ETV Bharat / bharat

Diabetics: সাৱধান ! ডায়েবেটিছ ৰোগীয়ে ভুলতো নাখাব এইসমূহ ফল - ডায়েবেটিছ ৰোগীয়ে এইবোৰ ফল এৰাই চলিব লাগে

ডায়েবেটিছ সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ একো উপায় নাই, কিন্তু ইয়াৰ দ্বাৰা পীড়িত ৰোগীসকলে তেওঁলোকৰ খাদ্যৰ যত্ন লৈ ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷ স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও কিছুমান ফল ডায়েবেটিছৰ ৰোগীসকলে একেবাৰেই খাব নালাগে ৷ ডায়েবেটিছ ৰোগীৰ বাবে বিহসদৃশ এই ফলসমূহৰ বিষয়ে আজি জানো আহক-

These fruits are very poisonous for diabetics
সাৱধান ! ডায়েবেটিছ ৰোগীয়ে ভুলতো নাখাব এই ফল
author img

By ETV Bharat Assamese Team

Published : Oct 20, 2023, 6:18 PM IST

ভুল জীৱনশৈলী তথা খাদ্যাভ্যাস আৰু ব্যায়াম নকৰাৰ বাবে ডায়েবেটিছৰ দৰে বিপদজনক ৰোগ দিনক-দিনে বৃদ্ধি পাইছে ৷ প্ৰতি এশজনৰ দহজন ৰোগীয়েই এই দুৰাৰোগ্য ৰোগত আক্ৰান্ত ৷

ডায়েবেটিছৰ ফলত শৰীৰে পৰ্যাপ্ত ইনচুলিন প্ৰস্তুত কৰিব নোৱাৰে ৷ ইনচুলিন হৈছে এক হৰমন, যি শৰীৰক খাদ্যৰ পৰা প্ৰাপ্ত গ্লুুক’জ ব্যৱহাৰ কৰাত সহায় কৰে ৷ যেতিয়া শৰীৰে পৰ্যাপ্ত ইনচুলিন প্ৰস্তুত কৰিবলৈ সক্ষম নহয়, তেজত গ্লুুক’জ জমা হয়, যি ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে ৷

শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হোৱাৰ ফলত হৃদৰোগ, ষ্ট্ৰ’ক, দুৰ্বল দৃষ্টিশক্তি আৰু বৃক্কৰ ৰোগ হ'বলৈ আৰম্ভ কৰে ৷ ডায়েবেটিছ সম্পূৰ্ণৰূপে নিৰাময় কৰাৰ একো উপায় নাই, কিন্তু ইয়াৰ দ্বাৰা পীড়িত ৰোগীসকলে তেওঁলোকৰ খাদ্যৰ যত্ন লৈ ইয়াক নিয়ন্ত্ৰণত ৰাখিব পাৰে ৷ স্বাস্থ্যৰ বাবে উপকাৰী হ’লেও কিছুমান ফল ডায়েবেটিছ ৰ ৰোগীসকলে একেবাৰেই খাব নালাগে ৷ ডায়েবেটিছ ৰোগীৰ বাবে বিহসদৃশ এই ফলসমূহৰ বিষয়ে আজি জানো আহক-

  • আম

যদি আপুনি ডায়েবেটিছ ৰোগী, তেনেহ'লে আম নোখোৱাটো আপোনাৰ বাবে অতি উত্তম ৷ ইয়াৰ এটা উচ্চ গ্লাইচেমিক সূচক আছে ৷ সেয়েহে, আম খালে আপোনাৰ ৰক্ত শৰ্কৰা বৃদ্ধি হ'ব পাৰে ৷

  • কল

ডায়েবেটিছ ৰোগীসকলে কলৰ পৰাও দূৰতে থাকিব লাগে কিয়নো কলৰ গ্লাইচেমিক সূচক বহুত বেছি ৷ কল খোৱাৰ ফলত আপোনাৰ ডায়েবেটিছৰ স্তৰ বৃদ্ধি হ'ব পাৰে ৷

  • আঙুৰ

আঙুৰ খোৱাটোও ডায়েবেটিছ ৰোগীৰ বাবে একেবাৰে অপকাৰী ৷ আঙুৰত পোৱা ভিটামিন-চি আৰু কাৰ্বহাইড্ৰেটে আপোনাৰ ৰক্ত শৰ্কৰা দ্ৰুতগতিত বৃদ্ধি কৰিব পাৰে ৷ কিন্তু তথাপিও যদি আপুনি আঙুৰ খাবলৈ বিচাৰে, তেন্তে নিশ্চিতভাৱে চিকিৎসকৰ এবাৰ পৰামৰ্শ গ্ৰহণ কৰিব ৷

  • লিচু

লিচুত চেনীৰ পৰিমাণ যথেষ্ট বেছি থাকে ৷ সেয়েহে ডায়েবেটিছত ভুগি থকা ৰোগীসকলৰ বাবে লিচু অপকাৰী ৷

  • আনাৰস

আনাৰসত ফ্ৰুক্টোজ অতি উচ্চ পৰিমাণত থাকে ৷ ই ৰক্ত শৰ্কৰাৰ স্তৰ বৃদ্ধি কৰে, সেয়েহে ডায়েবেটিছ ত ভুগি থকা ৰোগীয়ে ইয়াক গ্ৰহণ কৰিব নালাগে ৷

  • তৰমুজ

সকলোৱে গ্ৰীষ্মকালত তৰমুজ খাবলৈ খুব ভাল পায় ৷ কিন্তু ডায়েবেটিছ ৰোগীৰ বাবে তৰমুজ খোৱাটো ভাল নহয় ৷ ইয়াত যথেষ্ট পৰিমাণে চেনী থাকে, সেয়েহে ইয়াক খোৱাৰ আগতে এবাৰ ভাবিব ৷

  • ক'লা জামু

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, ডায়েবেটিছ ৰোগীসকলে তেওঁলোকৰ আহাৰত ক'লা জামু অন্তৰ্ভুক্ত কৰিব নালাগে ৷ ক'লা জামু খালে ৰোগীৰ সমস্যা বৃদ্ধি হ'ব পাৰে ৷

লগতে পঢ়ক: Sneezing : সঘনাই অহা হাঁচিয়ে আপোনাক আমনি কৰিছে নেকি ? তেন্তে কামত আহিব এই উপায়

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.