নিউজ ডেস্ক, ১৩ ডিচেম্বৰ : অন্ধ্ৰপ্ৰদেশৰ গুণ্টুৰ জিলাৰ ফিৰংগীপুৰমৰ এগৰাকী ভুক্তভোগী ছাত্ৰী । তেওঁ হায়দৰাবাদত নাৰ্চিং কৰি আছে । ছাত্ৰীগৰাকীয়ে তেওঁলোকৰ ঘৰৰ মানুহৰ অজ্ঞাতে কৰা ভুল ঢাকিবলৈ কৰা প্ৰচেষ্টাই তেওঁৰ দেউতাকৰ ১৬ লাখ টকা লোকচান কৰে (16 lakh rs lost on online fraud) । এই ভুল সংশোধন কৰিবলৈ তেওঁ তেওঁৰ বৃক্ক অনলাইনত বিক্ৰী কৰিবলৈ চেষ্টা কৰিছিল (onlin kidney sale) । কিন্তু সৌভাগ্যক্ৰমে তেওঁ তাৰ পৰা অক্ষত অৱস্থাত ওলাই আহিবলৈ সক্ষম হয় । তেওঁৰ পিতৃয়ে সোমবাৰে আৰক্ষী অধীক্ষক আৰিফ হাফিজৰ ওচৰত এই প্ৰৱঞ্চনাৰ বিষয়ে অভিযোগ কৰে (online kidney buyer fraud) ।
![অনলাইনত কিডনি বিক্ৰী কৰিবলৈ গৈ হেৰুৱালে ১৬ লাখ টকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kidney2_1312newsroom_1670897730_68.jpg)
পিছত তেওঁ এই সন্দৰ্ভত সাংবাদিকৰ আগত সকলো প্ৰকাশ কৰে । যুৱতীগৰাকীৰ ভাষ্য মতে, "মোৰ পিতৃয়ে মোক তেওঁৰ ফোনটো অনলাইন ক্লাছৰ বাবে দিয়ে । তাত মোৰ দেউতাৰ বেংক একাউণ্টটো ফোনটোৰ সৈতে লিংক কৰা আছিল । মই ফোনটোত থকা বেংক লিংকৰ পৰা দেউতাকৰ অজ্ঞাতে কাপোৰ আৰু ঘড়ী কিনিবলৈ ৮০ হাজাৰ টকা খৰচ কৰোঁ (cyber fraud) ।"
![অনলাইনত কিডনি বিক্ৰী কৰিবলৈ গৈ হেৰুৱালে ১৬ লাখ টকা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/kidney3_1312newsroom_1670897730_464.jpg)
তাৰ পিছত তেওঁৰ পিতৃয়ে এই বিষয়ে গম পোৱাৰ আগতে টকাখিনি একাউণ্টত পুনৰ জমা কৰিব বুলি ভাবে । তাৰ বাবে তেওঁৰ বন্ধুবৰ্গই পৰামৰ্শ দিয়াৰ পিছত তেওঁ অনলাইনত অনুসন্ধান কৰে যে কেনেদৰে তেওঁ তেওঁৰ কিডনি বিক্ৰী কৰি টকা পাব পাৰে । তেওঁ এটা ছাইটত দেখে যে তাত তাৎক্ষণিকভাৱে এটা বৃক্কৰ প্ৰয়োজন । আৰু যদি তেওঁ বিক্ৰী কৰে তেন্তে 7 কোটি টকা পাব (To sell kidney lost 16 lakhs online) ।
তাত প্ৰবীণৰাজ নামৰ এজন চিকিৎসকৰ ফটো, ফোন নম্বৰ, ই-মেইল ঠিকনা আৰু চিকিৎসালয়খনৰ নাম আছে । প্ৰবীণৰাজক উক্ত ফোন নম্বৰত যোগাযোগ কৰাত তেওঁ উত্তৰ দিয়ে । তেওঁ কয় যে যদি তেওঁ বৃক্ক বিক্ৰী কৰিবলৈ সন্মত হয় তেন্তে তেওঁ প্ৰথমে 3.50 কোটি টকা আৰু অস্ত্ৰোপচাৰৰ পিছত বাকী থকা ধন পৰিশোধ কৰিব (kidney donation) ।
এই কথাত তেওঁ সন্মত হয় আৰু তেওঁ পৰামৰ্শ দিয়া চিকিৎসা পৰীক্ষাবোৰ সম্পন্ন কৰে আৰু বিৱৰণবোৰ ই-মেইলযোগে প্ৰেৰণ কৰে । তাৰ পিছত প্ৰবীণৰাজে কয় যে সকলো ঠিকেই আছে । তেওঁ প্ৰথম কিস্তিটো পৰিশোধ কৰিব । কিন্তু যিহেতু তেওঁৰ কোনো বেংক একাউণ্ট নাছিল, সেয়ে পিতৃৰ একাউণ্টৰ সবিশেষ বিৱৰণ লৈছিল । তেওঁ ৩.৫০ কোটি টকা জমা কৰাৰ এটা স্ক্ৰীণশ্বট লৈছিল আৰু সেয়া হোৱাটছএপ কৰিছিল । কিন্তু বেঙ্কত তাৰ বেলেন্স দেখুওৱা নাছিল ।
