ETV Bharat / bharat

আগষ্টৰ শেষলৈ ক'ভিডৰ তৃতীয় ঢৌ: সুৰক্ষিত ৰাখিবলৈ কি কৰিব ? - কৰ'ণা

আগষ্টৰ শেষৰ ফাললৈ দেশত ক'ভিডৰ তৃতীয় ঢৌৱে আক্ৰমণ কৰাৰ সম্ভাৱনা ৷ প্ৰথম আৰু দ্বিতীয় ঢৌতকৈও অধিক শক্তিশালী ৰূপত এই তৃতীয় ঢৌৱে সংহাৰ সৃষ্টি কৰাৰ আশংকা ৷ প্ৰকৃততে ক'ভিডৰ এই তৃতীয় ঢৌ কি ? ইয়াৰ পৰা হাত সাৰিবলৈ আপুনি কি কি কৰিব ৷ সবিশেষ পঢ়ক…

third wave may hit country around august end
আগষ্টৰ শেষলৈ ক'ভিডৰ তৃতীয় ঢৌ
author img

By

Published : Jul 18, 2021, 7:47 PM IST

নিউজ ডেস্ক, 18 জুলাই : বিশ্বত্ৰাস ক'ভিড অতিমাৰীৰ সংহাৰে ইতিমধ্যে বিশ্বৰ প্ৰায় প্ৰত্যেকখন দেশ বিধ্বস্ত কৰি তুলিছে ৷ ক'ভিডৰ প্ৰথম ঢৌক প্ৰতিহত কৰাৰ বাবে বিশ্বজুৰি প্ৰচেষ্টা অব্যাহত থকাৰ মাজতে দ্বিতীয় ঢৌৱে পূৰ্বতকৈও অধিক সংহাৰী ৰূপ ধাৰণ কৰাৰ পাচত এতিয়া তৃতীয় ঢৌৰ ত্ৰাসে বিশ্ববাসীক আতংকিত কৰি তুলিছে ৷ প্ৰতি মুহুৰ্ততে লক্ষণ সলনি কৰা কৰ'ণাই এইবাৰ কি ৰূপ ধাৰণ কৰে, তাকে লৈ এতিয়া সকলোৱে আতংকিত হৈ পৰা পৰিলক্ষিত হৈছে ৷

  • প্ৰকৃততে ক'ভিডৰ তৃতীয় ঢৌ কি ?

বিশেষজ্ঞসকলৰ মতে অতিমাৰী কৰ'ণাই এতিয়া এক নতুন ৰূপ ধাৰণ কৰিছে ৷ কৰ'ণাৰ এই নতুন ৰূপটোকে বিশেষজ্ঞসকলে কৰ'ণাৰ তৃতীয় ঢৌ বুলি ক'ব খুজিছে ৷ বিগত প্ৰায় ডেৰ বছৰে দেশবাসীয়ে কৰ'ণাৰ প্ৰথম আৰু দ্বিতীয় ঢৌৰ সৈতে যুঁজ দি আহিছে ৷ এতিয়া পুনৰ সম্ভাব্য তৃতীয় ঢৌৰ বিৰুদ্ধে যুঁজ দিয়াৰ উদ্দেশ্যে সাজু থাকিবলৈ বিশেষজ্ঞ তথা গৱেষকসকলে ৰাইজক সতৰ্ক কৰি দিছে ৷

বহু বিশেষজ্ঞই অনুমান কৰা অনুসৰি কৰ'ণাৰ এই সম্ভাব্য তৃতীয় ঢৌ প্ৰথম আৰু দ্বিতীয় ঢৌতকৈও অধিক ভয়াৱহ ৷ সেয়েহে কৰ'ণাক প্ৰতিহত কৰাৰ উদ্দেশ্যে সকলোকে ঘৰৰ ভিতৰত থাকিবলৈ চৰকাৰৰ ফালৰ পৰাও আহ্বান জনোৱা হৈছে ৷

  • ভাৰতত কেতিয়া ক'ভিডৰ তৃতীয় ঢৌ আৰম্ভ হ'ব ?

