ETV Bharat / bharat

The 9/11 attack: ২১ বছৰ পূৰ্বৰ বিভীষিকাৰ কথা স্মৰণ ভাৰতীয়মূলৰ বিজ্ঞানীৰ - Shankar Chakravarty recalls September 11 attack

আমেৰিকাৰ 9/11 আক্ৰমণৰ কথা হয়টো কোনেও পাহৰিব নোৱাৰে (World Trade Center Attack)। সেই দিনটোৰ কথা স্মৰণ কৰি আজিও ভাবুক হৈ পৰে ভাৰতীয়মূলৰ এগৰাকী বিজ্ঞানী । সেই সময়ত মিয়ামিত কৰ্মৰত বিজ্ঞানী শংকৰ চক্ৰৱৰ্তীয়ে ইটিভি ভাৰতৰ সন্মুখত বৰ্ণনা কৰিলে ভয়াৱহ আক্ৰমণৰ কথা । সেই সময়ত তেওঁ কি পৰিস্থিতিৰ সন্মুখীন হৈছিল ?

attack
২১ বছৰ পূৰ্বৰ বিভীষিকাৰ কথা স্মৰণ ভাৰতীয়মূলৰ বিজ্ঞানীৰ
author img

By

Published : Sep 11, 2022, 5:32 PM IST

নেশ্যনেল ডেস্ক,১১ ছেপ্টেম্বৰ : আমেৰিকাৰ ফ্ল'ৰিডাৰ মিয়ামি চহৰত বাস কৰা ভাৰতীয়মূলৰ বিজ্ঞানী শংকৰ চক্ৰৱৰ্তীৰ বাবে ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ সেই দিনটো সদায়ে স্মৰণীয় হৈ ৰ'ব (Shankar Chakravarty recalls September 11 attack)। কিয়নো বাকী দিনবোৰৰ দৰেই তেওঁৰ সেই দিনটো আৰম্ভ হৈছিল । তেওঁ সেইদিনা কাৰ্যালয়লৈ অলপ সোনকালে গৈছিল । কাৰণ তেওঁ সেই সময়ত কাম কৰি থকা কোম্পানীটোৰ কৰ্মচাৰীসকলক ৰাতিপুৱাৰ আহাৰৰ বাবে আমন্ত্ৰণ জনোৱা হৈছিল ।

তেওঁলোকে ৰাতিপুৱাৰ আহাৰ খাই আছিল আৰু সৰু সৰু বিভিন্ন কথা-বতৰাত ব্যস্ত হৈ আছিল । হঠাৎ কোঠাটোৰ কোণত থকা টেলিভিছনত পোনপটীয়াকৈ দেখুওৱা দৃশ্যবোৰে চক্ৰৱৰ্তীৰ দৃষ্টি আকৰ্ষণ কৰিলে । সেইদিনা তেওঁ যি দেখিছিল সেয়া কেৱল সন্ত্ৰাসবাদৰ ওপৰত বিশ্বৰ ধাৰণাই সলনি হোৱাই নহয় প্ৰতিগৰাকী আমেৰিকাৰ নাগৰিকৰ মনত এক স্থায়ী স্মৃতি হিচাপে ৰৈ গৈছিল ।

নিউয়ৰ্কৰ লাইভ ফুটেজত চহৰখনৰ ওপৰেৰে কম উচ্চতাৰে এখন বিমানৰ উৰণৰ দৃশ্য দেখুওৱা হৈছিল । চক্ৰৱৰ্তীয়ে ইটিভি ভাৰতক কয়, "মই ভাবিছিলো তাত কিবা অসুবিধা । বিমানখন ইমান তলেৰে কিয় উৰি গৈছে ? এয়া কোনো বোলছবিৰ দৃশ্যগ্ৰহণৰ অংশ নেকি ?" কি ঘটিছে বুজি পোৱাৰ পূৰ্বেই বিমানখনে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ এটা টাৱাৰত খুন্দা মাৰিলে ।

টাৱাৰৰ পৰা ধোঁৱা ওলাবলৈ আৰম্ভ কৰাৰ লগে লগে চক্ৰৱৰ্তীকে ধৰি সকলোৱে কোঠাটোৰ ৰেডিঅ' ছেটৰ ওচৰলৈ দৌৰি গ'ল । তেওঁলোকে এই বাতৰিটোৰ পৰা জানিব পাৰিলে যে বিশ্বৰ আটাইতকৈ শক্তিশালী ৰাষ্ট্ৰ আমেৰিকা বিশ্বৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হৈছে (Militants attack on America)।

এই বাস্তৱ ঘটনাক তেওঁলোকে স্বীকাৰ কৰাৰ পূৰ্বে, আন এখন বিমানে ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ দ্বিতীয় টাৱাৰত খুন্দা মাৰিছিল । টাৱাৰ দুটা খহি পৰাৰ লগে লগে । এসময়ত আমেৰিকাৰ অৰ্থনৈতিক সমৃদ্ধিৰ এক গৌৰৱময় প্ৰতীক হৈ থকা সেই টাৱাৰ ধোঁৱা, ভগ্নাৱশেষ আৰু শ শ মৃতদেহেৰে ভৰি আছিল ।