তেওঁ বেংক বেলেন্সৰ বিষয়ে সোধাত তেওঁ কয় যে ডলাৰক ভাৰতীয় মুদ্ৰালৈ ৰূপান্তৰ কৰিবলৈ কৰ পৰিশোধ কৰিব লাগিব । তাৰ বাবে তেওঁৰ বেংক একাউণ্টত 15 হাজাৰ টকা জমা দিব লাগিব । সেই মতে তেওঁ পিতৃৰ ফোনৰ পৰাই উক্ত ধন পৰিশোধ কৰে । তেওঁ এনে কৌশলেৰে মাৰ্চৰ পৰা অক্টোবৰলৈ ১৬ লাখ টকা লয় । এবাৰ তেওঁ সন্দেহজনকভাৱে পিতৃৰ একাউণ্টত 10 হাজাৰ টকা জমা কৰিছিল । যাৰ বাবে তেওঁ বিশ্বাস কৰিছিল যে বাকী ৩.৫০ কোটি টকা এনেদৰে জমা কৰা হ'ব ।
তাৰ পিছত তেওঁ তেওঁৰ টকা ঘূৰাই বিচাৰি এটা মেইল পঠিয়ায় । তাৰ পিছত তেওঁক দিল্লীলৈ মাতে ধনখিনি ল'বলৈ । সেয়েহে তেওঁ বিমানেৰে দিল্লীলৈ যায় । তাত গৈ তেওঁ যেতিয়া ফোন কৰে, তাত তেওঁ কোনো সঁহাৰি পোৱা নাছিল । ফলত তেওঁ পুনৰ বিমানেৰে উভতি আহে । পুনৰ তেওঁ কয় যে যদি আৰু 1.50 লাখ টকা জমা কৰা হয় তেন্তে পাবলগীয়া মুঠ টকাখিনি জমা কৰা হ'ব ।
তাৰ পিছত তেওঁ পতিয়ন যায় যে প্ৰবীণৰাজে তেওঁক প্ৰতাৰণা কৰিছে । ইফালে পিতৃয়ে এই বিষয়ে জানিব বুলি ভয় খাই তেওঁ ঘৰৰ পৰা পলাই যায় । কিন্তু পিতৃয়ে তেওঁৰ ছোৱালী সন্ধানহীন হৈ থকাৰ অভিযোগ কৰাত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ।
আৰক্ষীয়ে অনুসন্ধান কৰি তেওঁক এনটিআৰ জিলাৰ কাঞ্চিকাচাৰালত এজন বন্ধুৰ ঘৰত সন্ধান লাভ কৰে । তাৰ পৰা তেওঁক উদ্ধাৰ কৰি পিতৃৰ হাতত গতাই দিয়ে । ইয়াৰ পিছতে পৰিয়ালৰ সদস্যসকলে ঘটনাটো সন্দৰ্ভত অনুসন্ধান কৰি প্ৰকৃত সত্যটো উদ্ধাৰ কৰে । তাৰ পিছত ভুক্তভোগীসকলে সোমবাৰে আৰক্ষী অধীক্ষকৰ ওচৰত অভিযোগ দাখিল কৰে । এই সন্দৰ্ভত গুণ্টুৰৰ পট্টাভিপুৰমত এটা গোচৰ ৰুজু কৰা হৈছে আৰু চাইবাৰ অপৰাধ বিভাগক (cyber crime department) হস্তান্তৰ কৰা হৈছে ।
"মই মোৰ ফোনটো অনলাইন ক্লাছ কৰিবলৈ দিছিলোঁ । মোৰ একাউণ্ট লিংক তাত আছে । এবাৰ মোক টকাৰ প্ৰয়োজন হোৱাত বেংকলৈ যাওঁ । তেতিয়া একাউণ্টত কোনো নগদ ধন নাছিল । তেতিয়া মই মোৰ কন্যাক সুধিছিলোঁ কি হৈছে... তাৰ পিছত তেওঁ মোক সম্পূৰ্ণ ঘটনা বিৱৰি কয় ।" ভুক্তভোগীৰ পিতৃয়ে এনেদৰে কয় ।
"অপ্ৰয়োজনীয় লিংকত ক্লিক নকৰিব । চাইবাৰ অপৰাধীৰ পৰা পৰিত্ৰাণ পাবলৈ আৰক্ষী বিভাগে বিকশিত কৰা 'চাইবাৰ কৱচ' এপটো (Cyber Kavach app) ব্যৱহাৰ কৰক ।" ঘটনাটোৰ পিছত গুণ্টুৰৰ আৰক্ষী অধীক্ষক আৰিফ হাফিজে এনেদৰে কয় ।
লগতে পঢ়ক :Crime in Nagaon: প্ৰাক্তন বিধায়কৰ ঘৰত লোমহৰ্ষক ডকাইতি