ETV Bharat / bharat

Tribute to Gen Vipin Rawat: আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকী

আজি জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্য়ু বাৰ্ষিকী (Gen Vipin Rawat death anniversary) ৷ 2021 চনৰ আজিৰ দিনটোতেই কন্নুৰত ভাৰতীয় সেনাৰ এখন Mi-17V-5 হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হোৱাত মৃত্যু ঘটে জেনেৰেল ৰাৱাট আৰু তেওঁৰ পত্নী মধুলিকা ৰাৱাটসহ হেলিকপ্টাৰখনত থকা 14 গৰাকী আৰোহীৰ (CDS chopper crashed) ৷ প্ৰথম মৃত্যু বাৰ্ষিকীত জেনেৰেল বিপিন ৰাৱাটলৈ ইটিভি ভাৰত অসমৰ তৰফৰ পৰা জনালোঁ গভীৰ শ্ৰদ্ধা ৷

Tribute to former CDS general Vipin Rawat

author img

By

Published : Dec 8, 2022, 8:11 AM IST

নিউজ ডেস্ক, 8 ডিচেম্বৰ: জেনেৰেল বিপিন ৰাৱাট, যোৱা বছৰৰ আজিৰ দিনটোত সমগ্ৰ ভাৰতজুৰি চৰ্চিত হৈ পৰিছিল এই নামটো (CDS General Vipin Rawat) ৷ এগৰাকী সেনা বিষয়া যি অধিষ্ঠিত হৈছিল ভাৰতীয় সেনাৰ প্ৰথম গৰাকী সৰ্বাধিনায়কৰ পদত ৷ 2019 চনত ভাৰতীয় বায়ু, স্থল আৰু নৌ-সেনাক এক গোট কৰি তিনিওটা সেনাৰে এগৰাকী সৰ্বাধিনায়ক নিযুক্ত কৰা হৈছিল ৷ সেই সেনা বিষয়াগৰাকীয়েই আছিল জেনেৰেল বিপিন ৰাৱাট (First Chief of Defence Staff in India)৷ কিন্তু 2021 বৰ্ষৰ আজিৰ দিনটোতে এক অভিশপ্ত ক্ষণত হেলিকপ্টাৰ দুৰ্ঘটনাত পতিত হৈ সপত্নীক মৃত্য়ুক আঁকোৱালি লৈছিল জেনেৰেল বিপিন ৰাৱাটে ৷

হঠাৎ অহা এই খবৰে যেন মৰ্মাহত কৰি তুলিলে দেশবাসীক ৷ অতি শোকাৱহভাৱে জীৱন পৰিক্ৰমাৰ অৱসান ঘটিল জেনেৰেল বিপিন ৰাৱাটৰ ৷ তামিলনাডুৰ চিলুৰস্থিত ভাৰতীয় বায়ুসেনাৰ চাউনীৰ পৰা এখন Mi-17V-5 হেলিকপ্টাৰযোগে পত্নী মধুলিকা ৰাৱাট আৰু কেইজনমান সেনা বিষয়াৰ সৈতে জেনেৰেল ৰাৱাটে যাত্ৰা কৰিছিল ৱেলিংটন অভিমুখে ৷ কিন্তু যাত্ৰাপথত ঘন কুঁৱলীৰ বাবে দুৰ্ঘটনাত পতিত হয় হেলিকপ্টাৰখন ৷ মুঠ 14 জন আৰোহী থকা হেলিকপ্টাৰখন ভূ-পতিত হোৱাৰ লগতে ভস্মীভূত হয় কন্নুৰত (Indian Army chopper crashed)৷ 13 জন আৰোহীৰ থিতাতে মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসাধীন অৱস্থাত মৃত্যু ঘটে গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ ৷

Tribute to Gen Vipin Rawat
দুৰ্ঘটনাত পতিত অভিশপ্ত হেলিকপ্টাৰখন

কোন আছিল বিপিন ৰাৱাট ?

