আগৰতলা,২০ মে': ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক সাহাই শুকুৰবাৰে জিবি পন্ট হাস্পতালখন পৰিদৰ্শন কৰে(Tripura CM Manik Saha visits GB Pant Hospital) । চিকিৎসালয়খন পৰিদৰ্শন কৰি চিকিৎসক আৰু প্ৰশাসনিক কৰ্তৃপক্ষক জিবি পন্ট চিকিৎসালয়ৰ নিম্নতম সেৱা আৰু অধিক বৃদ্ধি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে(Tripura CM orders minimum service and enhancement of GB Pant Hospital) । চিকিৎসালয়খন পৰিদৰ্শনৰ পাছতে চিকিৎসালয় কৰ্তৃপক্ষৰে এখন বৈঠকতো মিলিত হয় মুখ্যমন্ত্ৰীগৰাকী ।
বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, চিকিৎসালয়খনৰ আন্তঃগাঁথনি বৰ্তমান ভাল অৱস্থাত আছে । গতিকে চিকিৎসকসকলে চিকিৎসালয়ত উন্নত স্বাস্থ্যসেৱা প্ৰদান কৰাৰ দায়িত্ব ল'ব লাগিব । নিম্নতম সেৱাসমূহ উন্নত কৰাৰ কথা উল্লেখ কৰি ৰোগী সকলে যাতে মজিয়াত শুব নালাগে তাৰ প্ৰতিও কৰ্তৃপক্ষক গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ দিয়ে ।
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে চিকিৎসালয় কৰ্তৃপক্ষক পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে । চিকিৎসালয়খনৰ নিয়মীয়া চাফাই, ৰোগীৰ স্বাস্থ্যৰ সঠিক যতন ইত্যাদিৰ ক্ষেত্ৰত মনোযোগ দিবলৈ পৰামৰ্শ প্ৰদান কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ক’লে, এই চিকিৎসালয়খনৰ বাবে বৃহৎ পৰিমাণৰ ধন ব্যয় কৰা হৈছে । এনেক্ষেত্ৰত আন্তঃগাঁথনি ভাল হ'লেও তত্বাৱধান গুৰুত্বপূৰ্ণ ।
তেওঁ লগতে উল্লেখ কৰে যে উন্নত চিকিৎসা লাভৰ বাবে ৰাজ্যৰ বাহিৰলৈ যোৱা ৰোগীসকলৰ সংখ্যা বিগত দিনবোৰৰ তুলনাত হ্ৰাস পাইছে । তেনে ক্ষেত্ৰত জিবিপি চিকিৎসালয়খনে যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে । মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছত মানিক সাহাই প্ৰথবাৰৰ বাবে আগৰতলা চৰকাৰী চিকিৎসা মহাবিদ্যালয় আৰু জিবিপি চিকিৎসালয় ভ্ৰমণ কৰে ৷
বৈঠকত স্বাস্থ্য বিভাগৰ প্ৰধান সচিব জে কে সিনহা, উচ্চ পদস্থ বিষয়া, জিবিপি চিকিৎসালয়ৰ অধীক্ষক আৰু বিভিন্ন বিভাগৰ দায়িত্বত থকা চিকিৎসকসকলো উপস্থিত আছিল । লোক নিৰ্মাণ বিভাগকে ধৰি বহুকেইটা বিভাগৰ বিষয়াসকলেও এই বৈঠকত অংশগ্ৰহণ কৰে । বৈঠকত স্বাস্থ্য বিভাগৰ বিষয়াসকলে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয় আৰু জিবিপি চিকিৎসালয়ৰ বৰ্তমানৰ আন্তঃগাঁথনিৰ ওপৰতো মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে আলোচনা কৰে ।
লগতে পঢ়ক: শিলঘাটৰ খহনীয়া ৰোধৰ বাবে এডিবিৰ 3,700 কোটি