ETV Bharat / bharat

অবৈধ সম্পত্তিৰ গোচৰত তেলেংগানাত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

নিজৰ আয়তকৈ অধিক গুণে সম্পত্তি থকাৰ বাবে তেলেংগানাৰ কামাৰেড্ডী জিলাৰ টায়া লক্ষ্মী নাৰায়ণা নামৰ আৰক্ষী বিষয়া এগৰাকীক গ্ৰেপ্তাৰ কৰা হয় ৷ সম্প্ৰতি সমগ্ৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷

author img

By

Published : Dec 7, 2020, 12:16 PM IST

অবৈধ সম্পত্তিৰ গোচৰত তেলেংগানাত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া
অবৈধ সম্পত্তিৰ গোচৰত তেলেংগানাত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

নেশ্যনেল ডেস্ক, 7 ডিচেম্বৰ: দেওবাৰে তেলেংগানাৰ কামাৰেড্ডী জিলাৰ এগৰাকী আৰক্ষী বিষয়াক অবৈধ সম্পত্তিৰ গোচৰত গ্ৰেপ্তাৰ কৰা হয় ৷ নিজৰ আয়তকৈ অধিক গুণে সম্পত্তি থকাৰ বাবে টায়া লক্ষ্মী নাৰায়ণা নামৰ আৰক্ষী বিষয়াগৰাকীৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰা হয় ৷ এক বিভাগীয় বিজ্ঞপ্তিত প্ৰকাশ পাইছে এই তথ্য ৷

হায়দৰাবাদ, নালগোণ্ডা, কামাৰেড্ডী জিলাৰ ভিন্ন স্থানত তালাচী চলোৱাৰ পাচতে পোহৰলৈ আহে এই তথ্য ৷ হায়দৰাবাদ, ৰাংগা ৰেড্ডী, কামাৰেড্ডী, নালগোণ্ডা আৰু নিজামাবাদ জিলাত তেওঁৰ নগদ ধন, সোণ, মুকলি ভূমি, কৃষি ভূমি, বাসগৃহকে ধৰি প্ৰায় 2,11,84,109 টকাৰ সম্পত্তি আছে ৷ সম্প্ৰতি এই সন্দৰ্ভত অব্যাহত আছে তদন্ত ৷

লগতে পঢ়ক: পুনৰ ভাৰত ভূমিত ৰঙা চীনৰ আগ্ৰাসন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.