ভাৰত চৰকাৰে অতি শেহতীয়াকৈ কৰ'ণাৰ তৃতীয় ঢৌক লৈ সতৰ্কবাণী জাৰি কৰিছে ৷ লক ডাউনৰ নিৰ্দেশনা সঠিকভাৱে অনুসৰণ নকৰিলে অতি শীঘ্ৰে কৰ'ণাৰ তৃতীয় ঢৌৱে দেশত সংহাৰ আৰম্ভ কৰিব বুলি চৰকাৰে আশংকা প্ৰকাশ কৰিছে ৷ ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (ICMR) মহামাৰী বিজ্ঞান আৰু সংক্ৰামক ৰোগৰ মুৰব্বী ডাঃ সমীৰণ পাণ্ডাই প্ৰদান কৰা সতৰ্কবাণী অনুসৰি, আগষ্টৰ শেষৰফালে দেশত ক'ভিড-19 ৰ তৃতীয় ঢৌৱে আক্ৰমণ কৰাৰ সম্ভাৱনা আছে ৷ ক'ভিডৰ প্ৰথম দুটা ঢৌত নিম্ন প্ৰভাৱ প্ৰত্যক্ষ কৰা ৰাজ্যসমূহক সতৰ্ক কৰি দি তেওঁ কয় যে, তেওঁলোকে যদিহে ক'ভিড সম্পৰ্কীয় নিৰ্দেশনাসমূহ কঠোৰভাৱে মানি নচলে, তেন্তে তৃতীয় ঢৌৱে অতিমাত্ৰা হাৰত প্ৰভাৱ বিস্তাৰ কৰিব ৷

  • তৃতীয় ঢৌৰ লক্ষণসমূহ কি ?

কৰ'ণাৰ তৃতীয় ঢৌৰ লক্ষণ সন্দৰ্ভত বিভাগীয়ভাৱে এতিয়ালৈকে তেনে কোন বিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই ৷ তৃতীয় ঢৌত আক্ৰান্ত হোৱা লোকসকলে জ্বৰ, কাঁহৰ লগতে উশাহ চুটি হোৱা বা উশাহ লওতে অসুবিধাৰ সন্মুখীন হ'ব পাৰে ৷ বৰ্তমানলৈকে স্বাস্থ্য বিভাগৰ ফালৰ পৰা কেৱল এই কথা কোৱা হৈছে যে, ক'ভিডৰ তৃতীয় ঢৌত আক্ৰান্ত হোৱাৰ পাচত লক্ষণসমূহ ধৰা পৰিবলৈ 2 ৰ পৰা 14 দিন পৰ্যন্ত সময় ল'ব পাৰে ৷

যদিহে কোনো লোকৰ শৰীৰত সাধাৰণ কৰ'ণা ভাইৰাছৰ লক্ষণসমূহ ধৰা পৰে, তেন্তে সেই লোকজন সোনকালেই সুস্থ হৈ উঠিব ৷ কৰ'ণাৰ সাধাৰণ লক্ষণসমূহে দেখা দিলে ঘৰতে চিকিৎসা কৰি আক্ৰান্ত লোকজন সুস্থ হৈ উঠিব পাৰিব ৷

  • তৃতীয় ঢৌৰ পৰা নিজকে কেনেকৈ ৰক্ষা কৰিব ?

বিশ্বত্ৰাস ক'ভিড অতিমাৰীৰ আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰি ৰখাৰ উদ্দেশ্যে স্বাস্থ্য বিভাগে কিছুমান বিশেষ পৰামৰ্শ প্ৰদান কৰিছে ৷ এই পৰামৰ্শসমূহ এনেধৰণৰ-

1. চাবোনেৰে ভালকৈ হাত ধুব ৷

2. ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ সময়ত মাস্ক পৰিধান কৰাৰ লগতে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব ৷

3. ঘনে ঘনে মুখ আৰু মাস্ক স্পৰ্শ নকৰিব ৷

4. আক্ৰান্তৰ পৰা অতি কমেও দুখোজ দূৰত্ব বজাই ৰাখক ৷

5. কাঁহ আহিলে মুখখন ৰুমালেৰে ঢাকি ৰাখিব ৷

6. আপুনি যদি ইতিমধ্যে অসুস্থ তেন্তে ঘৰতে থাকক ৷

7. ধূমপান কৰাৰ পৰা বিৰত থকাৰ লগতে হাঁওফাঁও দুৰ্বল কৰিব পৰা তেনেধৰণৰ অন্য কাৰ্য-কলাপৰ পৰা বিৰত থাকক ৷

8. অতি প্ৰয়োজনীয় কাম নাথাকিলে ঘৰৰ পৰা বাহিৰলৈ নোলাব ৷

লগতে পঢ়ক: আগষ্টৰ শেষৰ ফালে দেশত ক'ভিডৰ ৩য় ঢৌৰ সংক্ৰমণৰ সম্ভাৱনা: ডাঃ সমীৰণ পাণ্ডা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.