নেশ্যনেল ডেস্ক, ১৯ এপ্ৰিল: এফালে দেশত দ্ৰুত গতিত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ, আনফালে চলিছে মহামাৰীত আক্ৰান্তৰ চিকিৎসাত ব্যৱহৃত ঔষধৰ ক'লা বেহা । ৰেমডেছিবিৰ অবৈধ ব্যৱসায় চলোৱাৰ অভিযোগত ইন্দোৰ আৰক্ষীয়ে দেওবাৰে চহৰখনৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এগৰাকী নাৰ্চ আৰু তেওঁৰ দুই সতীৰ্থক গ্ৰেপ্তাৰ কৰে । গ্ৰেপ্তাৰ কৰা লোককেইজনৰ পৰা দুটা ৰেমডেছিবিৰ বেজী জব্দ কৰে । ইয়াৰে এটা ভুৱা বুলিও তথ্য লাভ কৰে আৰক্ষীয়ে ।
এই গোপন সূত্ৰৰ পম খেদি ইন্দোৰ আৰক্ষীয়ে তিনি জন লোকক গ্ৰেপ্তাৰ কৰে । ইন্দোৰ আৰক্ষীয়ে এগৰাকী লোকক গ্ৰাহক হিচাপে অভিযুক্ত কবিতা চৌহানৰ ওচৰলৈ পঠিয়াইছিল । যেতিয়া লোকজনৰ সৈতে কবিতাই ৰেমডেছিবি বেজীৰ বাবে দৰ দাম চলাই ৩৫ হাজাৰ টকা বিচাৰিছিল তেতিয়াই আৰক্ষীয়ে কবিতাক হাতে-লোটে ধৰা পেলাইছিল বুলি আৰক্ষী বিষয়া এগৰাকীয়ে জানিবলৈ দিয়ে । গ্ৰেপ্তাৰ কৰা লোককেইজন ইন্দোৰৰ বাৰোদ চিকিৎসালয়ৰ নাৰ্ছ কবিতা চৌহান, শুভম পাৰমাৰ আৰু ভূপেন্দ্ৰ পাৰমাৰ বুলি চিনাক্ত কৰা হৈছে । যিসময়ত দেশত প্ৰতিষেধকৰ বৃহৎ নাটনিয়ে দেখা দিছে সেই সময়তে একাংশ অসাধু লোকে ৰেমডেছিবিৰ অবৈধ ব্যৱসায় চলাই আহিছে । ইয়াৰ পূৰ্বে ইন্দোৰ আৰক্ষীৰ অপৰাধ শাখাই ৪০০টা ভুৱা ৰেমডেচিবিৰ বেজী বিক্ৰী কৰাৰ অভিযোগত বিনয় শংকৰ ত্ৰিপাঠী নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰিছে ।
লগতে পঢ়ক: দিল্লী আৰক্ষীয়ে ক'ভিড ৰোগীৰ বাবে যোগান ধৰিলে অক্সিজেন