ETV Bharat / bharat

ভুৱা কল চেণ্টাৰৰ পৰা আটক ৯৪ গৰাকী কৰ্মচাৰী

দিল্লীৰ কীৰ্তি নগৰ আৰু মংগোলপুৰী অঞ্চলত থকা দুটা ভুৱা কল চেণ্টাৰত আৰক্ষীৰ অভিযান । কল চেণ্টাৰ দুটাত কৰ্মৰত ৯৪ গৰাকী কৰ্মচাৰীক আটক কৰে আৰক্ষীয়ে । সামাজিক সুৰক্ষা আঁচনি নৱীকৰণৰ নামত আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে দিল্লী আৰক্ষীয়ে কল চেণ্টাৰ দুটাত অভিযান চলায় ।

The Delhi Police Crime Branch has busted two fake call centres
দিল্লীত ভুৱা কল চেণ্টাৰত আৰক্ষীৰ অভিযান
author img

By

Published : Jul 7, 2021, 6:25 PM IST

নেশ্যনেল ডেস্ক, ৭ জুলাই : বিদেশৰ নাগৰিকক প্ৰতাৰণা কৰি দিল্লী আৰক্ষীৰ জালত পৰিল ৯৪ গৰাকী লোক । সামাজিক সুৰক্ষা আঁচনি নৱীকৰণৰ নামত অবৈধভাৱে ধন সংগ্ৰহৰ পৰিকল্পনা কৰিছিল দুটাকৈ ভুৱা কল চেণ্টাৰে । কীৰ্তি নগৰ আৰু মংগোলপুৰী অঞ্চলত থকা এই কল চেণ্টাৰ দুটাত অভিযান চলোৱাৰ পাছতহে সমগ্ৰ ঘটনা পোহৰলৈ আহে । আৰক্ষীয়ে জনোৱা মতে, গোপন সূত্ৰৰ পৰা লাভ কৰা তথ্য অনুসৰি, কীৰ্তি নগৰ অঞ্চলত থকা এটা কল চেণ্টাৰত আৰক্ষীয়ে অভিযান চলায় ।

গ্ল'বেল এয়াৰফেয়াৰ নামৰ এটা ট্ৰেভেল এজেন্সীৰ নাম লৈ Public Security নম্বৰৰ নৱীকৰণৰ অচিলাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকক প্ৰতাৰণা কৰিছিল । কীৰ্তি নগৰৰ কল চেণ্টাৰটোত চলোৱা অভিযানৰ সময়ত ২৮ জন লোকক আৰক্ষীয়ে আটক কৰে । কল চেণ্টাৰটোত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামাজিক সুৰক্ষা প্ৰশাসন বিভাগ বুলি কৈ কৰ্মচাৰীসকলে বিদেশী নাগৰিকৰ সৈতে যোগাযোগ কৰে । সামাজিক সুৰক্ষা নম্বৰ স্থগিত ৰখাৰ অজুহাতত আমেৰিকা যুক্তৰাষ্ট্ৰত থকা লোকসকলক প্ৰতাৰণা কৰিবলৈ অবৈধ কৌশল অৱলম্বন কৰিছিল ।

আন্তৰ্জাতিক দীৰ্ঘ দূৰত্বৰ (International Long Distance) গে'টৱে উপেক্ষা কৰি ভি অ' আই পি (VOIP) কল ব্যৱহাৰ কৰি আমেৰিকাৰ নাগৰিকক যোগাযোগ কৰিছিল । হঠাতে কল চেণ্টাৰটোত অভিযানকাৰী দলটোক দেখাৰ পিছত কৰ্মচাৰীসকলে বিচ্ছিন্ন কৰি পলায়ন কৰিবলৈ চেষ্টা কৰে । কিন্তু আৰক্ষীয়ে আটাইকে আটক কৰে ।

ধৃত ২৮ জন লোকৰ ভিতৰত আছিল ২৫ গৰাকী পুৰুষ আৰু ৩ গৰাকী মহিলা । উচ্চ মানৰ কাৰিকৰী ছফ্টৱেৰ ভিচি ডায়েল আৰু এক্সলাইট ব্যৱহাৰ কৰি আমেৰিকাৰ নাগৰিকক প্ৰতাৰণাৰ জাল পাতিছিল । আৰক্ষীয়ে কল চেণ্টাৰটোৰ স্বত্বাধিকাৰী অমিত ত্যাগীকো আটক কৰে ।

আৰক্ষীৰ জেৰাত অমিত ত্যাগীয়ে স্বীকাৰ কৰে যে, তেওঁ মংগোলপুৰী অঞ্চলতো একে ধৰণে কল চেণ্টাৰ স্থাপন কৰি বিদেশী নাগৰিকক প্ৰতাৰণ কৰি আহিছে । ইয়াৰ পিছতে আৰক্ষীয়ে মংগোলপুৰীস্থিত কল চেণ্টাৰতো অভিযান চলায় । কল চেণ্টাৰটোৰ পৰা প্ৰায় ৬৮ জন লোকক আটক কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে । সম্প্ৰতি এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে আৰু তদন্ত অব্যাহত আছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীক সাক্ষাৎ কেবিনেটৰ সম্ভাব্য মন্ত্ৰীসকলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.