বিপিট ৰাৱাটৰ জন্ম হৈছিল 1958 চনত উত্তৰাখণ্ডৰ এটা ৰাজপুত পৰিয়ালত ৷ প্ৰজন্ম ক্ৰমে তেওঁৰ পৰিয়ালে সেৱা আগবঢ়াই আহিছে ভাৰতীয় সেনাত ৷ বিপিন ৰাৱাট আছিল ভাৰতীয় সেনাত সেৱা আগবঢ়োৱা তেওঁৰ পৰিয়ালৰ তৃতীয়টো প্ৰজন্ম ৷ তেওঁৰ পিতৃ আছিল লক্ষ্মণ সিং ৰাৱাট, যি ভাৰতীয় স্থল সেনাত লেঃ কৰ্ণেল হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল ৷

এগৰাকী জোৱান হিচাপে ভাৰতীয় সেনাত যোগদান কৰা লক্ষ্মণ সিং ৰাণাৱটে পদোন্নতি লাভ কৰি পৰৱৰ্তী সেনাৰ উপ-মুৰব্বী পদত অধিষ্ঠিত হৈছিল ৷ বিপিন ৰাৱাটৰ খুৰাক ভাৰত সিং ৰাণাৱট আছিল এগৰাকী হাৱলদাৰ ৷ তেওঁৰ আন এগৰাকী খুৰাক হৰিনন্দনেও ভাৰতীয় সেনাৰ হৈ দেশসেৱা কৰিছিল ৷

বিপিন ৰাৱাটে স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল কেম্ব্ৰিয়ান হল স্কুল ডেৰাডুন আৰু চেন্ট এডৱাৰ্ড স্কুল চিমলাৰ পৰা ৷ স্কুলীয়া শিক্ষা সাং কৰি ৰাৱট ভৰ্তি হৈছিল নেশ্যনেল ডিফেন্স একাডেমী খাদাকৱাচালা আৰু ইণ্ডিয়ান মিলিটেৰী একাডেমী ডেৰাডুনত ৷ তাতেই তেওঁ লাভ কৰে Sword of Honour সন্মান ৷

Tribute to Gen Vipin Rawat
জেনেৰেল বিপিন ৰাৱাটৰ হেলিকপ্টাৰ দুৰ্ঘটনা হোৱা স্থান

লগতে পঢ়ক: Chopper Crash timeline : কুনুৰৰ হেলিকপ্তাৰ দুৰ্ঘটনাৰ সময়ৰেখা

ইণ্ডিয়ান মিলিটেৰী একাডেমীৰ শিক্ষা সাং কৰি তেওঁ 16 ডিচেম্বৰ 1978 ত যোগদান কৰে 11 নং গোৰ্খা ৰাইফলচৰ 5 নং বেটালিয়ানত ৷ এই বেটালিয়ানতে কৰ্মৰত আছিল তেওঁৰ পিতৃও ৷ নিজৰ চহৰ উত্তৰাখণ্ডৰ সৈতে নিবিড় সম্পৰ্ক আছিল বিপিন ৰাৱাটৰ ৷ ব্যস্ততাৰ মাজতো তেওঁ প্ৰায়েই গৈছিল নিজৰ গাঁৱলৈ ৷

বিভিন্ন অভিযানৰ অনেক অভিজ্ঞাতাৰে পুষ্ট আছিল জেনেৰেল বিপিন ৰাৱাট ৷ তেওঁ পূৱ খণ্ডৰ লাইন অৱ এক্সুৱেল কন্ট্ৰ’লতো কামাণ্ডাৰ হিচাপে নিয়োজিত আছিল ইনফেন্ট্ৰি বেটালিয়ানত ৷ একেদৰে কাশ্মীৰ উপত্যকাতো ৰাষ্ট্ৰীয় ৰাইফলচত কামাণ্ডাৰ হিচাপে নিয়োজিত আছিল জেনেৰেল ৰাৱাট ৷

