ETV Bharat / bharat

তালিবানী বিজেপি...গেৰুৱা দলটোক প্ৰত্যক্ষ আক্ৰমণ মমতা বেনাৰ্জীৰ

author img

By

Published : Sep 26, 2021, 2:13 PM IST

ভাৰতীয় জনতা পাৰ্টী(Bharatiya Janata Party)ক তালিবান(Taliban)ৰ সৈতে তুলনা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(West Bengal CM Mamata Banerjee)ৰ ৷ তালিবানী বিজেপিয়ে ভাৰতত শাসন কৰিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ ৷ বিজেপিক পৰাভূত কৰিবলৈ তৃণমূল অকলেই যথেষ্ট বুলিও বেনাৰ্জীয়ে মন্তব্য কৰিছে ৷

Mamata Banerjee
মমতা বেনাৰ্জী

নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ : কেন্দ্ৰৰ বিৰুদ্ধে তীব্ৰ সমালোচনামূলক স্থিতি গ্ৰহণ কৰি শনিবাৰে পশ্চিমবংগ(West Bengal)ৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে(Mamata Banerjee) শাসনাধীষ্ঠ ভাৰতীয় জনতা পাৰ্টী(Bharatiya Janata Party)ক তালিবান(Taliban)ৰ সৈতে তুলনা কৰে ৷ বিজেপিক পৰাস্ত কৰিবলৈ তেওঁৰ দল অকলে যথেষ্ট বুলি মন্তব্য কৰি বেনাৰ্জীয়ে কয়, "আমি আমাৰ স্বাধীনতা সুৰক্ষিত কৰিব লাগিব ৷

তালিবানী বিজেপিয়ে ভাৰত শাসন কৰিব নোৱাৰে ৷ বিজেপিক পৰাভূত কৰিবলৈ তৃণমূল অকলেই যথেষ্ট ৷ ভৱানীপুৰৰ পৰা খেলা আৰম্ভ হ'ব আৰু সমগ্ৰ দেশ জয় কৰাৰ পাচত শেষ হ'ব" ৷ Shakespeare Sarani ত এখন সভাত অংশ লৈ বেনাৰ্জীয়ে এই মন্তব্য কৰে ৷

উল্লেখ্য যে, ভৱানীপুৰৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিবলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ পথ প্ৰশস্ত কৰি দি পশ্চিমবংগৰ কৃষি মন্ত্ৰী শুভনদেৱ চট্টোপাধ্যায়ে(West Bengal Agriculture Minister Sobhandeb Chattopadhyay) মে' মাহত ভৱানীপুৰৰ আসনখন(Bhabanipur assembly seat) খালী কৰি দিছিল ৷

ভাৰতৰ নিৰ্বাচন আয়োগে(Election Commission of India) 10 ছেপ্টেম্বৰত পশ্চিমবংগত অনুষ্ঠিত হ'বলগীয়া উপ-নিৰ্বাচনৰ দিন ঘোষণা কৰে ৷ সেই অনুসৰি, 30 ছেপ্টেম্বৰত পশ্চিমবংগৰ ভৱানীপুৰ বিধানসভা সমষ্টি(Bhabanipur Assembly Constituency)ৰ উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব ৷

এখন শান্তি সভা(peace meeting)ত অংশ লোৱাৰ বাবে কেন্দ্ৰই তেওঁক ফ্ৰান্স ভ্ৰমণৰ অনুমতি নিদিয়া বুলিও মমতাই অভিযোগ উত্থাপন কৰে ৷ এগৰাকী মুখ্যমন্ত্ৰীৰ ওপৰত কেন্দ্ৰৰ এনে আচৰণ সঠিক নহয় বুলি অভিযোগ কৰি মমতাই কয়, "ৰোমত বিশ্ব শান্তিৰ ওপৰত এখন সভা হৈছিল, য'ত মোক আমন্ত্ৰণ জনোৱা হৈছিল ৷ German Chancellor ও উপস্থিত থকাৰ কথা আছিল ৷ সভাখনত উপস্থিত থাকিবলৈ ইটালীয়ে মোক বিশেষ অনুমতি দিছিল ৷ তথাপিও কেন্দ্ৰই অনুমতি দিবলৈ অস্বীকাৰ কৰিছিল ৷ এয়া এগৰাকী মুখ্যমন্ত্ৰীৰ বাবে সঠিক নহয়" ৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মমতাৰ বিদেশ ভ্ৰমণক লৈ ঈৰ্ষা কৰে বুলি মন্তব্য কৰি মমতাই লগতে কয় যে, তেওঁ বিদেশ ভ্ৰমণৰ বাবে আগ্ৰহী নহয় ৷ কিন্তু এয়া ৰাষ্ট্ৰৰ সন্মানৰ কথা আছিল ৷ মমতাই কয়, " আপুনি (প্ৰধানমন্ত্ৰী মোডী) হিন্দুসকলৰ বিষয়ে কথা কৈ থাকে ৷ ময়ো এগৰাকী হিন্দু মহিলা ৷ আপুনি মোক কিয় অনুমতি নিদিলে ৷ আপুনি সম্পূৰ্ণৰূপে ঈৰ্ষান্বিত" ৷

লগতে পঢ়ক : পশ্চিমবংগত বিজেপিৰ ভোট বেংক নিয়ন্ত্ৰণ কোনেও কৰিব নোৱাৰে : সুভেন্দু অধিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.