ETV Bharat / bharat

তেলেংগানাৰ নিজামাবাদত গ্ৰেপ্তাৰ PFI ৰ সদস্য

author img

By

Published : Jul 7, 2022, 6:27 PM IST

তেলেংগানা আৰক্ষীয়ে নিজামাবাদত বুধবাৰে পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ তিনিজন সদস্যক গ্ৰেপ্তাৰ কৰে (Popular Front of India members arrested in Nizamabad)। তেওঁলোকৰ এজনে ২০১৭ চনত PFI ত যোগদান কৰিছিল আৰু আন দুজনে পৰৱৰ্তী সময়ত সংগঠনটোত যোগদান কৰিছিল । আটাইকেইজনকে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে ।

PFI
তেলেংগানাৰ নিজামাবাদত গ্ৰেপ্তাৰ ৩ PFIৰ সদস্য

নেশ্যনেল ডেস্ক,৭ জুলাই : তেলেংগানাত বিদ্ৰোহী সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (PFI) সদস্যক গ্ৰেপ্তাৰ (PFI activists arrested in Telangana)। সংগঠনটোৰ তিনিজন সদস্যক বুধবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৰ্মীয় বিদ্বেষ সৃষ্টিৰ চেষ্টা কৰাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তিনিজনক (Telangana police arrested 3 PFI members)।

শেহতীয়াকৈ একাংশ যুৱকক সমৰ কলাৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে সংগঠনৰ সৈতে জড়িত ৫২ বছৰীয়া এজন লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল । তাৰ পাছতে আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে সদস্য তিনিজনক ।

আৰক্ষীয়ে জনোৱা মতে, ২২ ৰ পৰা ৪০ বছৰ বয়সৰ তিনিওজন নিজামাবাদ চহৰৰ । তেওঁলোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি (IPC) আৰু বে-আইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ প্ৰাসংগিক ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । নিজামাবাদৰ আৰক্ষী আয়ুক্ত কে আৰ নাগাৰাজুৱে কয় যে তেওঁলোকৰ এজনে ২০১৭ চনত PFI ত যোগদান কৰিছিল আৰু আন দুজনে পৰৱৰ্তী সময়ত সংগঠনটোত যোগদান কৰিছিল ।

পূৰ্বে গ্ৰেপ্তাৰ হোৱা ৫২ বছৰীয়া লোকজনক এই তিনিওজনে এটা ঘৰ নিৰ্মাণৰ বাবে ৬ লাখ টকা দিছিল বুলি আৰক্ষীয়ে উল্লেখ কৰে । ৫২ বছৰীয়া লোকজন কাৰাটেৰ প্ৰশিক্ষক । যিয়ে আইনী সজাগতা আৰু কাৰাটেৰ প্ৰশিক্ষণ শিবিৰ পৰিচালনাৰ নামত যোৱা ছয় মাহ ধৰি যুৱক-যুৱতীসকলক অসামাজিক কাৰ্যকলাপৰ প্ৰতি অনুপ্ৰাণিত কৰি আহিছিল আৰু তেওঁলোকক সমৰ কলা আৰু মাৰাত্মক অস্ত্ৰ ব্যৱহাৰৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল । ধৃত আটাইকেইজনকে আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :অসমৰ পৰা ATM চুৰি কৰি নিয়া ৪ চোৰক হাৰিয়ানাত গ্ৰেপ্তাৰ: ২৯ লাখ টকাও উদ্ধাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.