ETV Bharat / bharat

Thailand passes sex offenders bill: থাইলেণ্ডত যৌন অপৰাধীৰ ৰাসায়নিক কেষ্ট্ৰেচনৰ বিধেয়ক গৃহীত - Thailand Justice Minister Somsak Thepsuthin

থাইলেণ্ডে যৌন অপৰাধীসকলৰ বাবে স্বেচ্ছামূলক ৰাসায়নিক কেষ্ট্ৰেচনৰ অনুমতি দিয়া বিধেয়কখন গৃহীত কৰিছে (Thailand introducing chemical castration bill )। ইয়াৰ পিছত যৌন অপৰাধৰ মোকাবিলাৰ বাবে থাইলেণ্ডে ৰাসায়নিক কেষ্ট্ৰেচন প্ৰৱৰ্তন কৰাৰ পথত আগবাঢ়িছে । ৰাসায়নিক কেষ্ট্ৰেচন হৈছে যৌন অপৰাধীসকলৰ কাৰাগাৰৰ শাস্তি হ্ৰাস কৰাৰ বিনিময়ত প্ৰক্ৰিয়া বাছনি কৰাৰ অধিকাৰ ।

y
Thailand passes sex offenders bill : থাইলেণ্ডে যৌন অপৰাধীৰ ৰাসায়নিক কেষ্ট্ৰেচনৰ বিধেয়ক গৃহীত
author img

By

Published : Jul 13, 2022, 12:04 PM IST

ইন্টাৰনেচনেল ডেক্স,১৩ জুলাই: থাইলেণ্ডে যৌন অপৰাধীসকলৰ বাবে স্বেচ্ছামূলক ৰাসায়নিক কেষ্ট্ৰেচনৰ অনুমতি দিয়াৰ বিধেয়কখন গৃহীত কৰিছে (Thailand introducing chemical castration bill )। ইয়াৰ পিছত যৌন অপৰাধৰ মোকাবিলাৰ বাবে থাইলেণ্ডে ৰাসায়নিক কেষ্ট্ৰেচন প্ৰৱৰ্তন কৰাৰ পথত আগবাঢ়িছে । ৰাসায়নিক কেষ্ট্ৰেচন হৈছে যৌন অপৰাধীসকলৰ কাৰাগাৰৰ শাস্তি হ্ৰাস কৰাৰ বিনিময়ত প্ৰক্ৰিয়া বাছনি কৰাৰ অধিকাৰ ।

দেশখনৰ যৌন অপৰাধীসকলৰ স্বেচ্ছামূলক ৰাসায়নিক কেষ্ট্ৰেচনৰ অনুমতি প্ৰদানৰ বাবে থাইলেণ্ডে ৰাসায়নিক কেষ্ট্ৰেচন গৃহীত কৰিছে । উল্লেখ্য় যে মাৰ্চ মাহত নিম্ন সদনৰ দ্বাৰা গৃহীত বিধেয়কখন সোমবাৰে ১৪৫ গৰাকী চিনেটৰে অনুমোদন জনাইছে যদিও ইয়াক কাৰ্যকৰী কৰাৰ বাবে আন এটা গৃহ ভোটৰ প্ৰয়োজন হ'ব । ইয়াৰ পিছতহে ই আইনৰ মৰ্যাদা লাভ কৰিব ।

যৌন অপৰাধ প্ৰতিৰোধৰ বাবে চৰকাৰে এনে ব্য়ৱস্থা গ্ৰহণ কৰিছে । কাৰণ দিনক দিনে দেশখনত যৌন অপৰাধীৰ সংখ্য়া বৃদ্ধি পাবলৈ ধৰিছে । এনে অপৰাধীয়ে যাতে পুনৰ অপৰাধ সংঘটিত নকৰে সেইবাবে কেৱল মনোৰোগ বিশেষজ্ঞ আৰু এজন আভ্যন্তৰীণ ঔষধ বিশেষজ্ঞৰ অনুমোদনতহে তেওঁলোকক সুযোগ দিয়াৰ ব্য়ৱস্থা কৰা হৈছে বুলি থাই পিবিএছ ৱৰ্ল্ডে সদৰি কৰিছে । আনহাতে, কিছুমান যৌন অপৰাধীক তেওঁলোকৰ টেষ্টোষ্টেৰনৰ স্তৰ হ্ৰাস কৰা বেজী লাভ কৰাৰো বিকল্প দিয়া হ'ব পাৰে । অপৰাধীসকলে তেওঁলোকৰ শাস্তি ভোগ কৰাৰ পিছত বা পুনঃসংস্থাপনত থকা লোকসকলৰ ক্ষেত্ৰতো এই ব্যৱস্থা প্ৰয়োগ কৰিব পাৰিব ।

আনহাতে, অপৰাধীসকলক 10 বছৰৰ বাবে নিৰীক্ষণ কৰা হ'ব আৰু বিধেয়ক অনুসৰি তেওঁলোকে ইলেক্ট্ৰনিক নিৰীক্ষণ ব্ৰেচলেট পিন্ধিব লাগিব । যদি থাইলেণ্ড চৰকাৰে বিধেয়কখন গৃহীত কৰে তেতিয়াহ'লে ৰাসায়নিক কেষ্ট্ৰেচন ব্যৱহাৰ কৰা দেশবোৰৰ এটা সৰু গোটত অন্তৰ্ভুক্ত হ'ব । ইতিমধ্য়ে ৰাসায়নিক কেষ্ট্ৰেচন ব্যৱহাৰ কৰা দেশকেইখন হৈছে পোলেণ্ড, দক্ষিণ কোৰিয়া, ৰাছিয়া আৰু এষ্টোনিয়াৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ (Poland, South Korea, Russia have chemical castration )। ইপিনে, এই প্ৰসংগত থাইলেণ্ডেৰ আইনমন্ত্ৰী সোমচাক থেপচুথিনে মঙলবাৰে কয় যে আইনখন যিমান সোনকালে সম্ভৱ গৃহীত হওক (Thailand Justice Minister Somsak Thepsuthin)। তেওঁ কয়, 'মই মহিলাসকলৰ সৈতে পুনৰ বেয়া ঘটনা ঘটি থকাৰ বাতৰি প্ৰত্য়ক্ষ কৰিব নিবিচাৰো ।'

লগতে পঢ়ক:Heroine seized in Gujarat: মুন্দ্ৰা বন্দৰত প্ৰায় 350 কোটি টকাৰ হেৰ’ইন জব্দ

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.