ETV Bharat / bharat

Fashion tips: যিকোনো অনুষ্ঠানতে পৰিধান কৰিবলৈ মহিলাৰ বাবে সৰ্বোত্তম এইসমূহ শাৰী - মহিলাৰ শাৰী

কোনো বৈবাহিক অনুষ্ঠান, সভা, বা পাৰ্টি ইত্যাদিত মহিলাৰ বাবে শাৰী অতি গুৰুত্বপূৰ্ণ ৷ কিন্তু এইটোও সঁচা যে মহিলাসকলে অনুষ্ঠান অনুসৰি শাৰী বাছনি কৰাত যথেষ্ট বিভ্ৰান্তিত পৰে ৷ সেয়ে তলত দিয়া এই শাৰীসমূহৰ দ্বাৰা আপুনি যিকোনো অনুষ্ঠানতে ষ্টাইল কৰিব পাৰে ৷

These types of sarees are best for women and will attract attention at every event
যিকোনো অনুষ্ঠানতে পৰিধান কৰিবলৈ মহিলাৰ বাবে সৰ্বোত্তম এইসমূহ শাৰী
author img

By

Published : Jul 20, 2023, 1:54 PM IST

বৰ্তমান যুগৰ লোক যিমানেই আধুনিক নহওক কিয়, কিন্তু মহিলাৰ শাৰীৰ প্ৰতি যি প্ৰেম আছে, সেয়া আন কোনো সাজ-পোছাকৰ প্ৰতি সেই প্ৰেম দেখিবলৈ পোৱা যায় । আজিও অধিকাংশ মহিলাই বৈবাহিক অনুষ্ঠান আৰু বিশেষ অনুষ্ঠানত শাৰী পিন্ধিবলৈ পছন্দ কৰে । কিন্তু ছোৱালীৰ বাবে শাৰী বাছনিৰ ক্ষেত্ৰত যথেষ্ট বিভ্ৰান্তিৰ সৃষ্টি হৈছে যে অনুষ্ঠান অনুসৰি শাৰীখন বেছি গধুৰ হ’ব নেকি, নে তেওঁলোকৰ লুক শাৰীখনত সঠিক দেখা যাব নে নাই ।

যদিহে শাৰীখন অনুষ্ঠান অনুসৰি বাছি লৈ সঠিকভাৱে ষ্টাইল কৰা হয়, তেন্তে ইয়াতকৈ ভাল আন কোনো সাজ-পোছাক হ’ব নোৱাৰে । মহিলাৰ বাবে বহুতো উপযুক্ত কিছুমান শাৰী ষ্টাইল আছে । যাক পৰিধান কৰি যিকোনো মহিলাকে শুৱনি লাগে ৷ গতিকে আজিৰ এই প্ৰতিবেদনৰ জৰিয়তে আমি আপোনালোকৰ বাবে লৈ আহিছো শাৰীৰ কিছু ডিজাইন যাক পৰিধান কৰি আপুনি আপোনাৰ সৌন্দৰ্যতা আৰু দুগুণ বৃদ্ধি কৰিব পাৰে ৷

চিল্কৰ শাৰী

যদি আপুনি ষ্টানিং আৰু ষ্টাইলিছ দেখাব বিচাৰে কিন্তু হেভী লুক ভাল নাপায়, তেন্তে কেৱল সাধাৰণ ডিজাইন থকা চিল্ক শাৰী এখন বাচনি কৰক । কৰ্মস্থলীতো এনে শাৰী পৰিধান কৰিব পাৰে ।

কাছাভু শাৰী

কেৰালাত বিখ্যাত কাছাভু শাৰীয়ে আপোনাক এক এলিগেন্স লুক দিব, বৰ্ডাৰত কাম কৰা এই শাৰীবোৰে আপোনাক আৰামদায়ক অনুভৱ কৰাব কাৰণ ইয়াৰ ওজন লঘু আৰু বিবাহৰ পৰা অফিচিয়েল ইভেণ্টলৈও আপুনি এই শাৰী পৰিধান কৰিব পাৰিব ।

জেকেটৰ সৈতে শাৰী

যদি আপুনি এক্সপেৰিমেন্ট কৰিবলৈ ভয় নকৰে, তেন্তে কীৰ্তি সুৰেশৰ দৰে জেকেটৰ সৈতে নন-প্ৰিণ্ট শাৰী পৰিধান কৰক, আৰু আপুনি সুন্দৰ লুক লাভ কৰিব ।

ড্ৰেপ শাৰী

ড্ৰেপ শাৰী মহিলাৰ বাবে বেছি উপযোগী কাৰণ চম্ভালিবলৈ কোনো হেঁচা নাথাকে, সহজে বান্ধিব পাৰি । ইয়াৰ লগতে ইহঁতক বিভিন্ন ধৰণে ষ্টাইল কৰিব পাৰি । ড্ৰেপ শাৰী আপোনাৰ বাবে অতি আৰামদায়ক হ’ব ৷

শ্বিমৰি শাৰী

ছোৱালীৰ ওপৰত শ্বিমৰি শাৰীবোৰ দেখিবলৈ বৰ ভাল লাগে । প্ৰথমতে, পিন্ধিবলৈ লঘু আৰু একে সময়তে ষ্টাইলিছ লুক দিয়ে । যদি ৰাতি ক’ৰবাত পাৰ্টি হয়, তেন্তে যিকোনো ৰঙৰ জিলিকি থকা শাৰী এখন আপুনি পৰিধান কৰিব পাৰে ।

লগতে পঢ়ক: Benefit of Curry Leaves: বিভিন্ন গুণাগুণেৰে সমৃদ্ধ নৰসিংহ পাত, স্বাস্থ্য উপকাৰিতাৰ জানি হৈ পৰিব স্তম্ভিত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.