ETV Bharat / bharat

ত্ৰিপুৰাৰ বাট্টালাস্থিত ৰজাদিনীয়া শ্মশানত চাফাই অভিযান

author img

By

Published : Sep 13, 2021, 1:59 PM IST

শনিবাৰে মহাৰাজা বীৰ বিক্ৰম ৱেলফেয়াৰ ছ'চাইটি(Maharaja Bir Bikram Welfare Society) আৰু ত্ৰিপুৰা ব্ৰুই ছ'চাইটিয়ে ত্ৰিপুৰাৰ বাট্টালাস্থিত ৰজাদিনীয়া শ্মশানত স্বচ্ছতা অভিযান চলায় । শ্মশানখন পৰিস্কাৰ কৰাৰ বাবে চৰকাৰে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ তুলি নিজেই চাফাই অভিযানত নামিল স্বেচ্ছাসেৱী সংগঠন দুটাৰ সদস্যসকল ।

Cleaning drive at Tripura royal cremetorium
ত্ৰিপুৰাৰ বাট্টালাস্থিত ৰজাদিনীয়া শ্মশানত চাফাই অভিযান

নেশ্যনেল ডেস্ক, ১৩ ছেপ্টেম্বৰ : ত্ৰিপুৰা চৰকাৰৰ অৱহেলাৰ পৰিণতিতে জংঘলে আৱৰি ধৰিছে ত্ৰিপুৰাৰ বাট্টালাস্থিত ৰজাদিনীয়া শ্মশানখন । এই শ্মশানখন পৰিস্কাৰ কৰাৰ বাবে বহুবাৰ চৰকাৰক আহ্বান জনোৱা হৈছিল । কিন্তু চৰকাৰী পক্ষই কোনো গুৰুত্ব নিদিলে ।

সেয়ে হাতে হাতে, কোৰ লৈ চাফাই অভিযান চলোৱাত লাগিল মহাৰাজা বীৰ বিক্ৰম ৱেলফেয়াৰ ছ'চাইটি(Maharaja Bir Bikram Welfare Society) আৰু ত্ৰিপুৰা ব্ৰুই ছ'চাইটিৰ সদস্যসকল । শ্মশানখনৰ ঐতিহাসিক গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে ঠাইখন পুনৰ নিৰ্মাণ কৰিবলৈ চৰকাৰক দাবী জনাইছিল বিভিন্ন সংগঠন আৰু স্থানীয় ৰাইজে ।

গছ-লতাৰে আৱৰি ধৰা বাট্টালা বজাৰৰ কাষতে থকা এই ৰজাদিনীয়া শ্মশানখন এতিয়া বহুতৰ বাবে জাবৰ পেলোৱা স্থানলৈ পৰিণত হৈছে । মহাৰাজা বীৰ বিক্ৰম বিক্ৰম ৱেলফেয়াৰ ছ'চাইটিৰ প্ৰতিষ্ঠাপক সদস্য শিৱানী দেৱবাৰ্মাই কয় যে, ৰাজ্য চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ লগতে পশ্চিম ত্ৰিপুৰাৰ জিলা দণ্ডাধীশক শ্মশানখন সংৰক্ষণৰ ক্ষেত্ৰত পদক্ষেপ ল'বলৈ সংগঠনটোৱে আহ্বান জনাইছিল ।

কিন্তু আজি পৰ্যন্ত কোনো ইতিবাচক পদক্ষেপ লোৱা হোৱা নাই । সেয়ে তেওঁলোকে এতিয়া নিজেই কামবোৰ কৰিবলৈ আগবাঢ়ি আহিছে । শ্মশানখনৰ নৱীকৰণ আৰু উন্নয়নৰ বাবে আৱণ্টিত পুঁজি সঠিকভাৱে ব্যৱহাৰ কৰা হোৱা নাই । কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ মুঠ সাতটা স্থানৰ উন্নয়ন, তত্বাৱধান আৰু পুনৰুদ্ধাৰৰ বাবে পুঁজি আৱণ্টন দিছে বুলি অভিযোগো উঠিছে ।

এই সাতটা স্থানৰ তালিকাত এই শ্মশানখনো আছে যদিও শ্মশানখন সংৰক্ষণৰ বাবে কোনো ব্যৱস্থা লোৱা হোৱা নাই । এই শ্মশানখন পৰ্যটনস্থলী হিচাপে পুনৰ নিৰ্মাণ কৰাৰ দাবী জনায় স্বেচ্ছাসেৱী সংগঠন দুটাই । ত্ৰিপুৰা ব্ৰুই ছ'চাইটিৰ সদস্য মঞ্জু দেৱবাৰ্মাই কয় যে, ঠাইখনৰ হেৰাই যাবলৈ ধৰা গৌৰৱ পুনৰুদ্ধাৰৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজন আছে । শ্মশানৰ ভূমি বেদখলৰো অভিযোগ উত্থাপিত হৈছে ।

লগতে পঢ়ক: পেগাচাছ কাণ্ড : আজি শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.