তাৰ পাচতেই তেওঁ ডেমক্ৰেটিক ৰিপাব্লিক কংগোত সপ্তম পৰ্যায়ৰ অভিযানত এটা ব্ৰিগেডৰ কামাণ্ডাৰ হিচাপে নিযুক্তি লাভ কৰে ৷ তেওঁক জম্মু-কাশ্মীৰ আৰু উত্ত-পূৰ্বাঞ্চলত ক্ৰমে ভাৰতীয় সেনাৰ ইনফেন্ট্ৰি ডিভিজন আৰু কৰ্পচ কামাণ্ডাৰৰ দায়িত্ব দিয়া হৈছিল (Know about Gen Vipin Rawat) ৷

নাগালেণ্ডৰ ডিমাপুৰত সেনাৰ থ্ৰী কৰ্পচৰ লেঃ জেনেৰেল হিচাপেও নিযুক্ত আছিল জেনেৰেল বিপিন ৰাৱাট ৷ 1987 চনত চামদৰং চু ভেলীত চীনা পিপল্চ লিবাৰেশ্যচ আৰ্মীৰ বিৰুদ্ধে নিয়োজিত হৈ আছিল জেনেৰেল ৰাৱাট ৷ 37 বছৰীয়া চাকৰি জীৱনত পৰম বিশিষ্ট সেৱা মেডেলকে আদি কৰি বহুকেইটা সামৰিক সন্মান লাভ কৰিছিল বিপিন ৰাৱাটে ৷

লগতে পঢ়ক: Indian Army Chopper Crash : তামিলনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যু 13 জনৰ

2016 চনৰ 17 ডিচেম্বৰত জেনেৰেল বিপিন ৰাৱাট অধিষ্ঠিত হয় ভাৰতীয় স্থলসেনাৰ 27 সংখ্যক মুৰব্বী হিচাপে ৷ 2019 চনত চীফ অৱ ডিফেন্স ষ্টাফ অৰ্থাৎ ভাৰতীয় তিনিওটা সেনাবাহিনীৰ সৰ্বাধিনায়ক পদত অধিষ্ঠিত হয় জেনেৰেল বিপিন ৰাৱাট ৷ অৱশেষত সেই পদত অধিষ্ঠিত হৈ থকা অৱস্থাতেই 2021 চনৰ 8 ডিচেম্বৰ তাৰিখে তামিলনাডুত সংঘটিত এটা হেলিকপ্টাৰ দুৰ্ঘটনাত মৃত্যুক সাৱটি লয় জেনেৰেল বিপিন ৰাৱাটে (Late CDS Gen Vipin Rawat) ৷ সেনাৰ বাবে সেৱা আগবঢ়াই অৱশেষত সেনাৰ হেলিকপ্টাৰতে জীৱনৰ অৱসান ঘটে ভাৰতীয় সেনাৰ সৰ্বাধিনায়ক গৰাকীৰ ৷

জেনেৰেল বিপিন ৰাৱাটৰ কেইটামান উল্লেখনীয় ঘটনা :

PoK ত চাৰ্জিকেল ষ্ট্ৰাইক :

উৰিৰ সেনা শিবিৰত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পাছত, ভাৰতীয় সেনাই তদানীন্তন জেনেৰেল বিপিন ৰাৱাটৰ নেতৃত্বত ২০১৬ চনৰ ২৯ ছেপ্তেম্বৰত পাকিস্তানৰ সন্ত্ৰাসবাদী শিবিৰসমূহ ধ্বংস কৰিবলৈ চাৰ্জিকেল ষ্ট্ৰাইক কৰিছিল । পাকিস্তানৰ সীমান্তত ভাৰতৰ এইটো আছিল প্ৰথম আক্ৰমণ ।

