰ এটা দলে পশ্চিম ত্ৰিপুৰাৰ উপায়ুক্ত ৰাভেল হামেন্দ্ৰ কুমাৰক সাক্ষাৎ কৰে । লগতে দাবীসমূহ উল্লেখ কৰি এক স্মাৰক পত্ৰ প্ৰদান কৰে উপায়ুক্তগৰাকীক । ইফালে উক্ত দাবীসমূহৰ উপৰিও দৰিদ্ৰ সীমাৰেখাৰ লোকসকলক ক'ভিড পৰিস্থিতিৰ সময়ত ৬,০০০ কৈ টকা প্ৰদান কৰিবলৈও দাবী জনায় ।

উপায়ুক্ত গৰাকীক সাক্ষাৎ কৰাৰ পিছতে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ উপ-সভাপতি গৰাকীয়ে তেওঁলোকৰ দাবীসমূহৰ বিষয়ে উল্লেখ কৰে । তেওঁ জনোৱা মতে উপায়ুক্ত গৰাকীয়ে দাবীসমূহৰ বিষয়ে শীৰ্ষ পৰ্যায়ত আলোচনা কৰাৰ আশ্বাস প্ৰদান কৰিছে ।

লগতে পঢ়ক: অসম ৰাইফলছৰ প্ৰশংসনীয় পদক্ষেপ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.