নিউজ ডেস্ক,28 ফেব্ৰুৱাৰী: শেহতীয়াকৈ তেলেংগানাত 178 টা নতুন ক’ভিড-19 ৰ ঘটনা পোহৰলৈ আহিছে ৷ হায়দৰাবাদ পৌৰসভাত 30 জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে মেড়ছল মালকাজগিৰীত 20 জন, ৰাংগাৰেড্ডীত 15 জন আৰু কৰিম নগৰত 10 জন লোক আক্ৰান্ত হৈছে ৷ শনিবাৰে এখন চৰকাৰী বুলেটিনত প্ৰকাশ পায় এই তথ্য ৷
ইয়াৰ পিছতেই ৰাজ্যখনত ক’ভিড-19 ৰ সংখ্যা হয়গৈ 2.98 লাখ ৷ ইয়াৰে 148 গৰাকী লোকে আৰোগ্য লাভ কৰিছে ৷ ৰাজ্যখনত 1,939 জন সক্ৰিয় ৰোগী থকাৰ বিপৰীতে শুকুৰবাৰে মুঠ 40,821 টা নমুনা পৰীক্ষা কৰা হয় ৷
সংগাৰেড্ডী জিলাৰ ঝৰসংগম কস্তুৰবা গান্ধী ছোৱালী বিদ্যালয়ৰ 12 গৰাকীকৈ ছাত্ৰীৰ দেহত ক’ভিড 19 ৰ উপস্থিতি ধৰা পৰা বুলি জনায় মণ্ডল চিকিৎসা বিষয়াই ৷
আনহাতে, মুখ্য সচিব সোমেশ কুমাৰে কয় যে, তেলেংগানাত বৰ্তমানে কৰ’ণাৰ পৰিস্থিতি নিয়ন্ত্ৰণত আছে ৷ পজিটিভ ৰোগীৰ ৰেট সম্প্ৰতি 0.43 শতাংশ ৷ প্ৰতিদিনে 200 তকৈ কম ক’ভিড-19 ৰ তথ্য পোহৰলৈ অহাৰ কথাও ব্যক্ত কৰে মুখ্য সচিব গৰাকীয়ে ৷
উল্লেখ্য যে, শনিবাৰে ইউনিয়ন কেবিনেটৰ সম্পাদক ৰাজীৱ গৌড়াই এক ভিডিঅ’ কনফাৰেঞ্চযোগে মুখ্য সচিবৰ পৰা ৰাজ্যখনৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভত আলোচনাৰ কৰাৰ লগতে 1 মাৰ্চৰ পৰা দেশজুৰি আৰম্ভ হ’বলগীয়া ক’ভিড 19 প্ৰতিষেধক প্ৰদান কাৰ্যসূচী সন্দৰ্ভতো আলোচনা কৰে ৷