ETV Bharat / bharat

TMC য়ে কংগ্ৰেছক বিভক্ত কৰিব বিচাৰিছে : TPCC সভাপতি পীযুষ বিশ্বাস

author img

By

Published : Sep 14, 2021, 8:26 PM IST

শেহতীয়াকৈ ত্ৰিপুৰাত বহু কংগ্ৰেছ নেতা-কৰ্মীয়ে তৃণমূল কংগ্ৰেছৰ যোগদান কৰিছে । ইয়াৰ পাছতে প্ৰথমবাৰৰ বাবে তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে মুখ খুলিছে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পীযুষ বিশ্বাসে । তৃণমূল কংগ্ৰেছৰ বিৰুদ্ধে কি কি অভিযোগ উত্থাপন কৰিছে নেতাগৰাকীয়ে ?

President Piyush Biswas
TMC য়ে কংগ্ৰেছক বিভক্ত কৰিব বিচাৰিছে

আগৰতলা, ১৪ ছেপ্টেম্বৰ : ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ (Tripura Pradesh Congress) সভাপতি পীযুষ বিশ্বাসৰ (Pijush Biswas) গুৰুতৰ অভিযোগ । তৃণমূল কংগ্ৰেছে (Trinamool Congress) নিৰন্তৰভাৱে কংগ্ৰেছ দলৰ ভংগৰ চেষ্টা কৰিছে । দলৰ মাজত বিভাজন আনিবলৈ নেতাগৰাকীৰ মতে কংগ্ৰেছ কৰ্মীৰ ঘৰে ঘৰে গৈছে তৃণমূল কংগ্ৰেছৰ নেতাসকল ।

TPCC
TMC য়ে কংগ্ৰেছক বিভক্ত কৰিব বিচাৰিছে

তেওঁ লগতে কয় বিজেপি আৰু চিপিআইএমৰ ভেটি দুৰ্বল কৰিবলৈ আগ্ৰহী নহয় তৃণমূল কংগ্ৰেছ । সেয়ে যদি এই সময়ত কংগ্ৰেছ দুৰ্বল হয় তেনেহ'লে ইয়াৰ লাভ বিজেপিয়ে (BJP) লাভ কৰিব । কাৰণ ত্ৰিপুৰাৰ জনসাধাৰণে পুনৰবাৰ চিপিআইএমক শাসনলৈ অহাটো নিবিচাৰে । ৰবীন্দ্ৰ শতবাৰ্ষিকী ভৱনত যুৱ কংগ্ৰেছৰ এক সন্মিলনত এই মন্তব্য কৰে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ।

সভাপতিগৰাকীয়ে প্ৰথমবাৰৰ বাবে টিএমচিৰ (TMC) ওপৰত তীব্ৰ আক্ৰমণ কৰা দেখা গৈছে । তেওঁৰ এই মন্তব্যই এটা কথা স্পষ্ট কৰিছে যে তেওঁৰ দলে তৃণমূলৰ আগমনত যথেষ্ট পৰিমাণে হতাশ হৈছে । আনকি তৃণমূলক সমালোচনা কৰি ত্ৰিপুৰাত তৃণমূলৰ ইতিহাসৰ কথা সোঁৱৰাই দি তেওঁ কয় যে ত্ৰিপুৰাত তৃণমূলৰ বীজ ৰোপণত সুধীৰ ৰঞ্জন মজুমদাৰৰ দৰে লোকসকলে অগ্ৰণী ভূমিকা পালন কৰিছিল ।

কিন্তু তেওঁ পাৰ্টিত বেছি দিন থাকিব নোৱাৰিলে । তেওঁ কংগ্ৰেছলৈ উভতি আহিছিল আৰু তেওঁৰ মৃত্যু পৰ্যন্ত কংগ্ৰেছ দলতে আছিল । পশ্চিম বংগৰ যিসকল নেতাই দৈনিক ত্ৰিপুৰালৈ আহি আছে তেওঁলোকে নিৰ্বাচনৰ পাছত ৰাজ্যলৈ নাহে । বিশ্বাসৰ অভিযোগ সেই তৃণমূল নেতাসকলে দলৰ কৰ্মীসকলক বিজেপিৰ দয়াত এৰি চিৰদিনৰ বাবে ৰাজ্য ত্যাগ কৰিব ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি বিশ্বাসে টিএমচিৰ নেতৃত্বৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰি কয় যে ত্ৰিপুৰাত আচলতে টিএমচিৰ নেতা কোন ? নিৰ্বাচনী বতাহ যিফালে বলে তৃণমূলৰ নেতাসকল সেইফালে ধাৱমান হয় বুলি তেওঁ অভিযোগ কৰে । যাৰ বাবে ৰাইজে তেওঁলোকক দল বাগৰা ৰাজনৈতিক নেতা বুলি স্বীকাৰ কৰে । সেয়ে সকলো যুৱ কংগ্ৰেছী নেতাক একত্ৰিত হৈ তৃণমূল পৰ্যায়ক শক্তিশালী স্থিতি গ্ৰহণ কৰিবলৈ সভাপতিগৰাকীয়ে আহ্বান জনায় ।

তেওঁৰ মতে কংগ্ৰেছ দলৰ উদ্দেশ্যৰ কথা ৰাইজক সজাগ কৰিব লাগিব । সভাপতি গৰাকীয়ে চিপিআইএম (CPIM) দলক সমালোচনা কৰি কয় যে বাওঁপন্থী দলটোৱে গণতন্ত্ৰৰ কথা কয় আনহাতে তেওঁলোকৰ শাসনকালত হাজাৰ হাজাৰ যুৱ কংগ্ৰেছ কৰ্মী নিহত হৈছিল । মানিক সৰকাৰে তেওঁৰ দলৰ কামৰ বাবে লাজ পোৱা উচিত ।

ইফালে, ত্ৰিপুৰা প্ৰদেশ যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত বিষয়া ৰাজেশ সিঙে (Rajesh Singh) কয় যে যুৱ কংগ্ৰেছ হৈছে ৰাজনীতি আৰম্ভ কৰাৰ এক ৰাষ্ট্ৰীয় মঞ্চ । তেওঁ কোৱা মতে ত্ৰিপুৰা যুৱ কংগ্ৰেছৰ নেতাসকলক পাঁচখন ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনত দলটোৰ হৈ কাম কৰাৰ পৰ্যাপ্ত সুযোগ দিয়া হ'ব ।

লগতে পঢ়ক :অযোধ্যা বিবাদ বিজেপিৰ মতে সমাধান কৰা হ'লে লাখ লাখ লোকৰ মৃত্যু হ'লহেঁতেন: AAP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.