ETV Bharat / bharat

বিজেপি-আই পি এফ টিৰ আসনৰ ভাগ-বটোৱাৰা সম্পূৰ্ণ - ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ

অৱশেষত ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত একেলগে যুঁজ দিবলৈ সাজু বিজেপি-আই পি এফ টি । নিৰ্বাচনত বিজেপিয়ে ১৪খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব আৰু আই পি এফ টিয়ে ১৭ খন আসনৰ বাবে নিজৰ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব ।

বিজেপি-আই পি এফ টিৰ আসনৰ ভাগ-বটোৱাৰা সম্পূৰ্ণ

author img

By

Published : Mar 10, 2021, 12:45 PM IST

নেশ্যনেল ডেস্ক, ১০ মাৰ্চ: ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনৰ পূৰ্বে সৃষ্টি হোৱা উৎকণ্ঠাৰ অন্ত পেলাই শাসকীয় দল বিজেপি আৰু আই পি এফ টিয়ে চূড়ান্ত কৰিলে আসনৰ ভাগ-বটোৱাৰা । মিত্ৰদল বিজেপিয়ে ১৪খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰাৰ বিপৰীতে ২৮ জনীয়া জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদৰ নিৰ্বাচনত আই পি এফ টিয়ে ১৭ খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব ।

বিজেপি-আই পি এফ টিৰ আসনৰ ভাগ-বটোৱাৰা সম্পূৰ্ণ
বিজেপি-আই পি এফ টিৰ আসনৰ ভাগ-বটোৱাৰা সম্পূৰ্ণ

মিত্ৰজোঁটৰ মুঠ প্ৰতিদ্বন্দীৰ সংখ্যা মুঠ আসনৰ সংখ্যাতকৈ অধিক । কিয়নো, তিনিখন নিৰ্দিষ্ট আসনৰ বাবে দুয়োটা দলে বন্ধুত্বপূৰ্ণ প্ৰতিযোগিতাৰ আশাত নিজ নিজ প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে । বিজেপিৰ ৰাজ্যিক সভাপতি মানিক সাহা, উপ-মুখ্যমন্ত্ৰী জিষ্ণু দেৱবাৰ্মা, আই পি এফ টিৰ প্ৰধান তথা ৰাজহ মন্ত্ৰী এন চি দেৱবাৰ্মা আৰু আই পি এফ টি নেতা মেভৰ কুমাৰ জামাতিয়াই আগৰতলা প্ৰেছ ক্লাবত এক যুটীয়া সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে ।

দলৰ নেতৃত্বই কয় যে, নিৰ্বাচনত বিজেপি দলে ১৪খন আসনৰ বাবে প্ৰতিদ্বন্দিতা কৰিব । মিত্ৰ দল আই পি এফ টিৰ সৈতে হোৱা বুজাবুজি অনুসৰি ইয়াৰে ৩ খন আসনত প্ৰক্ষেপ কৰা প্ৰাৰ্থীৰ ক্ষেত্ৰত মিত্ৰতাৰ চুক্তি প্ৰযোজ্য হ'ব । মুঠ ১৪ জন প্ৰাৰ্থীৰ ভিতৰত, ১৩ জন প্ৰাৰ্থী পুৰুষ আৰু এগৰাকী প্ৰাৰ্থী মহিলা । প্ৰাৰ্থী তালিকাত প্ৰায় সকলো মুখ্য জনজাতিৰ প্ৰতিনিধিত্বয়ে স্থান লাভ কৰাতো আন এক লক্ষণীয় বিষয় ।

বিৰোধী চি পি এম দলৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা চি পি এমৰ শাসন কালত ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পতিৰাম ত্ৰিপুৰাই বিজেপিত যোগদান কৰাৰ পিছতে তেওঁক ৰাইমা উপত্যাকাত প্ৰাৰ্থীত্ব প্ৰদান কৰা হৈছে । পূৰ্বে দলৰ নেতৃত্বই বিজেপিৰ সৈতে আলোচনা নকৰাকৈয়ে ১৮ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছিল । লগতে দাবী কৰিছিল যে, তালিকাখন প্ৰত্যাহাৰ কৰাৰ সম্ভাৱনা কম । কিন্তু, দলটোৱে আগৰ তালিকাখন বাতিল কৰি নতুন তালিকা ঘোষণা কৰিছে ।

আই পি এফ টিৰ প্ৰধান এন চিয়ে কয় যে, পূৰ্বে ঘোষণা কৰা তালিকা বাতিল কৰা হৈছে । দলটোৱে সম্পূৰ্ণভাৱে ১৭ খন আসনত প্ৰতিদ্বন্দিতা কৰিব বুলি ঘোষণা কৰিছে যদিও নতুন বজাৰ-মালাবাছা এডিচি সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰাৰ পৰা বিৰত আছিল । তালিকা অনুসৰি, নতুন বজাৰ-মালাবাছা এডিচি, কাঠলিয়া-মিৰ্জা-ৰাজাপুৰ আৰু বুঢ়জংনগৰ-ৱাকি নগৰত দলটোৱে বিজেপিৰ সৈতে বন্ধুত্বপূৰ্ণ যুঁজ দিব ।

লগতে পঢ়ক:পদযাত্ৰাৰে বৰাকত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.