ETV Bharat / bharat

শ্বাহীনবাগৰ ঘটনা সন্দৰ্ভত দাখিল আন এক অভিযোগনামা

author img

By

Published : Feb 25, 2021, 3:33 PM IST

দিল্লীৰ শ্বাহীনবাগৰ ঘটনা সন্দৰ্ভত দাখিল আন এক অভিযোগনামা । চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি এই অভিযোগনামা দাখিল । হিংসাত্মক ঘটনাটো এক পূৰ্ব পৰিকল্পিত ঘটনা হিচাপে ষড়যন্ত্ৰ কৰা হৈছিল বুলি চিচিটিভি ফুটেজত পৰিলক্ষিত হয় । তাৰ অভিযোগতেই পুনৰ আন এক অভিযোগনামা দাখিল দিল্লী আৰক্ষীৰ ।

দিল্লী আৰক্ষীৰ বিশেষ চেল
দিল্লী আৰক্ষীৰ বিশেষ চেল

নিউজ ডেস্ক, ২৫ ফেব্ৰুৱাৰী: ২০১৯ চনৰ দিল্লীৰ শ্বাহীনবাগৰ ঘটনা সন্দৰ্ভত দাখিল আন এক অভিযোগনামা । বুধবাৰে দিল্লী আৰক্ষীৰ বিশেষ চেলে ২০১৯ চনৰ ফেব্ৰুৱাৰী মাহত দিল্লীত হোৱা হিংসাত্মক ঘটনা সম্পৰ্কত কাৰকাৰডমুমা আদালতত দাখিল অভিযোগনামা । চিচিটিভি ফুটেজৰ ওপৰত ভিত্তি কৰি এই অভিযোগনামা দাখিল । ২০১৯ চনৰ ১৫ ডিচেম্বৰত জামিয়া আৰু নিউ ফ্ৰেইণ্ডছ কলনিত সংঘটিত হিংসাত্মক ঘটনাটো এক পূৰ্ব পৰিকল্পিত ঘটনা হিচাপে ষড়যন্ত্ৰ কৰা হৈছিল বুলি চিচিটিভি ফুটেজত পৰিলক্ষিত হয় । তাৰ অভিযোগতেই পুনৰ আন এক অভিযোগনামা দাখিল দিল্লী আৰক্ষীৰ ।

উল্লেখ্য যে, বিশেষ চেলৰ দ্বাৰা তদন্ত কৰা গোচৰটোৰ মুখ্য ষড়যন্ত্ৰকাৰীসকলৰ ভিতৰত প্ৰাক্তন ছাত্ৰ নেতা উমাৰ খালিদ, শ্বাৰ্জিল ইমাম আৰু বহিষ্কৃত এ এ পি কাউন্সিলৰ তাহিৰ হুছেইনৰ নাম আছে । এই সন্দৰ্ভত দিল্লীৰ এক আদালতে আটাইকেইজনকে ১ মাৰ্চলৈকে ন্যয়িক জিম্মালৈ প্ৰেৰণ কৰিছে । স্মৰ্তব্য যে, ১৯ ফেব্ৰুৱাৰীত দিল্লী আৰক্ষী সঞ্চালক প্ৰধান এছ এন শ্ৰীবাস্তৱে ঘটনাৰ অধিক তদন্তৰ বাবে বিশেষ অনুসন্ধানী দলৰ বাবে তিনিটা বিশেষ দল গঠন কৰা হৈছে ।

উল্লেখ্য যে, কেইবাটাও বিষয়েৰে ২০১৯ চনৰ ১৫ ডিচেম্বৰত নতুন দিল্লীৰ শ্বাহীনবাগত আৰম্ভ হৈছিল তীব্ৰ প্ৰতিবাদ । প্ৰায় ১০০ দিন ধৰি ধাৰাবাহিক ভাৱে চলিছিল এই প্ৰতিবাদ । কিন্তু মাৰ্চ মাহৰ পৰা আৰম্ভ হোৱা কৰণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত লাহে লাহে স্তিমিত হয় এই আন্দোলন আৰু মাৰ্চ মাহৰ ২৪ তাৰিখে প্ৰায় সমাপ্ত হৈ পৰে গোটেই আন্দোলনটো । এই প্ৰতিবাদৰ ফলত নতুন দিল্লী, নয়দা আৰু ফৰিদাবাদ সংযোগী মূল পথটো প্ৰায় বন্ধ হৈ পৰা লগতে ব্যাহত হৈ পৰিছিল যাতায়াত ব্যৱস্থা । সমান্তৰালভাৱে দিল্লীৰ এন চি আৰৰ লাখ লাখ লোক প্ৰভাৱিত হৈছিল এই প্ৰতিবাদৰ সময়ত । পথ বন্ধ হোৱা ঘটনাটো ইমানেই স্পৰ্শকাতৰ হৈ পৰিছিল যে এই বিষয়ত সন্মানীয় উচ্চতম ন্যায়ালয়ে শুনানি গ্ৰহণ কৰিবলগা হৈছিল ।

ইফালে, উত্তৰ-পূব দিল্লীৰ এই হিংসাত ৭৫০ ৰো অধিক গোচৰ ৰুজু কৰা হৈছিল আৰু অতিকমেও ৫৩ জন লোক নিহত হোৱাৰ কেইবাজনো আহত হৈছিল ।

লগতে পঢ়ক: পণ্ডিচেৰীত আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰী মোডীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.