মিজোৰাম,18 মে': সমগ্ৰ দেশৰ লগতে কালৰূপী কৰ'ণাৰ সংহাৰ অব্যাহত আছে মিজোৰামত । নিতৌ শতাধিক লোক আক্ৰান্ত হৈছে মহামাৰীত ৷ ৰাজ্যখনত বৰ্তমান আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে 8,829 গৰাকীলৈ । 16 মে'ত অৰ্থাৎ দেওবাৰৰ দিনটোত নতুনকৈ 150 গৰাকী লোক আক্ৰান্ত হৈছে ৰাজ্যখনত ৷
জ'ৰাম চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আৰটিপিচিআৰ গৱেষণাগাৰত কোনো ধৰনৰ পৰীক্ষা কৰা হোৱা নাই যদিও ৰাজ্যখনৰ বিভিন্ন ট্ৰু এনএটি গৱেষণাগাৰত 85 গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হয় আৰু ইয়াৰ ভিতৰত 8 গৰাকী লোক আক্ৰান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে । আৰএজিটিৰ দ্বাৰা কৰা পৰীক্ষাত 514 টা নমুনাৰ ভিতৰত 142 টা নমুনাত কৰ'ণা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ।
বিগত 16 মে'ৰ দিনটোত 599 টা নমুনা পৰীক্ষা কৰা হয় আৰু আক্ৰান্তৰ হাৰ হয় 25.04 শতাংশ । ইয়াৰোপৰি ৰাজ্যখনৰ বিভিন্ন ক'ভিড কেয়াৰ কেন্দ্ৰৰ পৰা 245 গৰাকীলোকে আৰোগ্য লাভ কৰি ঘৰলৈ উভতিছে । সম্প্ৰতি ৰাজ্যখনত ক'ভিডত আক্ৰান্ত হৈ আৰোগ্য লাভ কৰা লোকৰ হাৰ হৈছেগৈ 78.51 শতাংশ ।
উল্লেখ্য যে, ৰাজ্যখনত 16 মে'ৰ সন্ধিয়ালৈ 26 গৰাকীলোকৰৱ মৃত্যু হোৱাৰ লগতে 1,871 গৰাকী আক্ৰান্ত সক্ৰিয় হৈ আছে ৷
লগতে পঢ়ক: উত্তৰ প্ৰদেশ: বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন কিমান শুদ্ধ?