নিউজ ডেস্ক,১৯ ফেব্ৰুৱাৰী: মজুৰি বৃদ্ধিৰ দাবীত ত্ৰিপুৰাত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অঙ্গনবাড়ী কৰ্মীসকলে । শ শ কৰ্মী বিভিন্ন দাবীৰে উত্তাল কৰিলে ৰাজপথ । তেওঁলোকৰ অভিযোগ নতুন চৰকাৰ অহাৰ পিছতে অঙ্গনবাড়ী কৰ্মীসকলৰ মাহিলী উপাৰ্জনৰ ৰাজ্য চৰকাৰে প্ৰদান কৰা অংশ বন্ধ কৰি থোৱা হৈছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তত কাম কৰা ১৯ হাজাৰ কৰ্মীৰ কল্যাণৰ বাবে সেই অংশটো পুনৰ মুকলি কৰি দিব লাগে বুলি দাবী জনালে প্ৰতিবাদকাৰী কৰ্মীসকলে ।
প্ৰতিবাদকাৰী কৰ্মীসকলে জিলা দণ্ডাধীশৰ কাৰ্যালয়লৈ এক বৃহৎ সমদল উলিয়াই আৰু কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰে । প্ৰতিবাদৰ নেতৃত্বত থকা অঙ্গনবাড়ী কৰ্মী সংঘৰ সম্পাদিকা মঞ্জুলা চক্ৰৱৰ্তীয়ে জনোৱা মতে দেশৰ বিভিন্ন প্ৰান্তৰ দৰে ত্ৰিপুৰাতো তেওঁলোকে আইচিডিচি আঁচনিৰ অধীনত দীৰ্ঘদিন ধৰি কাম কৰি আছে । তেওঁৰ মতে আঁচনিৰ ম্যাদ বৃদ্ধি কৰা হৈছে যদিও চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা দিয়া হোৱা নাই কৰ্মীসকলক । সেয়েহে তেওঁলোকৰ ৭ দফীয়া দাবীৰ ভিতৰত অন্যতম দাবী যে তেওঁলোকক চৰকাৰী কৰ্মচাৰীৰ মৰ্যাদা প্ৰদান কৰিব লাগে ।
সম্পাদিকা গৰাকীয়ে সংবাদমাধ্যমৰ আগত জনোৱা মতে, চৰকাৰী কৰ্মচাৰীসকলে বিভিন্ন ধৰণৰ সুবিধা লাভ কৰে কিন্তু অঙ্গনবাড়ী কৰ্মীসকলে বিভিন্ন সুবিধাৰ পৰা এতিয়াও বঞ্চিত হৈ আছে । আনকি চিকিৎসা সম্বন্ধীয় ছুটী লাভৰ পৰাও বঞ্চিত হৈ আছে অঙ্গনবাড়ী কৰ্মীসকল । সেয়ে কৰ্মীসকলৰ সকলো দাবী অতি শীঘ্ৰে চৰকাৰক পূৰণ কৰিবলৈ আহ্বান জনাই প্ৰতিবাদকাৰী কৰ্মীসকলে ।
লগতে পঢ়ক:পৰ্যটকৰ বাবে পুনৰ মুকলি ৰামোজী ফিল্ম চিটি: প্ৰথম দিনটোতেই পৰ্যটকৰ ভিৰ