ETV Bharat / bharat

ত্ৰিপুৰাত কংগ্ৰেছৰ সভাপতিক আক্ৰমণৰ প্ৰতিবাদত 12 ঘণ্টীয়া বন্ধ ঘোষণা - TPCC

ত্ৰিপুৰাৰ বিশালগড়ত ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পীযুষ বিশ্বাসক আক্ৰমণ ৷ এই আক্ৰমণত কংগ্ৰেছৰ সভাপতিসহ চাৰিগৰাকী লোক আহত হয় ৷ বিজেপি দলৰ যুৱ শাখাৰ সভাপতি নৱদল বণিকৰ উচতনিত এদল যুৱকে এই আক্ৰমণ চলোৱাৰ অভিযোগ ৷

tpcc-president-injured-in-attack-congress-calls-12-hour-strike
ত্ৰিপুৰাত কংগ্ৰেছৰ সভাপতিক আক্ৰমণৰ প্ৰতিবাদত 12 ঘণ্টীয়া বন্ধ ঘোষণা
author img

By

Published : Jan 17, 2021, 5:45 PM IST

আগৰতলা, 17 জানুৱাৰী : দেওবাৰে ত্ৰিপুৰাৰ বিজেপি দলৰ যুৱ শাখাৰ সভাপতি নৱদল বণিকৰ উচতনিত এদল যুৱকে ত্ৰিপুৰাৰ বিশালগড়ত ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি পীযুষ বিশ্বাসক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে ৷ এই আক্ৰমণত কংগ্ৰেছৰ সভাপতিসহ চাৰিগৰাকী লোক আহত হয় ৷

দেওবাৰে পুৱা কংগ্ৰেছৰ সভাপতিগৰাকীয়ে বিশালগড়ৰ স্থানীয় কংগেছ ভৱনত এক দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷ বিশ্বাস আহি উপস্থিত হোৱাৰ পাছত হঠাৎ যুৱকৰ এটা দল আহি লণ্ডভণ্ড কৰা আৰম্ভ কৰে ৷ আক্ৰমণকাৰী সকলে আকস্মাতে কংগেছ সভাপতি পীযুষ বিশ্বাসৰ বাহনতো আক্ৰমণ কৰে ৷ এই আক্ৰমণৰ সময়ত পিযুষ বিশ্বাসক ৰক্ষা কৰিবলৈ আগবাঢ়ি অহা লোক সকলকো আক্ৰমণ কৰে দলটোৱে ৷ কিছু সময়ৰ চেষ্টাৰ অন্তত কংগ্ৰেছৰ কৰ্মকৰ্তা সকলে পীযুষ বিশ্বাসক আক্ৰমণকাৰী সকলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ পৰৱৰ্তী সময়ত আক্ৰমণত কিছু পৰিমাণে আহত বিশ্বাসক বিশালগড় চিকিৎসালয়লৈ লৈ যোৱা হয় ৷

এই আক্ৰমণত বিশ্বাসৰ বাহনৰ চালক তথা কমলাসাগৰ ব্লক কংগ্ৰেছৰ সভাপতি চিত্ত সুত্ৰধৰো আহত হয় ৷ আহত আটাইকেইজনকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

এই ঘটনাৰ পাছতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছে সোমবাৰে 12 ঘণ্টীয়া বন্ধ ঘোষণা কৰি এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ইফালে ঘটনা সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰি ত্ৰিপুৰা কংগ্ৰেছৰ মুখপাত্ৰ হৰেকৃষ্ণ ভৌমিকে আৰক্ষীৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে ৷ তেওঁ কয় যে, ত্ৰিপুৰাত দিন দুপৰতে লোকতন্ত্ৰক লুটপাত কৰা হৈছে আৰু ঘটনাবোৰ দেখিও আৰক্ষী নিশ্চুপ হৈ আছে ৷

লগতে পঢ়ক: অৱশেষত নিলম্বন বিতৰ্কিত চিকিৎসক ডাঃ অজন্তা হাজৰিকা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.