ETV Bharat / bharat

Third time loud explosion in Punjab: আকৌ অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ কাষত ফুটিল বোমা - প্ৰকৃততে কি হৈছে পঞ্জাৱত

অমৃতসৰৰ স্বৰ্ণ মন্দিৰৰ কাষত আকৌ ফুটিল বোমা ৷ বৃহস্পতিবাৰে পুৱতি নিশা সংঘটিত হয় তৃতীয়টো বিস্ফোৰণৰ ঘটনা (Third time loud explosion in Punjab) ৷ এই বিস্ফোৰণ সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে 2 জন লোকক আটক কৰিছে বুলি জানিব পৰা গৈছে । লগতে আৰক্ষীয়ে আটকাধীন দুই ব্যক্তিৰ পৰা বোমা নিৰ্মিত সামগ্ৰীও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে । অৱশ্যে তদন্তৰ খাতিৰত আৰক্ষীয়ে বৰ্তমানলৈকে সংবাদ মাধ্যমৰ আগত কোনো তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ৷

Third time loud explosion in Punjab
প্ৰকৃততে কি হৈছে পঞ্জাৱত ?
author img

By

Published : May 11, 2023, 7:16 AM IST

নেশ্যনেল ডেস্ক, 11 মে’ : প্ৰকৃততে কি হৈছে পঞ্জাৱত ? এটাৰ পিচত আনটোকৈ বোমা ফুটিছে পঞ্জাৱত ৷ এইবাৰ তৃতীয়বাৰৰ বাবে পঞ্জাৱত সংঘটিত হৈছে বোমা বিস্ফোৰণৰ ঘটনা ৷ পুনৰ একেটা স্থানতে অৰ্থাৎ পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ সমীপত বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 1 বজাত সংঘটিত হয় এই তৃতীয়টো বিস্ফোৰণ (Third time loud explosion near Golden Temple of Amritsar) ৷

বৃহস্পতিবাৰে পুৱতি নিশা প্ৰায় 1 বজাত শ্ৰী হৰিমন্দৰ চৰায় (Shri Guru Ramdas Sarai) বাহিৰৰ শ্ৰীগুৰু ৰামদাস সৰাৰ কাষৰ কৰিডৰৰ সমীপত সংঘটিত হয় এই তৃতীয়টো বিস্ফোৰণ সংঘটিত হয় (Third time loud explosion in Punjab) । মাজনিশা হোৱা এই বিস্ফোৰণত শংকিত হৈ পৰে অঞ্চলবাসী ৷ তাৰ পাচতে চাৰিওফালে সৃষ্টি এক হুৱাদুৱা পৰিৱেশৰ ৷

লগতে পঢ়ক : Blast at Near Golden Temple : পঞ্জাৱৰ দৰবাৰ চাহিবৰ সমীপত বিস্ফোৰণ, আহত বহুজন

ভয়তত বিতত হৈ অঞ্চলটোৰ লোকে প্ৰাণৰ মমতাত সেই স্থানৰ পৰা আঁতৰি যোৱাৰ চেষ্টা কৰে ৷ অৱশ্যে বিস্ফোৰণ সংঘটিত হোৱা স্থানত ততাতৈয়াকৈ আৰক্ষী উপস্থিত হয় আৰু নিয়ন্ত্ৰণ কৰে সামগ্ৰিক পৰিস্থিতি (Blast at Near Golden Temple) ৷ জানিব পৰা পৰা মতে, উক্ত বিস্ফোৰণ স্থলীৰ পৰা ইতিমধ্যে পঞ্জাৱ আৰক্ষীয়ে এখন চিঠিও উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ উক্ত চিঠিখন পঞ্জাৱ আৰক্ষীয়ে নিজৰ হাতলৈ আনি পৰীক্ষা-নিৰীক্ষা কৰি আছে বুলি ডজানিব পৰা গৈছে ৷

অৱশ্যে এই চিঠিখনত কি লিখা আছে বা কোনে প্ৰেৰণ কৰিছে সেই সন্দৰ্ভত লাভ কৰা নাই কোনো তথ্য ৷ আৰক্ষীৰ ফালৰ পৰাও উক্ত চিঠি সন্দৰ্ভত কোনোধৰণৰ মন্তব্য প্ৰদান কৰা হোৱা নাই ৷ ইফালে মাজনিশা বিস্ফোৰণ সংঘটিত হোৱা স্থানত আৰক্ষী আয়ুক্ত নৌনিহাল সিং উপস্থিত হৈ বিস্ফোৰণস্থলী পৰিদৰ্শন কৰে ।

ইতিমধ্যে উক্ত ঘটনা সংক্ৰান্তত শ্ৰী হৰিমন্দৰ চৰায়ৰ 225 নং কোঠাৰ পৰা পঞ্জাৱ আৰক্ষীয়ে এজন যুৱক আৰু এগৰাকী যুৱতীক সোধ-পোচৰ বাবে আটক কৰিছে ৷ লগতে আটকাধীন যুৱক-যুৱতীৰ পৰা বোমা প্ৰস্তুত কৰা কিছু সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে ৷ অৱশ্যে ঘটনাৰ সম্পূৰ্ণ তদন্তৰ অন্তহে সকলো তথ্য পোহৰলৈ আহিব ৷ পঞ্জাৱ আৰক্ষীয়ে ইতিমধ্যে উক্ত বিস্ফোৰণ সন্দৰ্ভত প্ৰতিটো দিশ তন্নতন্নকৈ পৰীক্ষা কৰি আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক : Another mysterious explosion in Punjab : দেওবাৰে পুৱাই বোমা বিস্ফোৰণত কঁপিল পঞ্জাৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.