ETV Bharat / bharat

বিএছএফৰ গুলীত নিহত চোৰাং গৰু সৰবৰাহকাৰী - bsf killed bappa miah, a cattle smuggler on saturday

উত্তৰ ত্ৰিপুৰা জিলাৰ কাদমতলা অঞ্চলৰ অন্তৰ্গত ইয়াকুবনগৰ সীমান্তত বিএছএফৰ হাতত নিহত হয় এজন বাংলাদেশৰ চোৰাং গৰু ব্যৱসায়ী । নিহত বাপ্পা মিয়া নামৰ চোৰাং ব্যৱসায়ী জনৰ বিৰুদ্ধে সীমান্তত বিভিন্ন চোৰাং কাৰ্যকলাপ সন্দৰ্ভত গোচৰ ৰুজু হৈ আছিল । ঘটনাস্থলীৰ পৰা বিএছএফ আৰু আৰক্ষীয়ে চোকা অস্ত্ৰ আৰু ফেঞ্চিং কাটাৰ মেচিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

বিএছএফৰ গুলীত নিহত গৰুৰ চোৰাং সৰবৰাহকাৰী

author img

By

Published : Mar 21, 2021, 1:20 PM IST

নেশ্যনেল ডেস্ক,২১ মাৰ্চ: অসম-বাংলাদেশ সীমান্তত কঠোৰ হৈছে বিএছএফ বাহিনী । সীমান্তত বিভিন্ন চোৰাং সৰবৰাহৰ ক্ষেত্ৰত অভিযান অব্যাহত ৰাখিছে সীমান্তত নিয়োজিত বিএছএফ বাহিনীয়ে । শনিবাৰে পুৱা উত্তৰ ত্ৰিপুৰা জিলাৰ কাদমতলা অঞ্চলৰ অন্তৰ্গত ইয়াকুবনগৰ সীমান্তত বিএছএফৰ হাতত নিহত হয় এজন বাংলাদেশৰ গৰুৰ চোৰাং ব্যৱসায়ী । বাপ্পা মিয়া নামৰ চোৰাং ব্যৱসায়ী জনৰ বিৰুদ্ধে সীমান্তত বিভিন্ন চোৰাং কাৰ্যকলাপ সন্দৰ্ভত গোচৰ ৰুজু হৈ আছিল । বাংলাদেশৰ মৌলবী বজাৰ অঞ্চলৰ পৰা আহি সীমান্তৰে গৰুৰ চোৰাং সৰবৰাহ কৰি থকাৰো অভিযোগ আছে বাপ্পা মিয়াৰ বিৰুদ্ধে ।

বি এছ এফৰ মতে শনিবাৰে বিএছএফৰ ইয়াকুবনগৰ সীমান্ত আউটপোষ্টৰ অধীনৰ এটা অঞ্চলত বৃহৎ গৰু সৰবৰাহকাৰী এটা দল একগোট হৈছিল । ১০-১২ জনীয় দলটো দুয়োখন দেশৰ সীমান্তত বিভক্ত হৈ আছিল । যেতিয়া তেওঁলোকৰ এটা দলে আইবিবি ফেঞ্চিং কাটিবলৈ আৰম্ভ কৰিছিল বিএছএফে বাধা দিছিল আৰু তেওঁলোকক খেদি গৈছিল । সেইসময়তে গৰু সৰবৰাহকাৰী চক্ৰটোৱে বিএছএফক আক্ৰমণ কৰিছিল আৰু বিএছএফৰ ফালে শিল নিক্ষেপ কৰিছিল ।

আত্মৰক্ষাৰ বাবে বিএছএফৰ এগৰাকী জোৱানে তেওঁৰ পিএজি (পাম্প একচন গান)ৰ পৰা দুটা ৰাউণ্ড গুলী চালনা কৰিবলৈ বাধ্য হয় । বাপ্প মিয়া এই গুলীৰ দ্বাৰা আঘাতপ্ৰাপ্ত হৈ মৃত্যু হয় ।

গৰু সৰবৰাহকাৰী দলটোৰ বাকী সদস্য পলাই যাবলৈ সক্ষম হয় যদিও ঘটনাস্থলীৰ পৰা বিএছএফ আৰু আৰক্ষীয়ে চোকা অস্ত্ৰ আৰু ফেঞ্চিং কাটাৰ মেচিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনাত নিহত বাপ্পা মিয়াৰ মৃতদেহ ইতিমধ্যে আৰক্ষীক হস্তান্তৰ কৰিছে বিএছএফে ।

লগতে পঢ়ক:শূন্য আদালত: উচ্চ বিচাৰ বিভাগত ৪০ শতাংশ পদ খালী থকাৰ বাবে ন্যায় প্ৰদান প্ৰক্ৰিয়া বিলম্বিত হৈছে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.