ETV Bharat / bharat

অভিষেক বেনাৰ্জীৰ সমদলৰ অনুমতি প্ৰত্যাখ্যান প্ৰশাসনৰ

author img

By

Published : Sep 15, 2021, 12:06 PM IST

ত্ৰিপুৰাত বিশাল সমদল উলিয়াবলৈ সাজু তৃণমূল কংগ্ৰেছ । পশ্চিমবংগৰ প্ৰভাৱশালী তৃণমূল সাংসদ অভিষেক বেনাৰ্জীয়ে অংশ ল'ব এই সমদলত । পিছে সমদলৰ বাবে অনুমতি দিয়া নাই তৃণমূল কংগ্ৰেছক । কিহৰ বাবে তৃণমূলৰ দুবাৰকৈ অনুমতি প্ৰত্যাখ্যান কৰিছে প্ৰশাসনে ?

trinamool congress
পুনৰ অভিষেক বেনাৰ্জীৰ সমদলৰ অনুমতি প্ৰত্যাখ্যান প্ৰশাসনৰ

আগৰতলা, ১৫ ছেপ্টেম্বৰ : সম্প্ৰতি ত্ৰিপুৰাত ৰাজনৈতিক সংঘাতে বিশেষ তাৎপৰ্য বহন কৰিছে । ৰাজ্যখনত পুনৰ উত্থানৰ বাবে আগবঢ়া তৃণমূল কংগ্ৰেছ (Trinamool Congress) আৰু শাসকীয় বিজেপি দলৰ মাজত এতিয়া তীব্ৰ বিবাদ আৰম্ভ হৈছে । বিজেপিয়ে বাৰে বাৰে তৃণমূল কংগ্ৰেছক 'বহিৰাগত' বুলি সমালোচনা কৰা দেখা গৈছে । কেৱল এয়াই নহয় তৃণমূলৰ উত্থানক বাধা দিবলৈ শাসকীয় বিজেপিয়ে বিভিন্ন ধৰণে পদক্ষেপ লোৱাও দেখা গৈছে ।

লক্ষণীয়ভাৱে তৃণমূল কংগ্ৰেছে আয়োজন কৰিবলৈ বিচৰা সমদলক দুবাৰকৈ অনুমতি দিবলৈ অস্বীকাৰ কৰিছে প্ৰশাসনে । তৃণমূলৰ প্ৰথম শক্তি প্ৰদৰ্শন হিচাপে গণ্য কৰা এই সমদলক অনুমতি নিদিয়াত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উল্লেখ্য যে, ১৫ ছেপ্টেম্বৰত ৰাজধানী চহৰ আগৰতলাত এক সমদল আয়োজন কৰাৰ বাবে তৃণমূল কংগ্ৰেছে (টিএমচি) অনুমতি বিচাৰিছিল । কিন্তু সেই স্থানত আন এটা ৰাজনৈতিক দলে সমদল (rally) উলিয়াব বুলি কৈ প্ৰশাসনে তৃণমূলক সমদলৰ অনুমতি নিদিলে ।

ইফালে ১৬ ছেপ্টেম্বৰৰ বাবে পুনৰ টিএমচিয়ে অনুমতি বিচাৰিছিল ৷ কিন্তু এইবাৰো বিশ্বকৰ্মা পূজা উপলক্ষে আইন-শৃংখলাজনিত কাৰণৰ বাবে আৰক্ষীয়ে সমদলৰ অনুমতি নিদিলে ।

ইয়াৰ পাছত তৃণমূল কংগ্ৰেছে পুনৰ আগৰতলাত তৃতীয়বাৰৰ বাবে পদযাত্ৰাৰ আয়োজন কৰিবলৈ অনুমতি বিচাৰি এখন আবেদন দাখিল কৰে । এইবাৰ দলটোৱে কোৱা মতে তেওঁলোকে ২২ ছেপ্টেম্বৰত সমদলৰ আয়োজন কৰিব । দুবাৰকৈ অনুমতি অস্বীকাৰ কৰাত ক্ষুব্ধ হৈ এইবাৰ দলটোৱে এক ভাবুকিও দিছে । যদি পুনৰ অনুমতি অস্বীকাৰ কৰা হয় তেন্তে দলটোৱে আদালতৰ কাষ চাপিব ৷

সাংবাদিকৰ আগত টিএমচিৰ মুখপাত্ৰ কুণাল ঘোষে কয় যে তেওঁলোকে ২২ ছেপ্টেম্বৰত সমদল উলিয়াবলৈ সিদ্ধান্ত লৈছে । তেওঁলোকে তৃতীয়বাৰৰ বাবে আবেদন দাখিল কৰিছে । সকলো আইনী প্ৰক্ৰিয়া অনুসৰণ কৰি পত্ৰখন লিখিছে আৰু তেওঁলোকে আশা কৰা মতে সমদলটো আয়োজন কৰিবলৈ এইবাৰ অনুমতি দিয়া হ'ব । যদি এইবাৰো অনুমতি প্ৰত্যাখ্যান কৰে তেনেহ'লে আদালতলৈ যোৱাৰ হুংকাৰ দিয়ে মুখপাত্ৰগৰাকীয়ে ।

ইফালে তৃণমূলৰ বহু নেতা এই বিষয়কলৈ সৰৱ হৈ পৰিছে । ৰাজ্যসভাৰ বাবে তৃণমূল কংগ্ৰেছে মনোনীত কৰা সুস্মিতা দেৱে (Sushmita Dev) প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে তেওঁলোকে এইবাৰ চাব কোন ৰাজনৈতিক দলে সেই স্থানত সমদল উলিয়ায় । আনহাতে টিএমচিৰ প্ৰতি বিজেপিৰ প্ৰতিক্ৰিয়া একে আছে । বিজেপিয়ে স্পষ্ট কৰি দিছে যে ৰাজনৈতিক হস্তক্ষেপ অবিহনে আৰক্ষীয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লগতে পঢ়ক : প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰিব প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নতুন কাৰ্যালয়

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.