ETV Bharat / bharat

Benefits of Time Restricted Eating: সময়মতে খাদ্য গ্ৰহণে শৰীৰক ৰোগৰ পৰা সুৰক্ষা দিয়ে

নিৰ্ধাৰিত ব্যৱধানত খোৱাটোৱে শৰীৰৰ চাৰ্কাডিয়ান ছন্দ উন্নত কৰে (set intervals Eating helps body circadian rhythm) আৰু কৰ্কট ৰোগৰ দৰে গুৰুতৰ ৰোগ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ জিনৰ সক্ৰিয়কৰণ উন্নত কৰে ।

eating
eating
author img

By

Published : Jan 21, 2023, 3:17 PM IST

নিউজ ডেস্ক, ২১ জানুৱাৰী : চিকিৎসকসকলে এই কথাত নিৰন্তৰ গুৰুত্ব দিয়ে যে সুস্বাস্থ্যৰ বাবে খাদ্যত অনুশাসন অতি গুৰুত্বপূৰ্ণ (diet important for good health) । শেহতীয়াকৈ প্ৰাপ্তবয়স্ক মতা নিগনিৰ ওপৰত কৰা পৰীক্ষা ভিত্তিক গৱেষণাৰ ফলাফলেও এই তত্ত্বটো নিশ্চিত কৰিছে । গৱেষণাটোৱে প্ৰকাশ কৰিছে যে সময়মতে খোৱাটোৱে শৰীৰত বাৰ্ধক্য-বিৰোধী (time restricted eating can increase anti ageing) আৰু কৰ্কটৰোধী প্ৰভাৱ বৃদ্ধি কৰিব পাৰে (time restricted eating effects on anti cancer) । লগতে নিৰ্দিষ্ট সময়ৰ ব্যৱধানত খাদ্য গ্ৰহণে শৰীৰৰ বহুতো কলাত জিনৰ অভিব্যক্তি প্ৰভাৱিত কৰে । এই গৱেষণাটো প্ৰকাশ পাইছে 'চেল মেটাবলিজম' (Cell Metabolism) নামৰ আলোচনীখনত ।

মেডিকেল টুডে নিউজৰ মতে, গৱেষণাৰ পৰীক্ষাৰ পিছৰ মূল্যায়নত দেখা গৈছে যে সময়মতে আহাৰ খোৱা (Time restricted Eating, TRE) নিগনিবোৰে সমগ্ৰ শৰীৰত অন্ত্ৰ, হৃদযন্ত্ৰ, হাঁওফাঁও, যকৃত আৰু মগজুকে ধৰি 22 টা বিভিন্ন কোষকলাত জিনৰ কাৰ্যকলাপৰ পাৰ্থক্য প্ৰদৰ্শন কৰে । অধ্যয়নবোৰে এইটোও প্ৰমাণ পাইছে যে সময়মতে খোৱাটোৱে দীৰ্ঘজীৱন সৃষ্টি কৰিব পাৰে আৰু কৰ্কট ৰোগৰ বিৰুদ্ধে যুঁজিবলৈ শৰীৰৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে । গৱেষকসকলে জনাইছে যে সময়মতে আহাৰ খোৱাটো অনুসৰণ কৰিলে শৰীৰৰ প্ৰাকৃতিক দৈনন্দিন বিশ্ৰাম, সক্ৰিয়কৰণ আৰু যিকোনো শাৰীৰিক সক্ৰিয়তা কৰাৰ সামৰ্থ্য শক্তিশালী হয়, যিয়ে স্বাস্থ্যও উন্নত কৰে ।

সময়মতে আহাৰ গ্ৰহণৰ লাভালাভ (Benefits of Time Restricted Eating) : সময়মতে খোৱাটোক এক প্ৰকাৰৰ "মাজে মাজে কৰা উপবাস" (Intermittent Fasting) বুলি গণ্য কৰা হয় । য'ত মানুহে এক নিৰ্ধাৰিত সময়ত যি বিচাৰে সেয়া খাব পাৰে, কিন্তু তেওঁলোকে বাকী দিনটো উপবাস কৰে । ইয়াৰ পূৰ্বে বিষয়টোৰ সৈতে সম্পৰ্কিত পশুৰ আৰ্হি আৰু মানৱ আৰ্হিৰ ওপৰত গৱেষণা কৰা হৈছে, যাৰ প্ৰায় সকলোবোৰে লাভজনক বুলি গণ্য কৰা হৈছে ।

