ETV Bharat / bharat

জীৱন্তে জ্বলাই দিয়া হ’ল বিজেপিৰ প্ৰাক্তন জিলা উপ-সভাপতিক

কিমান সুৰক্ষিত দেশৰ জনতা ! সকলোৰে মনত এতিয়া উদয় হৈছে এই প্ৰশ্ন ! তেলেংগানাত বিজেপি দলৰ এগৰাকী জ্যেষ্ঠ নেতাৰ নৃসংশ হত্যাকাণ্ডই সকলোৰে মনত পুনৰবাৰ উত্থাপন কৰিছে এই প্ৰশ্ন ৷

author img

By

Published : Aug 11, 2021, 5:40 PM IST

Telangana: Former BJP leader found dead in his burnt car's trunk
জীৱন্তে জ্বলাই দিয়া হ’ল বিজেপিৰ প্ৰাক্তন জিলা উপ-সভাপতিক

নেশ্যনেল ডেস্ক, 11 আগষ্ট : তেলেংগানাত বিজেপিৰ প্ৰাক্তন জিলা উপ-সভাপতি তথা ব্যৱসায়ী ভি. শ্ৰীনিবাসৰ মৃতদেহ তেওঁৰেই জ্বলন্ত গাড়ীৰ ট্ৰাংকত উদ্ধাৰৰ ঘটনাই সৃষ্টি কৰিছে চাঞ্চল্য ৷ মঙলবাৰে পুৱতি নিশা কোনো অচিনাক্ত দুৰ্বত্তই শ্ৰীনিবাসক তেওঁৰেই গাড়ীৰ সৈতে জ্বলাই দিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

"আৰক্ষীয়ে অগ্নিকাণ্ডৰ তথ্য লাভ কৰাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হয় আৰু গাড়ীৰ ভিতৰৰ ট্ৰাংকত মৃতদেহটো প্ৰত্যক্ষ কৰে ৷ আৰক্ষীয়ে প্ৰাক্তন জিলা উপ-সভাপতি গৰাকীৰ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে স্থানীয় চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । সম্প্ৰতি আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ৩০২ ধাৰাত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে ৷" এইবুলি জনায় মেদকৰ আৰক্ষী অধীক্ষক চন্দনা দিপ্তীয়ে ৷

আৰক্ষী অধীক্ষক চন্দনা দীপ্তিয়ে অভিযুক্তৰ সন্ধানত আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তোলা বুলি জানিবলৈ দিছে সংবাদ মাধ্যমক ৷ আনহাতে, বিজেপিৰ এগৰাকী জিলা পৰ্যায়ৰ জ্যেষ্ঠ নেতাৰ হত্যাকাণ্ড এক ৰাজনৈতিক হত্যাকাণ্ড বুলিয়েই সৰ্বত্ৰে চৰ্চিচ হৈছে ৷

লগতে পঢ়ক : বিনেশ ফোগাটক নিলম্বন ৰেছলিং ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.