ETV Bharat / bharat

Fake visa case : কানাডাৰ ভুৱা ভিছা কেলেংকাৰী গোচৰত ট্ৰেভেল এজেণ্টক গ্ৰেপ্তাৰ - Foreign education fraud

কানাডাত প্ৰৱেশৰ চেষ্টা কৰা ব্ৰজেশ মিশ্ৰ নামৰ ট্ৰেভেল এজেণ্টজনক গ্ৰেপ্তাৰ কৰা হৈছে । ৭০০ৰো অধিক শিক্ষাৰ্থীক ভুৱা ভিছাৰে কানাডালৈ পঠিয়াইছিল মিশ্ৰই ।

Fake visa case
কানাডাৰ ভুৱা ভিছা কেলেংকাৰী গোচৰত ট্ৰেভেল এজেণ্টক গ্ৰেপ্তাৰ
author img

By

Published : Jun 24, 2023, 4:55 PM IST

নেশ্যনেল ডেস্ক, ২৪ জুন : কানাডাত উচ্চ শিক্ষাৰ বাবে যোৱা ৭০০ৰো অধিক শিক্ষাৰ্থীক প্ৰতাৰণা । শিক্ষাৰ্থীসকলক ভিছা প্ৰদানৰ নামত ব্যাপক কেলেংকাৰী । ট্ৰেভেল এজেণ্ট ব্ৰজেশ মিশ্ৰক কানাডাত গ্ৰেপ্তাৰ । খবৰ অনুসৰি ভুৱা কানাডিয়ান কলেজ এডমিছন কাৰ্ড কেলেংকাৰীৰ সৈতে জড়িত ভাৰতীয় ইমিগ্ৰেচন এজেণ্ট ব্ৰজেশ মিশ্ৰই কানাডাত প্ৰৱেশৰ চেষ্টা কৰি থকাৰ সময়তে তেওঁক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

উল্লেখ্য যে কানাডা বৰ্ডাৰ চাৰ্ভিচেছ এজেঞ্চিয়ে কানাডাৰ বিশ্ববিদ্যালয়সমূহত ভুৱা এডমিট কাৰ্ড পোৱাৰ পাছতে প্ৰায় ৭০০ ভাৰতীয় শিক্ষাৰ্থীক বিতাড়িত কৰিছিল । সেইসকল শিক্ষাৰ্থীৰ বেছিভাগে পঞ্জাৱৰ আছিল । তেওঁলোকৰ বিৰুদ্ধে পত্ৰ জাৰী কৰা হৈছিল । সেই সকলো ভাৰতীয় শিক্ষাৰ্থী ৩ বছৰ পূৰ্বে ছাত্ৰ ভিছাত কানাডালৈ গৈছিল । ইফালে শিক্ষাৰ্থীসকলে পিআৰৰ বাবে আবেদন কৰাৰ সময়তে তেওঁলোকক কৰা প্ৰৱঞ্চনাৰ কথা পোহৰলৈ আহে । তদন্তৰ মাজতে পোহৰলৈ আহিছে যে প্ৰতিষ্ঠানবোৰে দিয়া প্ৰাৰম্ভিক প্ৰস্তাৱ পত্ৰবোৰ ভুৱা আছিল । ইয়াৰ পাছতে জলন্ধৰৰ ট্ৰেভেল এজেণ্ট ব্ৰজেশ মিশ্ৰৰ নাম পোহৰলৈ আহিছিল ।

জলন্ধৰত এটা ইমিগ্ৰেচন এজেঞ্চি চলাই থকা ব্ৰজেশ মিশ্ৰ এই কেলেংকাৰীটোত জড়িত থকাৰ কথা পোহৰলৈ অহাৰ পাছতে তেওঁ সন্ধানহীন হৈছিল । জলন্ধৰৰ পৰা ট্ৰেভেল এজেণ্ট ব্ৰজেশ মিশ্ৰৰ সহযোগীকো গ্ৰেপ্তাৰ কৰা হৈছিল । ব্ৰজেশ মিশ্ৰৰ এই মহাবিদ্যালয়ৰ ভুৱা এডমিট কাৰ্ড কেলেংকাৰীৰ বাবে পঞ্জাৱ আৰু অন্যান্য ভাৰতীয় শিক্ষাৰ্থীসকল ব্যাপক সমস্যাৰ সন্মুখীন হৈছে । যাৰ বাবে মিশ্ৰক গ্ৰেপ্তাৰৰ বাবে দাবী চলি আছিল । শেহতীয়াকৈ কানাডাত প্ৰৱেশৰ চেষ্টা কৰি থকা সময়তে মিশ্ৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ।

অভিযোগ অনুসৰি ব্ৰজেশ মিশ্ৰই ১৬ৰ পৰা ২০ লাখ টকা লৈ ভুৱা নথি-পত্ৰ প্ৰস্তুত কৰি শিক্ষাৰ্থীসকলক কানাডালৈ প্ৰেৰণ কৰিছিল । ইফালে ৭০০ৰো অধিক শিক্ষাৰ্থীৰ ভিতৰত অধিকাংশ শিক্ষাৰ্থীৰ ভুৱা নথিৰ কথা ২০২২ চনৰ এপ্ৰিল মাহত পোহৰলৈ আহিছিল ৷ বহু শিক্ষাৰ্থীয়ে কানাডাত আইনী যুঁজ অব্যাহত ৰাখিছে । তাৰ ভিতৰত একাংশ শিক্ষাৰ্থী ভাৰতলৈ উভতি আহিছে ।

লগতে পঢ়ক :Foreign education fraud: কানাডাৰ পৰা বিতাৰণ ভুৱা নথি ব্যৱহাৰ কৰা ভাৰতৰ 700 শিক্ষাৰ্থী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.