2022 চনত সময়মতে খোৱাৰ ওপৰত এক প্ৰতিবেদনে প্ৰকাশ কৰিছিল যে ই মেদবহুলতা, ডায়েবেটিচ, হৃদৰোগ, টোপনি চক্ৰ আৰু মানসিক স্বাস্থ্যৰ স্থিতি উন্নত কৰে । গৱেষণাটোত কোৱা হৈছিল যে সময়মতে খোৱাটোৱে ভাল টোপনি আৰু বিপাকত সহায় কৰে, ওজন বৃদ্ধি বা মেদবহুলতা প্ৰতিহত কৰে আৰু শৰীৰত ৰক্ত শৰ্কৰাৰ স্তৰ নিয়ন্ত্ৰণ কৰে । ই হৃদযন্ত্ৰ আৰু অন্ত্ৰৰ সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰে ।

নিগনিৰ ওপৰত এই গৱেষণাটো লছ এঞ্জেলছৰ লা-জোলাৰ ছাল্ক ইনষ্টিটিউটত (Salk Institute of La Jolla) সন্মানীয় "ৰিচাৰ্ড আৰু ৰীতা এটকিনচন আসন"ৰ (Richard and Rita Atkinson Chair) অধ্যাপক সাতচিন পাণ্ডা আৰু তেওঁৰ দলৰ দ্বাৰা কৰা হৈছিল । য'ত ডায়েটিচিয়ানসকলো অন্তৰ্ভুক্ত আছিল । গৱেষণাৰ ফলাফলত অধ্যাপক পাণ্ডাই সময়মতে খোৱাৰ ওপৰত আধাৰিত পুষ্টি প্ৰক্ৰিয়াই কেনেদৰে কৰ্কট ৰোগৰ দৰে ৰোগৰ সৈতে যুঁজ দিয়া জিনবোৰ সক্ৰিয় কৰিব পাৰে তাৰ ওপৰত আলোকপাত কৰে ।

গৱেষণাই দেখুৱাইছে যে দিনটোৰ যিকোনো সময়ত যিকোনো বস্তু খোৱাতকৈ সময়মতে খোৱাটো স্বাস্থ্যৰ বাবে অধিক উপকাৰী । সেয়া খোৱা খাদ্যত কেলৰি অধিক হওক বা যিকোনো প্ৰকাৰৰ আহাৰে নহওক কিয় । গৱেষণাটোত এইটোও উল্লেখ কৰা হৈছে যে সময়মতে খাদ্য খোৱাটোৱে শৰীৰত ইনছুলিনৰ সঁহাৰি নিয়ন্ত্ৰণ কৰে, যিয়ে ভোক হ্ৰাস কৰে আৰু ফলত ওজন হ্ৰাস কৰে ।

গৱেষণাটোৰ বাবে নিগনিৰ দুটা গোট সৃষ্টি কৰা হৈছিল । তাৰে ভিতৰত এটা গোটক যেতিয়াই বিচাৰে খাবলৈ অনুমতি দিয়া হৈছিল । আনহাতে, আনটো গোটক প্ৰতি 9 ঘণ্টাৰ অন্তত খাদ্য খাবলৈ দিয়া হৈছিল । দুয়োটা গোটৰ নিগনিয়ে সমান পৰিমাণৰ আহাৰ গ্ৰহণ কৰিছিল আৰু তেওঁলোকে গ্ৰহণ কৰা মুঠ কেলৰি একে আছিল । সাত সপ্তাহৰ পিছত গৱেষকসকলে 22 টা অঙ্গ আৰু মগজুৰ পৰা নমুনা লৈছিল, যাৰ ভিতৰত আছে নিগনিৰ পাকস্থলী, অন্ত্ৰ, যকৃত, হাঁওফাঁও, হৃদযন্ত্ৰ, এড্ৰেনেল গ্ৰন্থি, হাইপোথেলামাছ আৰু বৃক্ক ।