সেইদিনা চক্ৰৱৰ্তী ঘৰলৈ সোনকালে উভতি আহিছিল । টিভি চেনেলবোৰে অবিৰতভাৱে ঘটনাৰ শেহতীয়া তথ্যবোৰ প্ৰকাশ কৰি আছিল । সেইবোৰ দেখি তেওঁৰ মনলৈ আহিছিল যে আক্ৰমণটো তেওঁ ভবাতকৈ বহুত ডাঙৰ আছিল । ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ উপৰিও আল-কায়দা সন্ত্ৰাসবাদীয়ে হাইজেক কৰা দুখন যাত্ৰীবাহী বিমানৰ এখনে পেন্টাগনৰ এটা অংশত আঘাত কৰিছিল আৰু আনখনে পেনচিলভেনিয়াৰ এখন পথাৰত দুৰ্ঘটনাগ্ৰস্ত হৈছিল (World Trade Center Attack)। এই আক্ৰমণটোত প্ৰায় ৩০০০ লোকে প্ৰাণ হেৰুৱাইছিল ।

চক্ৰৱৰ্তীয়ে কয়, "মই আচৰিত হৈছিলোঁ যে এনে ধৰণৰ দুৰ্যোগৰ পাছতো মিয়ামিৰ লোকসকল কেনেকৈ ইমান শান্ত হৈ আছিল।" সেই দিনটোৰ স্মৃতিয়ে তেওঁক কেইবছৰ মানৰ পাছত পুনৰ আতংকিত কৰি তুলিছিল যেতিয়া তেওঁ কোনো কামৰ বাবে নিউয়ৰ্কলৈ গৈছিল ।

যেতিয়া তেওঁ এসময়ত ৱৰ্ল্ড ট্ৰেড চেণ্টাৰৰ ওচৰেৰে গৈছিল, এক অস্থিৰতাৰ অনুভূতিয়ে তেওঁক আঁৱৰি ধৰিছিল আৰু তেওঁ ততালিকে সেই অঞ্চলৰ পৰা আঁতৰি গৈছিল । কিন্তু সেইটোৱে শেষ নাছিল, পাছত পুনৰ তেওঁ ভয়ংকৰ আক্ৰমণৰ স্মৃতি ৰোমন্থন কৰিবলগীয়া হৈছিল ।

চক্ৰৱৰ্তীয়ে জনোৱা মতে ২০১১-১২ চনত তেওঁ বাল্টিমোৰৰ পৰা আটলাণ্টালৈ বিমানেৰে উৰা মাৰিছিল । উৰণৰ সময়ত, তেওঁ এগৰাকী মহিলাৰ সৈতে কথা পাতিছিল । চক্ৰৱৰ্তীয়ে জানিব পাৰিছিল যে মহিলাগৰাকীৰ পৰিয়ালো সন্ত্ৰাসবাদী আক্ৰমণৰ ভুক্তভোগী আছিল । চক্ৰৱৰ্তীয়ে কয়, "তেওঁ মোক কৈছিল যে তেওঁৰ জ্যেষ্ঠ ভগ্নীয়ে সন্ত্ৰাসবাদী আক্ৰমণটোত স্বামীক হেৰুৱাইছিল । সেই সময়ত টাৱাৰটোত আছিল আৰু পাছত আঘাত প্ৰাপ্ত হৈছিল । সেই সময়ত স্বামীয়ে তেওঁৰ পত্নীক ফোনযোগে কৈছিল যে ভৱনটোত কোনো পোহৰ নাই আৰু তেওঁলোকে অন্ধকাৰত চিৰি ব্যৱহাৰ কৰি সেই ঠাই এৰি যাবলৈ চেষ্টা কৰি আছে ।"

ফোনযোগে তেওঁ শেষবাৰৰ বাবে পত্নীৰ সৈতে কথা পাতিছিল । তেওঁ কেতিয়াও আৰু ঘৰলৈ উভতি নাহিল । আনকি তেওঁৰ অৱশেষও পোৱা নগ'ল । তেওঁৰ পুত্ৰৰ বয়স তেতিয়া মাত্ৰ ১৪ বছৰ আছিল আৰু এতিয়া তেওঁ ৩৫ বছৰীয়া যুৱক । চক্ৰৱৰ্তীয়ে কয় যে সম্ভৱতঃ তেঁৱো ৯/১১ ৰ আক্ৰমণত প্ৰাণ হেৰুওৱা লোকসকলৰ স্মৰণত আয়োজিত অনুষ্ঠানত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক :ছুটি ছবিত ভগৱান জগন্নাথৰ প্ৰতি অসন্মানৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.