ETV Bharat / bharat

বিজেপিয়ে সমগ্ৰ দেশক অপহৰণ কৰিব বিচাৰিছে: তেজস্বী যাদৱ - তেজস্বী যাদৱ

আৰজেডি নেতা তেজস্বী যাদৱে শুকুৰবাৰে মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকটৰ (Maharastra political crisis) বাবে সমগ্ৰ দেশখন অপহৰণ কৰিব বিচৰাৰ দৰে বিজেপিয়ে (BJP) দেখুওৱা স্বৈৰাচাৰী উচ্চাকাংক্ষাক দোষাৰোপ কৰিছে ।

a
Tejswi
author img

By

Published : Jun 24, 2022, 8:15 PM IST

নিউজ ডেস্ক, ২৪ জুন : দেশজুৰি চৰ্চা অব্যাহত আছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটক লৈ । দেশৰ ৰাজনীতিত মহাৰাষ্ট্ৰৰ শেহতীয়া ঘটনাৱলীয়ে বাৰুকৈয়ে প্ৰভাৱ পেলাইছে । যাৰ বাবে বিভিন্ন দল তথা ব্য়ক্তিয়ে এই ক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ আৰম্ভ কৰিছে । এইবাৰ মহাৰাষ্ট্ৰৰ সাম্প্ৰতিক ৰাজনৈতিক সংকটক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আৰজেডি নেতা তেজস্বী যাদৱে (RJD leader Tejashwi Yadav) ।

আৰজেডি নেতা তেজস্বী যাদৱে শুকুৰবাৰে মহাৰাষ্ট্ৰত চলি থকা ৰাজনৈতিক সংকটৰ (Maharastra political crisis) বাবে সমগ্ৰ দেশখন অপহৰণ কৰিব বিচৰাৰ দৰে বিজেপিয়ে (BJP) দেখুওৱা স্বৈৰাচাৰী উচ্চাকাংক্ষাক দোষাৰোপ কৰিছে । যাদৱে পশ্চিমীয়া ৰাজ্যখনত সংঘটিত ঘটনা সন্দৰ্ভত মন্তব্য দিবলৈ কোৱাত তেওঁ কয়, শিৱসেনাত (Shiv Sena) বিদ্ৰোহে কংগ্ৰেছ আৰু এনচিপিৰ সহায়ত গঠিত চৰকাৰখন পতনৰ ভাবুকি আহিছে ।

"এইটো সকলোৱে জানে যে বিজেপিয়ে ইয়াৰ কাৰ্যৰ বিৰোধিতা কৰা কোনো চৰকাৰক শান্তিৰে কাম কৰিবলৈ নিদিয়ে ।" বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰীগৰাকীয়ে কয় । লগতে তেওঁ অভিযোগ কৰে যে বিজেপিয়ে যিকোনো প্ৰকাৰে অন্য চৰকাৰক উৎখাত কৰিবলৈ চেষ্টা কৰে । বিজেপিয়ে প্ৰতিখন ৰাজ্য অপহৰণ কৰিব বিচাৰে য'ত ই শাসনত নাই । এয়া একনায়কত্ববাদৰ মনোভাব বুলি অভিযোগ কৰা যাদৱে । উল্লেখ্য, ২০১৭ চনত মুখ্যমন্ত্ৰী নীতিশ কুমাৰে (Chief Minister Nitish Kumar) আৰজেডি (RJD)ৰ সৈতে সম্পৰ্ক ছিন্ন কৰি আৰু এন ডি এৰ (NDA) সৈতে মিত্ৰতা কৰিছিল ।

বৰ্তমান এতিয়া বিৰোধী দলৰ নেতা তেজস্বী যাদৱে অৱশ্যে তেওঁ বিহাৰত কোনো ৰাজনৈতিক অস্থিৰতাৰ পূৰ্বানুমান কৰিছে নেকি বুলি সোধা প্ৰশ্ন সন্দৰ্ভত মন্তব্য কৰিবলৈ অস্বীকাৰ কৰে । উল্লেখ্য, শেহতীয়াভাৱে বিহাৰত গেৰুৱা দল আৰু নীতিশ কুমাৰৰ জেডি(ইউ) জোঁটৰ চৰকাৰৰ সময়তে 'অগ্নিপথ' (Agnipath) আঁচনিৰ প্ৰতিবাদত সমগ্ৰ বিহাৰত হিংসাত্মক প্ৰতিবাদৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক :Maharashtra political updates : হোটেল ৰেডিশ্বন ব্লুত মোতায়েন কৰা হ’ল কামাণ্ডো বাহিনী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.