উক্ত নমুনাবোৰৰ পৰা দেখা যায় যে আন গোটৰ তুলনাত সময়মতে খোৱা গোটটোৰ সামগ্ৰিক জিন অভিব্যক্তিত এক ইতিবাচক পৰিৱৰ্তন দেখুৱাইছিল । একে সময়তে TRE গোটৰ নিগনিৰ শৰীৰৰ চাৰ্কাডিয়ান ছন্দও (circadian rhythm of body) শক্তিশালী হৈছিল । যাৰ ফলত সিহঁতৰ বিশ্ৰাম আৰু কাৰ্যকলাপৰ প্ৰাকৃতিক চক্ৰও উন্নত হৈছিল । ইয়াৰ উপৰি গৱেষণাত দেখা গৈছিল যে সময়মতে খোৱাৰ ফলত প্ৰদাহ সৃষ্টি কৰা জিনৰ কাৰ্যকলাপ হ্ৰাস পাইছিল আৰু পুৰণি আৰু ক্ষতিগ্ৰস্ত কোষবোৰৰ পুনৰ্ব্যৱহাৰ বা পুনৰ্নিৰ্মাণৰ প্ৰক্ৰিয়াও ত্বৰান্বিত হৈছিল ।

শেষত অধ্যাপক পাণ্ডাই ব্যাখ্যা কৰে যে গৱেষণাটোত এইটোও পোৱা গৈছে যে সময়মতে খোৱাটোৱে শৰীৰক বিভিন্ন প্ৰক্ৰিয়াৰ সমন্বয় কৰিবলৈ অনুমতি দিয়ে আৰু সেইবোৰ একত্ৰিত কৰাত সহায় কৰে, দুটা আহাৰৰ মাজত সময়ৰ ব্যৱধান হ্ৰাস কৰাৰ উপৰি । মধ্যৱৰ্তী সময়ছোৱাত বৰ্ধিত অ'টোফেগীয়ে বয়স-সম্পৰ্কীয় ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰাত সহায় কৰে আৰু স্বাস্থ্য উন্নত কৰে ।

সাতচিন পাণ্ডাৰ মতে, আমেৰিকা যুক্তৰাষ্ট্ৰত বহুসংখ্যক প্ৰাপ্তবয়স্ক লোক আছে যিয়ে 'অনিয়মীয়া' খাদ্যৰ প্ৰকাৰ অনুসৰণ কৰে । য'ত তেওঁলোকে প্ৰতিদিনে 12 ঘণ্টাতকৈ অধিক সময় ধৰি খাদ্য, জলপান আৰু চেনিযুক্ত পানীয় আদি নিৰন্তৰভাৱে গ্ৰহণ কৰে । লগতে দিন আৰু ৰাতিৰ বিভিন্ন শ্বিফ্টত কাম কৰা লোকসকলৰ খোৱাৰ সময় নিৰ্ধাৰণ কৰা নহয় । ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰে । এনে পৰিস্থিতিত সময়মতে খোৱা আহাৰ অনুসৰণ কৰাটো তেওঁলোকৰ বাবে অতি উপকাৰী হ'ব পাৰে । তেওঁৰ গোটৰ দ্বাৰা কৰা আন এটা গৱেষণাতো এইটো নিশ্চিত কৰা হৈছে ।

তেওঁ ব্যাখ্যা কৰে যে বৰ্তমান সময়মতে খোৱাৰ লাভালাভৰ ওপৰত 150-ৰো অধিক অধ্যয়ন কৰা হৈছে । কৰ্কট ৰোগ, টাইপ-2 ডায়েবেটিছ, উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল, হৃদৰোগ আৰু অধিক ওজনৰ সমস্যাৰ ক্ষেত্ৰত ইয়াৰ লাভালাভ সম্পৰ্কে বিভিন্ন মডেল আছে । তেওঁ বৰ্ণনা কৰে যে দীৰ্ঘম্যাদী বিপাকীয় বিকাৰ (chronic metabolic disorders), নিউৰোডিজেনাৰেটিভ ৰোগ (neurodegenerative diseases) আৰু কৰ্কট ৰোগৰ প্ৰাক-নিদানিক পশু মডেলৰ ওপৰত সময়মতে খোৱাৰ প্ৰভাৱ ব্যাখ্যা কৰিবলৈ তেওঁৰ অধ্যয়ন এক গুৰুত্বপূৰ্ণ সংযোগ হিচাপে প্ৰমাণিত হ'ব ।

লগতে পঢ়ক : Physical activity : মানসিক চাপ হ্ৰাস কৰিবলৈ হওক শাৰীৰিকভাৱে সক্ৰিয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.