ETV Bharat / bharat

TMC Candidates in Rajya Sabha Polls : সুস্মিতাৰ আশা ভংগ; তৃণমূলে নিদিলে ৰাজ্যসভাৰ টিকট - Rajya Sabha Polls 2023

ছয়খন ৰাজ্যসভা আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে । উক্ত তালিকাত স্থান লাভ কৰিছে বিতৰ্কিত আৰটিআই কৰ্মী সাকেত গোখলেয়ে । তৃণমূল কংগ্ৰেছে ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা আনকেইগৰাকী নেতা হৈছে ডেৰেক অ'ব্ৰাইন, দোলা সেন, সুখেন্দু শেখৰ ৰয়, সমীৰুল ইছলাম আৰু প্ৰকাশ চিক বাৰাইক ।

TMC Candidates in Rajya Sabha Polls
TMC Candidates in Rajya Sabha Polls
author img

By

Published : Jul 10, 2023, 1:25 PM IST

নিউজ ডেস্ক, ১০ জুলাই : তৃণমূলৰ নেত্ৰী সুস্মিতা দেৱৰ আশাত চেঁচাপানী ঢালিলে তৃণমূল কংগ্ৰেছে । বংগৰ অবিসম্বাদী নেত্ৰী মমতা বেনাৰ্জীৰ পৰা ৰাজ্যসভাৰ আসনত প্ৰতিদ্বন্দ্বিতাৰ প্ৰতিশ্ৰুতি লৈ তৃণমূলত যোগদান কৰা প্ৰাক্তন কংগ্ৰেছ নেত্ৰী সুস্মিতা দেৱক আশাহত কৰিলে দলটোৱে । বৰাকৰ এইগৰাকী যুৱ নেত্ৰীয়ে কংগ্ৰেছ ত্যাগ কৰি তৃণমূলত যোগদান কৰাৰ সময়ত ৰাজ্যসভাৰ পৰা তৃণমূলৰ প্ৰাৰ্থিত্ব প্ৰদানৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ।

শেহতীয়া সময়ছোৱাত তৃণমূলৰ হৈ অতি সক্ৰিয়ভাৱে কাম কৰি আহিছিল সুস্মিতাই । আশা কৰা হৈছিল এইবাৰ তৃণমূলৰ পৰা ৰাজ্যসভাৰ টিকট লাভ কৰিব সুস্মিতাই । কিন্তু এইবাৰো বিমুখ হ'বলগীয়া হ'ল সুস্মিতা । তৃণমূল কংগ্ৰেছে প্ৰকাশ কৰা ৰাজ্যসভাৰ ছয়খন আসনৰ প্ৰাৰ্থী তালিকাত নাম নাই সুস্মিতা দেৱৰ । যাৰ বাবে শিলচৰত প্ৰতিবাদত বহিছে তৃণমূলৰ যুৱ নেত্ৰীগৰাকী ।

উল্লেখ্য, ছয়খন ৰাজ্যসভা আসনৰ বাবে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে তৃণমূল কংগ্ৰেছে । উক্ত তালিকাত স্থান লাভ কৰিছে বিতৰ্কিত আৰটিআই কৰ্মী সাকেত গোখলেয়ে । তৃণমূল কংগ্ৰেছে ৰাজ্যসভাৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰা আনকেইগৰাকী নেতা হৈছে ডেৰেক অ'ব্ৰাইন, দোলা সেন, সুখেন্দু শেখৰ ৰয়, সমীৰুল ইছলাম আৰু প্ৰকাশ চিক বাৰাইক ।

"তেওঁলোকে জনসাধাৰণৰ সেৱাত তেওঁলোকৰ নিষ্ঠা অব্যাহত ৰাখক আৰু প্ৰতিজন ভাৰতীয়ৰ অধিকাৰৰ বাবে অদম্য মনোভাব আৰু কৰ্মৰে তৃণমূলৰ স্থায়ী উত্তৰাধিকাৰ বজাই ৰাখক । আমি সকলোকে আমাৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ ।" প্ৰাৰ্থীৰ তালিকা ঘোষণাৰ পিছতে টিএমচিয়ে টুইট কৰে ।

ভাৰতীয় নিৰ্বাচন আয়োগৰ মতে, পশ্চিমবংগ, গুজৰাট আৰু গোৱাৰ ১০ খন খালী হোৱা ৰাজ্যসভা আসনৰ নিৰ্বাচন ২৪ জুলাইত অনুষ্ঠিত হ'ব ৷ ইফালে অসমৰ নেত্ৰী সুস্মিতা দেৱ আৰু শান্তা ছেত্ৰীক তালিকাৰ পৰা বাদ দিয়া হৈছে । ন'-ভোট-টু-বিজেপি প্ৰচাৰৰ অন্যতম মুখ সমীৰুল ইছলাম আৰু মন্ত্ৰী বুলু চিক বাৰাইকৰ ভাতৃ প্ৰকাশ চিক বাৰিকে তেওঁলোকৰ স্থান লাভ কৰিছে ৷

উল্লেখ্য, আৰটিআই কৰ্মী সাকেত গোখলে প্ৰথমতে এগৰাকী সাংবাদিক আছিল । হিন্দুস্তান টাইমছ আৰু ফাইনেন্সিয়েল টাইমছত বিদেশী সংবাদদাতা হিচাপে কাম কৰাৰ পিছত ২০২১ চনত তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল । ২০২২ চনৰ ডিচেম্বৰত গুজৰাটত মৰ্বি দলং খহি পৰা ঘটনাৰ সময়ত এক বিতৰ্কিত টুইটৰ পিছত গোখলে চৰ্চালৈ আহিছিল ।

গুজৰাটৰ বাসিন্দা সাকেতক ছ'চিয়েল মিডিয়াত ভুল তথ্য পোষ্ট কৰাৰ অভিযোগত নিৰীক্ষণৰ অধীনত আছিল । আহমেদাবাদৰ মেট্ৰ'পলিটান আদালতৰ পৰা জামিন লাভ কৰাৰ পিছত গোখলেক একেটা টুইটৰ বাবে দুবাৰ গ্ৰেপ্তাৰ কৰা হৈছিল । লগতে প্ৰৱৰ্তন সঞ্চালকালয়ে গোখলেক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ বিৰুদ্ধে ধন আত্মসাতৰ অভিযোগ আৰোপ কৰে ।

অৱশ্যে টিএমচিয়ে কৈছে যে গোখলেয়ে শেহতীয়াকৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ দ্বাৰা বিতৰ্কিত পেগাচাছ স্পাইৱেৰৰ বাজেট আবণ্টন সন্দৰ্ভত তথ্যৰ অধিকাৰ আইনৰ অধীনত এটা প্ৰশ্ন দাখিল কৰিছিল ।

লগতে পঢ়ক :Rajya Sabha Election : আজি ৰাজ্যসভা নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব জয়শংকৰে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.