নিউজ ডেস্ক, ১৭ ফেব্ৰুৱাৰী: মহাৰাষ্ট্ৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা । মংগলবাৰে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদত কন্নাদ পৌৰসভাত সংঘটিত পথ দুৰ্ঘটনাটোত নিহত হয় তিনিজন লোক । এখন ট্ৰাকৰ আৰু বিবাহ যাত্ৰী কঢ়িয়াই নিয়া এখন বাহনৰ মুখামুখি সংঘৰ্ষত সংঘটিত হয় পথ দুৰ্ঘটনাটো । ফলত থিতাতে তিনিজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় সাতজন ।
কন্নাদ পৌৰসভাৰ অন্তৰ্গত দুৰ্ঘটনাস্থলীত উদ্ধাৰ হোৱা মৃতদেহ কেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে । ইফালে, আহত সকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে । আৰক্ষীৰ মতে, দুৰ্ঘটনাটোত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে । ঘটনা সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্য়াহত আছে ।
লগতে পঢ়ক:ঋণৰ বোজা কঢ়িয়াব নোৱাৰি জীয়ৰীক বিক্ৰী