নেশ্যনেল ডেস্ক,১৫ মাৰ্চ: দেওবাৰে নিশা তামিলনাডুৰ কাঞ্চীপুৰমত এজন অচিনাক্ত লোকে মাক্কাল নিধি মৈয়ামৰ অধ্যক্ষ কামাল হাছানৰ বাহনত আক্ৰমণ কৰে । এই আক্ৰমণত নেতাগৰাকী আহত হোৱা নাই বুলি জানিব পৰা গৈছে । চেন্নাইত নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ লৈ দেওবাৰে নিশা উভতি আহি থকাৰ সময়তে অচিনাক্ত লোকজনে তেওঁৰ বাহনত আক্ৰমণ কৰে । এই ঘটনাৰ পিছতে অভিযুক্তক মাক্কাল নিধি মৈয়ামৰ কৰ্মকৰ্তাই উত্তম-মধ্যম সোধায় আৰু পিছত আৰক্ষীক গতাই দিয়ে ।
এম এন এম নেতা এ জি মৌৰ্যই প্ৰকাশ কৰিছে যে, কামাল হাছান আহত হোৱা নাই, কিন্তু তেওঁৰ বাহনখনৰ ক্ষতিসাধন হৈছে । সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে ঘটনা সংঘটিত কৰা লোকজন । উল্লেখ্য যে, তামিলনাডু নিৰ্বাচনত এম এন এমে ২৩৪ খন বিধানসভা আসনৰ ভিতৰত ১৫৪ খন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিব । বাকী ৮০ খন আসনৰ ভিতৰত এম এন এমৰ মিত্ৰজোঁটৰ দুই অংশীদাৰ আৰ ছাৰথকুমাৰৰ নেতৃত্বাধীন অল ইণ্ডিয়া ছমথুৱা মাক্কাল কাটচি আৰু টি আৰ পাৰিৱেন্ধৰৰ ইন্ধিয়া জননায়াগা কাটচিয়ে ৪০ খনকৈ আসনত প্ৰতিদ্বন্দ্বিতা কৰিব ।
তামিলনাডু বিধানসভা নিৰ্বাচন ৬ এপ্ৰিলত এটা পৰ্যায়ত অনুষ্ঠিত হ'ব আৰু ভোটগণনা ২ মে'ত সম্পন্ন হ'ব । তামিলনাডুৰ ১৫ সংখ্যক বিধানসভাৰ কাৰ্যকাল ২ মে' সমাপ্ত হ'ব ৷ আনহাতে, নিৰ্বাচনৰ পূৰ্বে হোৱা মিত্ৰতাৰ চুক্তি অনুসৰি শাসকীয় এআইএডিএমকে দলে ভাৰতীয় জনতা পাৰ্টী আৰু পাট্টালী মক্কাল কাটচিৰ সৈতে একেলগে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব ৷
পিএমকে আৰু বিজেপিয়ে ২৩৪ জনীয়া তামিলনাডু বিধানসভাত ক্ৰমান্বয়ে ২৩ আৰু ২০টা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব । এতিয়ালৈকে, মিত্ৰজোঁটত ১৪ খন আসনৰ ভাগ-বাটোৱাৰা কৰিবলৈ বাকী আছে । ডিএমকে-এ মুঠ ২৩৪ খন আসনৰ ভিতৰত ১৭৩ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিব আৰু মিত্ৰজোঁটৰ অংশীদাৰে মুঠ ৬১ খন আসনৰ বাবে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ'ব ।
এম কে ষ্টেলিনৰ নেতৃত্বাধীন দলটোৱে কংগ্ৰেছ, চিপিআই, চিপিআই (এম), বিদুথালাই চিৰুথাইগাল কাটচি আৰু ভাইক'ৰ মাৰুমালৰচী দ্ৰাবিড় মুনেত্ৰা কাঝাগামৰ বাবে ২৫ খন আসন এৰি দিছে । উল্লেখ্য যে, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত এআইএডিএমকে-এ ১৩৪ খন আসন, ডিএমকে-এ ৮০ খন আৰু কংগ্ৰেছে মাত্ৰ ৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল ।