ETV Bharat / bharat

তেলেংগানাৰ ৰেভ পাৰ্টিত আৰক্ষীৰ অভিযান - Rave party at farmhouse

বেআইনীভাৱে তেলেংগানাৰ ফাৰ্ম হাউছত চলি থকা ৰেভ পাৰ্টিত আৰক্ষীৰ অভিযান । আৰক্ষীয়ে অভিযান চলাই প্ৰায় ৯০ গৰাকী শিক্ষাৰ্থী, কৰ্মচাৰী আৰু উদ্যোক্তাক আটক কৰে । অভিযানত সুৰাৰ বটল, গাঞ্জা আদিও জব্দ কৰে আৰক্ষীয়ে ।

তেলেঙ্গানাৰ ৰেভ পাৰ্টিত আৰক্ষীৰ অভিযান
তেলেঙ্গানাৰ ৰেভ পাৰ্টিত আৰক্ষীৰ অভিযান
author img

By

Published : Mar 12, 2021, 8:01 PM IST

নেশ্যনেল ডেস্ক,১২ মাৰ্চ: হায়দৰাবাদৰ সমীপৰ নাৰায়ণপুৰ গাঁৱৰ এটা ফাৰ্ম হাউছত তেলেংগানা আৰক্ষীৰ অভিযান । বৃহস্পতিবাৰে নিশা ফাৰ্ম হাউছত চলি থকা এক ৰেভ পাৰ্টিৰ সময়তে আৰক্ষীয়ে অভিযান চলায় । অভিযানৰ সময়ত পাৰ্টিত উপস্থিত থকা মহিলা, ছফটৱেৰ কৰ্মচাৰী, শিক্ষাৰ্থী আৰু উদ্যোক্তাৰ ভিতৰত ৯০ গৰাকী লোকক আটক কৰে আৰক্ষীয়ে । গোপন সূত্ৰৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে গান্ধীনগৰ তাণ্ডাত থকা ফাৰ্মহাউছৰ পৰা গিৰিশ ধদুৱাই, জাক্কিদি শ্ৰীকাৰ ৰেড্ডী, চলেটি শ্বৰথ চন্দ্ৰ আৰু শ্বাইক উমাৰ ফাৰুক নামৰ লোককেইজনক আটক কৰে ।

আৰক্ষীয়ে জনোৱা মতে সহজ ধন উপাৰ্জনৰ উদ্দেশ্যে ফাৰ্মহাউছৰ মালিক শ্ৰীকাৰ ৰেড্ডীৰ পিতৃ আৰু আন এগৰাকী অভিযুক্ত জাক্কিদি ধনৱন্ত ৰেড্ডীৰ ওচৰলৈ গৈছিল । ফাৰ্মহাউছটো যিহেতু ভিতৰুৱা অঞ্চলত সেয়ে ৰেভ পাৰ্টিৰ বাবে ফাৰ্মহাউছটো সুৰক্ষিত হ'ব বুলি ভাবিছিল তেওঁলোকে ।

অভিযানৰ সময়ত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ৪০০ গ্ৰাম গাঞ্জা, সুৰাৰ বটল, লেপটপ, কেমেৰা, ম'বাইল ফোন, গাড়ী, বাইক, এটা জেনেৰেটৰ মাউন্ট বাহন, ডিজে মিউজিক চিষ্টেম আৰু অন্যান্য সামগ্ৰী জব্দ কৰে ।

আয়োজকসকলৰ বিৰুদ্ধে ৮ (চি), ২০ (বি), ২৫, ২৭ (এ), এনডিপিএছ আইনৰ ২৯ আৰু তেলেংগানা আবকাৰী আইন আৰু অন্যান্য আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে । পাৰ্টিত অংশগ্ৰহণকাৰীসকলৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ অধীনৰ ১৮৮ আৰু ২৯৪ ধাৰাত অভিযুক্ত কৰা হৈছে আৰু আদালতত হাজিৰ কৰোৱা হৈছে ।

লগতে পঢ়ক:কংগ্ৰেছক তীব্ৰ সমালোচনা বিজেপি নেতা কৈলাশ বিজয়বৰ্গীয়াৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.