এই চাৰ্জিকেল ষ্ট্ৰাইকটো প্ৰশিক্ষণপ্ৰাপ্ত পেৰা কমাণ্ডো বাহিনীয়ে কৰিছিল । এই অভিযানৰ সময়ত কমাণ্ডোসকলে তেওঁলোকৰ ভূমিকা পালন কৰিছিল । একে সময়তে, ভাৰতীয় উপগ্ৰহৰ সহায়ও লোৱা হৈছিল । ৰাতিটোৰ ভিতৰতে এই ষ্ট্ৰাইকৰ পাছত পাকিস্তানত উত্তেজনা বৃদ্ধি পাইছিল । ইয়াৰ দ্বাৰা পাকিস্তানৰ অনৈতিক কামবোৰ বিশ্ববাসীৰ সন্মুখত পোহৰলৈ আহিছিল ।

ম্যানমাৰত আক্ৰমণ :

২০১৫ চনৰ জুন মাহত মণিপুৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ১৮ গৰাকী সৈনিক শ্বহীদ হৈছিল । ইয়াৰ পাছতে ২১ পেৰা কমাণ্ডোৱে সীমান্ত পাৰ হৈ ম্যানমাৰত উগ্ৰপন্থী সংগঠন NSCN ৰ কেইবাজনো উগ্ৰপন্থীক হত্যা কৰে । তেতিয়া ২১ পেৰা তৃতীয় কৰ্পৰ অধীনত আছিল, যাক বিপিন ৰাৱাটে নেতৃত্ব দিছিল ।

সেনাত যোগদানৰ বাবে পিতৃৰ পৰা পাইছিল অনুপ্ৰেৰণা :

সেনাবাহিনীত তেওঁৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ উত্তৰ যুদ্ধ সেৱা পদক, এভিএছএম, যুদ্ধসেৱা পদক, সেনা পদক, বৈদেশিক সেৱা পদক লাভ কৰে । জেনেৰেল ৰাৱাটৰ পিতৃ সেনাৰ লেফটেনেণ্ট জেনেৰেল আছিল আৰু ১৯৮৮ চনত উপ-সেনাপ্ৰধানৰ পদৰ পৰা অৱসৰ লৈছিল । তেওঁৰ নাম আছিল লক্ষ্মণ সিং ৰাৱাট । বিপিন ৰাৱাটে তেওঁৰ পিতৃৰ পৰা সেনাত যোগদান কৰাৰ অনুপ্ৰেৰণা পাইছিল ।

চিডিএছ বিপিন ৰাৱাটৰ সফলতা :

ম্যানমাৰত নগা সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চাৰ্জিকেল ষ্ট্ৰাইক সফল হৈছিল । ম্যানমাৰৰ চাৰ্জিকেল ষ্ট্ৰাইক দলটোৰ নেতৃত্ব দিছিল বিপিন ৰাৱাটে । জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ নিৰ্মূল কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰাৱাটে ।

সন্ত্ৰাসবাদী বুৰহান ৱানীকে ধৰি হিজবুল, লস্কৰ, জৈইচৰ কেইবাজনো শীৰ্ষ কমাণ্ডাৰ নিহত হৈছিল । অনুচ্ছেদ ৩৭০ বাতিলৰ পাছত জম্মু-কাশ্মীৰৰ পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনা হয় । অনুপ্ৰৱেশ বন্ধ কৰা হয় । বিপিন ৰাৱাটে পাকিস্তানক কঠোৰ ভাষাৰে সকীয়নি দিয়াত গুৰুত্ব দিছিল । ইটিভি ভাৰতৰ তৰফৰ পৰাও জেনেৰেল বিপিন ৰাৱাটৰ প্ৰথম মৃত্যু বাৰ্ষিকীত অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হ'ল ।

লগতে পঢ়ক: Tamilnadu chopper crash : ভিডিঅ’ কলতেই শেষবাৰ পত্নী-সন্তানক দেখা পালে বি চাই তেজাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.